Parenting Tips : বিশ্বাস কৰা হয় যে, শিশুৰ চকুত কাজল লগালে চকু ডাঙৰ হয় আৰু বেয়া দৃষ্টিৰ পৰা বচাই ৰাখিব পাৰি। কিন্তু মেডিকেল চাইন্সে কি কয়?
Parenting Tips : বিশ্বাস কৰা হয় যে, শিশুৰ চকুত কাজল লগালে চকু ডাঙৰ হয় আৰু বেয়া দৃষ্টিৰ পৰা বচাই ৰাখিব পাৰি। কিন্তু মেডিকেল চাইন্সে কি কয়?
Is It Safe To Apply Kajal To Newborn Eyes: পৰম্পৰা আছে যে, যেতিয়াই ভাৰতবৰ্ষত নতুনকৈ শিশুৰ জন্ম হয়, তেতিয়া শিশুটিৰ ওপৰত বেয়া দৃষ্টি নপৰিবলৈ কাজলৰ ফুট দিয়া হয়। কিন্তু শিশুৰ কোমল চকুত কাজল লগোৱা উচিত নে অনুচিত, সেইলৈ সদায়েই বিতৰ্ক আছে। যদিও শিশু বিশেষজ্ঞই এনে কৰিবলৈ কেতিয়াও কোৱা নাই, তথাপিও ঘৰত চলি অহা বিশ্বাস অনুসৰি, শিশুৰ কোমল চকুত কাজল আঁকি দিয়া হয়। বিশ্বাস কৰা হয় যে, চকুত কাজল লগালে শিশুটিৰ ওপৰত কাৰোবাৰ বেয়া দৃষ্টি নপৰে আৰু চকু ডাঙৰ হয়। কিন্তু ডাক্তৰে কয় যে, চকুত কাজল লগোৱাটো শিশুটিৰ বাবে হানীকাৰক হ'ব পাৰে।
হেলথ লাইনৰ মতে, এটা গৱেষণাত এই কথা পোহৰলৈ আহিছে যে, শিশুৰ স্বাস্থ্যৰ বাবে বিষাক্ত হিচাপে পৰিগণিত হ'ব পাৰে কাজল। গৱেষণা অনুসৰি, শিশুৰ হায়াৰ গট এবজৰশ্যন হয় আৰু তেওঁলোকৰ স্নায়ুতন্ত্ৰ এতিয়াও বিকাশৰ প্ৰক্ৰিয়াতে আছে। এনে ক্ষেত্ৰত, কাজলত থকা লীডে বিহৰ দৰে কাম কৰিব পাৰে।
সেয়েহে শিশুৰ চকুত লগাব নালাগে কাজলঃ
দৰাচলতে, কাজল তৈয়াৰ কৰিবলৈ ভৰপূৰ মাত্ৰাত লীডৰ ব্যৱহাৰ কৰা হয়। যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ই বৃক্ক, মগজু, হাড়ৰ মজ্জা আৰু শৰীৰৰ অন্যান্য অংশকো বেয়াকৈ প্ৰভাৱিত কৰে। সেইদৰে যদি তেজত লীডৰ স্তৰ বৃদ্ধি হয় তেন্তে এজন ব্যক্তি কোমা পৰ্যন্ত যাব পাৰে।
যিকোনো ধৰণৰ কাজলেই সুৰক্ষিত নহয়ঃ
কিছুমান ঘৰত প্ৰস্তুত কৰা কাজলো শিশুৰ চকুত লগোৱা হয়। কিন্তু আপোনাক কওঁ যে, ঘৰত বনোৱা কাজলো সুৰক্ষিত নহয়। ইয়াত থকা কাৰ্বন শিশুৰ চকুৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আনহাতে, আঙুলিৰে কেঁচুৱাটোৰ চকুত কাজল লগালে, চকুৰ ইনফেকশ্যনো হ'ব পাৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|