মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Sweating: গৰমৰ সময়ত ঘাম ওলোৱাক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই ! ইয়াৰ আছে বহু লাভালাভ

Sweating: গৰমৰ সময়ত ঘাম ওলোৱাক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই ! ইয়াৰ আছে বহু লাভালাভ

News18 Assam | News18-Assam
Updated:June 16, 2021, 1:48 PM IST
Sweating: গৰমৰ সময়ত ঘাম ওলোৱাক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই ! ইয়াৰ আছে বহু লাভালাভ

অধিকাংশ লোকেই শৰীৰৰ পৰা ঘাম ওলোৱা বন্ধ হ'লেই ভাল পায়, কিয়নো ইয়াৰ গোন্ধৰ বাবে তেওঁলোকে লাজ অনুভৱ কৰিবলগীয়া হয়।

  • Share this:

গৰম দিনবোৰত ঘাম (Sweat) ওলোৱাটো স্বাভাৱিক ঘটনা । কিন্তু ঘাম ওলোৱা এই কাৰ্য আমাৰ শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ বাবে কেতিয়াবা একাংশ লোকৰ ঘাম বেছিকৈ ওলায় আৰু আন একাংশৰ ঘাম কমকৈ ওলায় । অধিকাংশ লোকেই শৰীৰৰ পৰা ঘাম ওলোৱা বন্ধ হ'লেই ভাল পায়, কিয়নো ইয়াৰ গোন্ধৰ বাবে কেতিয়াবা তেওঁলোকে লাজ অনুভৱ কৰিবলগীয়া হয় । কিন্তু আপুনি জানি লোৱাটো ভাল যে ঘাম ওলোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । সেয়েহে জানি লওক ঘাম ওলোৱা কাৰ্যই আপোনাৰ শৰীৰক কিদৰে লাভান্বিত কৰে-


শৰীৰক ডিটক্স কৰে


ঘাম ওলোৱাটো স্বাস্থ্যৰ বাবে অতি ভাল। ঘাম ওলোৱাৰ ফলত শৰীৰ ডিটক্স হয় অৰ্থাৎ ঘামে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে । ইয়ে শৰীৰটো শীতল কৰি ৰখাতো সহায় কৰে।



ৰাসায়নিক উপাদানসমূহ আঁতৰ কৰে


শৰীৰত বহু প্ৰকাৰৰ কাৰ্বনিক ৰাসায়নিক পদাৰ্থ থাকে, যি স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ঘাম ওলোৱাৰ ফলত এই ৰাসায়নিক পদাৰ্থবোৰ শৰীৰৰ পৰা ওলাই আহে, যাৰ ফলত স্বাস্থ্যজনিত সমস্যা হ্ৰাস হয়।


ছিদ্ৰ খোলে


ঘামে প্ৰাকৃতিক ক্লিনজাৰৰ দৰে কাম কৰে। ঘাম ওলালে ছালৰ ছিদ্ৰবোৰ খোল খায় । যি শৰীৰৰ বৰ্জনীয় পদাৰ্থ আৰু বেক্টেৰিয়া বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।



চুলিৰ বাবেও উপকাৰী


ঘাম ওলোৱাটো কেৱল ছালৰ বাবেই নহয়, চুলিৰ বাবেও উপকাৰী। মূৰৰ ছালত ঘাম ওলোৱাটোৱে ছিদ্ৰবোৰ মুকলি কৰে। ই চুলি গজাত সহায় কৰে, কিন্তু ঘাম ওলোৱাৰ ফলত মূৰত খজুৱতি হ'ব পাৰে। ইয়াক এৰাই চলিবলৈ চেম্পু কৰা প্ৰয়োজন।


প্ৰাকৃতিক উজ্জ্বলতা দিয়ে


ঘামে ছালক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰে। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। ঘাম ওলোৱাৰ পিছত ছাললৈ কোমলতাও আহে।


কেলৰি দহন কৰে


ঘাম ওলালে কেলৰি দহন হয়, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। কিন্তু কেলৰি দহন কৰিবলৈ ঘাম ওলোৱাৰ বাবে ব্যায়াম বা কিছু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন।


চাপ উপশম কৰে


ঘামে চাপৰ পৰাও সকাহ দিয়ে । চাপৰ সময়ত ব্যায়াম কৰা ভাল, যাৰ ফলত শৰীৰৰ পৰা ঘাম ওলায়। এই ঘামে শৰীৰৰ তাপ হ্ৰাস কৰে, যিয়ে চাপ উপশম কৰাত সহায় কৰে।

Published by: Gautam Barman
First published: June 16, 2021, 1:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি