মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Fact Check: Covid-19 ভাইৰাছ নে বেক্টেৰিয়া ? Aspirin টেবলেটে Corona সংক্ৰমণ নিৰাময় কৰিব পাৰে নেকি ?

Fact Check: Covid-19 ভাইৰাছ নে বেক্টেৰিয়া ? Aspirin টেবলেটে Corona সংক্ৰমণ নিৰাময় কৰিব পাৰে নেকি ?

Kokil Sarma | News18-Assam
Updated:September 8, 2021, 12:33 PM IST
Fact Check: Covid-19 ভাইৰাছ নে বেক্টেৰিয়া ? Aspirin টেবলেটে Corona সংক্ৰমণ নিৰাময় কৰিব পাৰে নেকি ?
ভাইৰেল ভুৱা বাৰ্তাত কোভিড-19 ক ভাইৰাছৰ (Corona Virus) পৰিৱৰ্তে বেক্টেৰিয়া হিচাপে বৰ্ণনা কৰা হৈছে। প্ৰেছ ইনফৰ্মেচন ব্যুৰো (PIB)য়ে ইয়াৰ তথ্য পৰীক্ষাত মানুহক এনে কোনো হোৱাটছএপ ফৰৱাৰ্ড বাৰ্তা বিশ্বাস নকৰিবলৈ কৈছে।

  • News18 Assam
  • Last Updated: September 8, 2021, 12:33 PM IST
  • Share this:
কেন্দ্ৰীয় চৰকাৰে হোৱাটছএপ আৰু অন্যান্য সামাজিক মাধ্যমৰ মঞ্চত ভাইৰেল হোৱা বাৰ্তাৰ বিষয়ে মানুহক সতৰ্ক কৰি দিছে। ভাইৰেল ভুৱা বাৰ্তাটোত কোভিড-19 ক ভাইৰাছৰ (Corona Virus) পৰিৱৰ্তে বেক্টেৰিয়া হিচাপে বৰ্ণনা কৰা হৈছে। প্ৰেছ ইনফৰ্মেচন ব্যুৰো (PIB)য়ে ইয়াৰ তথ্য পৰীক্ষাত মানুহক এনে কোনো হোৱাটছএপ ফৰৱাৰ্ড বাৰ্তা বিশ্বাস নকৰিবলৈ কৈছে।

ভুৱা বাৰ্তাটোত দাবী কৰা হৈছে যে ছিংগাপুৰে কোভিড-19 সংক্ৰমণত (Covid-19 Infection) ভুগি থকা এজন ব্যক্তিৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল, যিয়ে দেখিছিল যে ভাইৰাছটো প্ৰকৃততে এটা বেক্টেৰিয়া আছিল আৰু ইয়াক anticoagulantsৰ দৰে এস্পিৰিনৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ চিকিৎসাত এচপিৰিন (Aspirin)ৰ ভূমিকাৰ ওপৰত এটা অধ্যয়ন চলি আছে।

এক টুইটযোগে পিআইবি ফেক্ট চেক দলে কয়, "এটা হোৱাটছএপ ফৰৱাৰ্ড মেচেজে দাবী কৰিছে যে কোভিড-১৯ ভাইৰাছ নহয়, কিন্তু এটা বেক্টেৰিয়া আৰু এচপিৰিনৰ দৰে ঔষধৰ দ্বাৰাও চিকিৎসা কৰিব পাৰি। বাৰ্তাটা নকল আৰু কোভিড-১৯ এটা ভাইৰাছ যাক এচপিৰিনৰ দৰে ঔষধৰ দ্বাৰা চিকিৎসা কৰিব নোৱাৰি।
Published by: Kokil Sarma
First published: September 8, 2021, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি