• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Myths about weight loss: ওজন কম কৰিবলৈ গৈ ভুলতো নকৰিব এইকেইটা কাম

Myths about weight loss: ওজন কম কৰিবলৈ গৈ ভুলতো নকৰিব এইকেইটা কাম

বহু লোকে ওজন কমাবৰ বাবে প্ৰথমে খোৱা–লোৱা এৰি দিয়ে যাৰ ফলত তেওঁ দুৰ্বল অনুভৱ কৰিবলৈ লয়।

বহু লোকে ওজন কমাবৰ বাবে প্ৰথমে খোৱা–লোৱা এৰি দিয়ে যাৰ ফলত তেওঁ দুৰ্বল অনুভৱ কৰিবলৈ লয়।

বহু লোকে ওজন কমাবৰ বাবে প্ৰথমে খোৱা–লোৱা এৰি দিয়ে যাৰ ফলত তেওঁ দুৰ্বল অনুভৱ কৰিবলৈ লয়।

  • Share this:
Myths about weight loss: প্ৰায়ে মানুহে ওজন কমাবৰ বাবে শ্বৰ্টকাট বিচাৰে আৰু বহু সময়ত ইয়াৰ বাবে এনেকুৱা কিছুমান কথাক বিশ্বাস কৰি লয় যাৰ কোনো প্ৰমাণ বা সত্যতা নাই। ওজন কম কৰাৰ বাবে আটাইতকৈ প্ৰয়োজন ব্যায়াম কৰা আৰু সঠিক ৰূপত সঠিক পুষ্টি লোৱা। কিন্তু বহু লোকে ওজন কমাবৰ বাবে প্ৰথমে খোৱা–লোৱা এৰি দিয়ে যাৰ ফলত তেওঁ দুৰ্বল অনুভৱ কৰিবলৈ লয়। এনেকুৱা কিছুমান ভুল ধাৰণাই বৰ্তমান সময়তো চলি আছে।

খাদ্য এৰা মানেই ওজন কমোৱা

এনেকুৱা একেবাৰেই নহয়। আপুনি জানি লোৱা ভাল যে খাদ্য এৰি দিলে ই কেতিয়াও আপোনাৰ ওজম কমোৱাত সহায় নকৰে। খোৱা–লোৱা এৰি দিলে আপোনাৰ দুৰ্বল অনুভৱ হ’ব। ওজন কমাবলৈ আপুনি কেৱল এয়া সুনিশ্চিত কৰিব লাগিব যে প্ৰয়োজনতকৈ আপুনি অধিক কেলৰী সেৱন কৰিছে নেকি আৰু সময়মতে ব্যায়াম কৰিছেনে নাই।

মিঠা খোৱা একেবাৰে বন্ধ কৰা

মানুহে প্ৰায়ে ওজন কমাবলৈ চেনি খোৱা বন্ধ কৰি দিয়ে। খাদ্যত চেনিৰ মাত্ৰা গুৰুত্বপূৰ্ণ কিন্তু ইয়াৰ ব্যৱহাৰ সঠিক পৰিমাণত কৰা প্ৰয়োজনীয়।

ৱেট লছ ছাপ্লিমেণ্ট

বহু লোকে ওজন কমাবলৈ খোৱাৰ সলনি ৱেট লছ ছাপ্লিমেণ্ট (Weight loss supplement) ব্যৱহাৰ কৰে। যাৰ অধিক ব্যৱহাৰে শৰীৰৰ অনিষ্ট সাধন কৰিব পাৰে।

প্ৰয়োজনতকৈ অধিক ব্যায়াম কৰা

যদি আপুনি ভাৱিছে যে কেৱল জিমত প্ৰয়োজনতকৈ অধিক কষ্ট কৰা বা দৌৰিলে আপোনাৰ ওজন কম হোৱাত সহায় কৰিব, তেন্তে আপুনি ভুল ভাবিছে। ব্যায়াম কৰিলে আপোনাৰ ওজন হ্ৰাস হ’ব কিন্তু সঠিক মাত্ৰাত সঠিক আহাৰ গ্ৰহণ কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published: