• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Spinal TB : মেৰুদণ্ডৰ যক্ষ্মা ৰোগীৰ বেছিভাগেই হ'ল যুৱক ! এইমছৰ অধ্যয়নত উদ্বেগজনক তথ্য প্ৰকাশ...

Spinal TB : মেৰুদণ্ডৰ যক্ষ্মা ৰোগীৰ বেছিভাগেই হ'ল যুৱক ! এইমছৰ অধ্যয়নত উদ্বেগজনক তথ্য প্ৰকাশ...

২১ৰ পৰা ৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকল মেৰুদণ্ডৰ যক্ষ্মা ৰোগত অধিক আক্ৰান্ত হয়। এই সমস্যাত ভুগি থকা শতাংশই ঔষধৰ দ্বাৰা আৰোগ্য হয়, এইমছৰ এই প্ৰতিবেদন পঢ়ক...

২১ৰ পৰা ৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকল মেৰুদণ্ডৰ যক্ষ্মা ৰোগত অধিক আক্ৰান্ত হয়। এই সমস্যাত ভুগি থকা শতাংশই ঔষধৰ দ্বাৰা আৰোগ্য হয়, এইমছৰ এই প্ৰতিবেদন পঢ়ক...

২১ৰ পৰা ৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকল মেৰুদণ্ডৰ যক্ষ্মা ৰোগত অধিক আক্ৰান্ত হয়। এই সমস্যাত ভুগি থকা শতাংশই ঔষধৰ দ্বাৰা আৰোগ্য হয়, এইমছৰ এই প্ৰতিবেদন পঢ়ক...

  • Share this:


ব্যস্ততাপূৰ্ণ জীৱনত, আমি কেতিয়াবা আমাৰ শৰীৰৰ কিছুমান বিষক উপেক্ষা কৰোঁ। ব্যস্ত জীৱনশৈলীৰ বাবে আমাৰ আহাৰও অনিয়মীয়া হৈ পৰে। ফলস্বৰূপে, শৰীৰত ৰোগে বাহ পাতে। আমাৰ বহুতৰ পিঠি আৰু ডিঙিৰ বিষ  (Spinal Pain)ৰ  সমস্যা আছে। কেতিয়াবা আমি এই বিষ সহজভাৱে লওঁ , কিন্তু শেহতীয়া এক অধ্যয়ন অনুসৰি, ডিঙি আৰু পিঠিৰ বিষ উপেক্ষা কৰাটো স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে। এইবোৰ মেৰুদণ্ডত যক্ষ্মা ৰোগ (Spinal TB)ৰ লক্ষণো হ'ব পাৰে।

দৈনিক জাগৰণৰ এক প্ৰতিবেদন অনুসৰি, এইমছ (AIIMS) ৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে ,  বিশেষকৈ ২১ৰ পৰা ৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকল মেৰুদণ্ডৰ যক্ষ্মা ৰোগত অধিক আক্ৰান্ত হয়। অৱশ্যে, এই সমস্যাত ভুগি থকা মাত্ৰ ১০ শতাংশ ৰোগীক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় আৰু বাকী ৯০ শতাংশ ঔষধৰ দ্বাৰা আৰোগ্য হয়।

এইমছৰ চিকিৎসকসকলৰ শেহতীয়া অধ্যয়ন অনুসৰি, ৫০% হাড়ৰ যক্ষ্মাৰোগ মেৰুদণ্ডত আক্ৰান্ত হয় বুলি ধৰা পৰিছে।এই অধ্যয়নটো এইমছৰ অৰ্থোপেডিক বিভাগে ১৬৫২ জন লোকৰ ওপৰত পৰীক্ষা কৰিছিল, যাৰ ভিতৰত আছে ৭৭৭গৰাকী মহিলা (৪৭%) আৰু ৮৭৫ জন পুৰুষ (৫৩%) আছিল। অধ্যয়নটোত দেখা গৈছিল যে,  মেৰুদণ্ডৰ যক্ষ্মা ৰোগীৰ সৰ্বাধিক ২১ ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত আছিল ৩৩.৩%।  ইয়াৰ পিছত ৩১ৰ পৰা ৪০ বছৰ বয়সৰ ৰোগী ১৭.১% আছিল। আনহাতে ১৫.২% ৰোগীৰ বয়স ১১ ৰ পৰা ২০ বছৰৰ ভিতৰত আছিল।

ৰোগীসকলৰ সমস্যা কি আছিল?

অধ্যয়নঅনুসৰি,  ৰোগী সকলৰ পিঠি বা ডিঙিৰ বিষৰ বাহিৰে আন কোনো লক্ষণ নাছিল। অধ্যয়নটোত দেখা গৈছিল যে মেৰুদণ্ডৰ যক্ষ্মা সংক্ৰমণৰ প্ৰায় চাৰে চাৰি মাহ পিছতহে ধৰা পৰিছিল।

– ৯৮% ৰোগী পিঠি আৰু ডিঙিৰ বিষত ভুগি আছিল।

– ৪.১% ৰোগীও হাঁওফাঁওৰ যক্ষ্মাৰোগত ভুগি আছিল।

– ৬.১% ৰোগী আছিল যি আগতে হাঁওফাঁওৰ যক্ষ্মাৰোগত আক্ৰান্ত হৈছিল।

–৩২% যক্ষ্মা ৰোগৰ উপৰিও আন বহুতো ৰোগত ভুগিছিল।

– ৩.৭% লোকৰ বৃক্কৰ ৰোগ আছিল। ২.৭% যকৃতৰ ৰোগ আছিল।

– ৪.৭% লোকৰ আন বহুতো ৰোগ আছিল।

– ১১.৮% ৰোগীৰ উচ্চ ৰক্তচাপ আৰু ৯.২% ৰোগীৰ ডায়েবেটিচ আছিল।

মেৰুদণ্ডত যক্ষ্মা ৰোগৰ লক্ষণ :

যেতিয়া মেৰুদণ্ডত যক্ষ্মা ৰোগৰ লক্ষণৰ কথা আহে, তেতিয়াই পিঠি আৰু ডিঙিত বিষ হয়।

অধ্যয়নঅনুসৰি, ৯৮.১% লোকৰ পিঠি আৰু ডিঙিৰ বিষ হয়।
১১.৯%ৰোগীৰ ভৰি বা হাত ৰ পৰা আৰম্ভ কৰি মেৰুদণ্ডৰ লৈকে বিষ হয়।
অধ্যয়নটোত ৩৩% ৰোগীৰ জ্বৰৰ লক্ষণ দেখা গৈছিল।
২২.২% ৰোগীয়ে ভোক অনুভৱ নকৰাৰ অভিযোগ উঠিছিল।
১৯% ৰোগীৰ আছিল স্নায়ু-সম্পৰ্কীয় সমস্যা ।

বিশেষজ্ঞসকলে কি কয় ?

এইমছৰ অৰ্থোপেডিক্স বিভাগৰ অতিৰিক্ত অধ্যাপক ড. ভাবুক গাৰ্গৰ মতে, যুৱক-যুৱতী সকলক এই ক্ষেত্ৰত অধিক সক্ৰিয়। যদি ৪ সপ্তাহতকৈ অধিক সময় কঁকাল, পিঠি বা ডিঙিত বিষ হয়, আপুনি চিকিৎসকৰ ওচৰলৈ যোৱা উচিত। বিষ আৰু ওজন হ্ৰাসৰ সৈতে জ্বৰ ও যক্ষ্মাৰোগৰ লক্ষণ। এনে পৰিস্থিতিত, এম.আৰ.আই.  (MRI) পৰীক্ষা কৰোৱা খুবেই প্ৰয়োজন।

কেনেকৈ উদ্ধাৰ হ'ব:

_  যক্ষ্মা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আৱশ্যক।

আহাৰখোৱাৰ আগতে হাত মুখ ভালদৰে ধুই ল'ব লাগে।
– শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰি ৰাখিব লাগে।
– স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক।
– কাহ আহিলে মুখ ঢাকি ৰাখিব
– কাহ হোৱা ৰোগীৰ সৈতে একেলগে খোৱা পৰিহাৰ কৰিব।
Published by:Manjumoni Borah
First published: