• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Health Benefits of Moringa : চজিনা খায় নে নাখায়, ইয়াৰ গুণাগুণ জানিলে ভাবিব, ইমান দিনে নোখোৱাকৈ আছিলোঁ কিয়...

Health Benefits of Moringa : চজিনা খায় নে নাখায়, ইয়াৰ গুণাগুণ জানিলে ভাবিব, ইমান দিনে নোখোৱাকৈ আছিলোঁ কিয়...

Health benefits of moringa: চজিনাত গাখীৰৰ তুলনাত ১৭ শতাংশ বেছি কেলছিয়াম, গাজৰৰ তুলনাত ১০ গুণ অধিক ভিটামিন-এ, কমলাৰ তুলনাত ৭ গুণ অধিক ভিটামিন-চি, পালেঙতকৈ ২৫ গুণ বেছি আইৰণ পোৱা যায়।

Health benefits of moringa: চজিনাত গাখীৰৰ তুলনাত ১৭ শতাংশ বেছি কেলছিয়াম, গাজৰৰ তুলনাত ১০ গুণ অধিক ভিটামিন-এ, কমলাৰ তুলনাত ৭ গুণ অধিক ভিটামিন-চি, পালেঙতকৈ ২৫ গুণ বেছি আইৰণ পোৱা যায়।

Health benefits of moringa: চজিনাত গাখীৰৰ তুলনাত ১৭ শতাংশ বেছি কেলছিয়াম, গাজৰৰ তুলনাত ১০ গুণ অধিক ভিটামিন-এ, কমলাৰ তুলনাত ৭ গুণ অধিক ভিটামিন-চি, পালেঙতকৈ ২৫ গুণ বেছি আইৰণ পোৱা যায়।

  • Share this:
কোৰোণা মহামাৰীৰ পিছত বিশ্বৰ সকলো ঠাইতে ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটী (Immunity) বৃদ্ধি কৰাৰ নানান পদ্ধতি গ্ৰহণ কৰা হৈছে। মানুহে সকলো ধৰণে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ব্যস্ত হৈ পৰিছে। সেয়েহে, বেছিভাগ লোকে তেওঁলোকৰ আহাৰত অধিক পৰিমাণে উদ্ভিদ জাতীয় খাদ্য (plant-based diet ) অন্তৰ্ভুক্ত কৰা আৰম্ভ কৰিছে। উদ্ভিদৰ পৰা প্ৰাপ্ত খাদ্যত ভিটামিন, খনিজ দ্ৰব্য আদিৰ দৰে বহুতো পুষ্টি পোৱা যায়। এই উদ্ভিদৰ ভিতৰত অন্যতম এটা নাম হৈছে চজিনা য'ত বহু প্ৰকাৰৰ পুষ্টি গুণ আছে। চজিনা সাধাৰণতে দক্ষিণ ভাৰতীয় খাদ্যত অধিক ব্যৱহাৰ কৰা হয়। চজিনাক শক্তিৰ পাৱাৰ হাউছ (Power House of Energy) বুলিও কোৱা হয়।

কৰোনা মহামাৰীৰে যুঁজি থকা সময়ত পুষ্টি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে চজিনা  হ'ব পাৰে সৰ্বশ্ৰেষ্ঠ বিকল্প। ই হৈছে এণ্টিঅক্সিডেণ্টৰ শক্তিক্ষেত্ৰ। সেয়েহে, চজিনাক চমৎকাৰী উদ্ভিদ বুলিও গণ্য কৰা হয়। চজিনাত ভিটামিন, খনিজ পদাৰ্থ, কেলচিয়াম, পটাছিয়াম, লো আৰু আন বহুতো উপাদান থাকে। চজিনাই শৰীৰক মাৰাত্মক বেক্টেৰিয়াৰ পৰা সুৰক্ষিত কৰিব পাৰে। চজিনাই যকৃতৰ কাৰ্য ক্ষমতা উন্নত কৰে আৰু হাড় শক্তিশালী কৰে।

চজিনা কেৱল পাচলি হিচাপে খোৱাই নহয় আন বহু ধৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰি। চজিনা গছৰ প্ৰায় সকলোবোৰ অংশই ব্যৱহাৰ কৰিব পাৰি। চজিনা ৰান্ধি খোৱাৰ উপৰি ইয়াৰ পাতবোৰ শুকুৱাইও ৰান্ধি খাব পাৰি। আনহাতে ইয়াৰ বীজ আৰু বাকলিৰ পৰা মিহি গুৰি বা চূৰ্ণও তৈয়াৰ কৰা হয়। এনে চূৰ্ণ বজাৰত পোৱা যায়।  ইয়াৰ গাগছৰ পৰা কাগজ তৈয়াৰ কৰা হয়। চজিনাৰ পৰা প্ৰস্তুত কৰা টেবলেট বজাৰত বিক্ৰী হয়। আনহাতে চজিনাৰ বাকলিত যথেষ্ট আঁহ থাকে। ইয়াৰ বাকলি পাটি আদি তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়। দক্ষিণ ভাৰতৰ খাদ্য যেনে সম্ভাৰ, তৰকাৰী, আচাৰ আদিত চজিনা বহুল পৰিমাণে ব্যৱহাৰ কৰা হয়।

চজিনাত এনে কি গুণ আছে-

চজিনাত গাখীৰৰ তুলনাত ১৭ শতাংশ বেছি কেলছিয়াম পোৱা যায়, গাজৰৰ তুলনাত ১০ গুণ অধিক ভিটামিন-এ পোৱা যায়, কমলাৰ তুলনাত ৭ গুণ অধিক ভিটামিন-চি পোৱা যায় আৰু পালেঙতকৈ ২৫ গুণ বেছি আয়ৰণ পোৱা যায়। সেয়ে অপুষ্টিৰ বিৰুদ্ধে যুঁজত চজিনা হৈছে সকলোতকৈ উত্তম খাদ্য।

চজিনা দেহৰ ছাল আৰু চুলিৰ বাবেও অতিকে উপকাৰী। বহুতে এই কথা নাজানে। চজিনাত দেহৰ টক্সিন অৰ্থাৎ বিষাক্ত দ্ৰব্য নাশ কৰাৰ ক্ষমতা থাকে আৰু সেয়ে ই চুলিৰ তলত থকা ৰোম ছিদ্ৰ চফা কৰাত সহায় কৰে। মুখৰ প্ৰায় সকলোধৰণৰ দাগ চজিনাই নাইকীয়া কৰিব পাৰে। চজিনাৰ পাত বহু বিউটী ক্ৰীম বা প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা হয়।

চজিনাই মগজুৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে বহু পৰিমাণে স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে। ই মেদবহুলতাৰ সমস্যাকো কম কৰিব পাৰে । চজিনাত কলেষ্টেৰল বহুত কম পৰিমাণে থাকে  আৰু সেয়ে শৰীৰৰ শক্তি হ্ৰাস নকৰাকৈ ওজন কমোৱাত সহায় কৰিব পাৰে। এক কথাত চজিনা শালে এজন লোকৰ স্বাস্থ্য ভালে থকাটো এশ শতাংশই নিশ্চিত।
Published by:Manjumoni Borah
First published: