உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Explained: ভাৰতত মাংকী ভাইৰাছৰ বিপদ সঁচাকৈয়ে আছে জানো, এই দিশত কি কয় বিশেষজ্ঞই?

    Explained: ভাৰতত মাংকী ভাইৰাছৰ বিপদ সঁচাকৈয়ে আছে জানো, এই দিশত কি কয় বিশেষজ্ঞই?

    যদি বান্দৰত এনে কোনো ভাইৰাছ নাথাকে, দেশত মাংকী পক্স ( Monkey Pox) বা বান্দৰ বি-ৰ বিষয়ে কোনো বিপদাশংকাৰ কাৰণ নাই।

    যদি বান্দৰত এনে কোনো ভাইৰাছ নাথাকে, দেশত মাংকী পক্স ( Monkey Pox) বা বান্দৰ বি-ৰ বিষয়ে কোনো বিপদাশংকাৰ কাৰণ নাই।

    যদি বান্দৰত এনে কোনো ভাইৰাছ নাথাকে, দেশত মাংকী পক্স ( Monkey Pox) বা বান্দৰ বি-ৰ বিষয়ে কোনো বিপদাশংকাৰ কাৰণ নাই।

    • Share this:

    ভাৰতত কোৰোনাৰ দ্বিতীয় ঢৌ (Corona Second Wave) এতিয়াও সমাপ্ত হোৱা নাই আৰু কোৰোনাৰ ক্ষেত্ৰত কিছু উদ্বেগৰ সৃষ্টি হৈছে। কোৰোনাৰ তৃতীয় ঢৌৰ আশংকাৰ সৈতে যোগ হৈছে বিদেশত উদ্ভৱ হোৱা নতুন ভাইৰাছ। ই দেশৰ বাবে প্ৰত্যাহ্বান বৃদ্ধি কৰিছে। শেহতীয়াকৈ চীন (China)ত মাংকী বি (Monkey B) বা বান্দৰ ভাইৰাছ (Monkey Virus) নামৰ ৰোগৰ ফলত মৃত্যুৰ ঘটনা সংঘটিত হৈছে।


    ভাৰতত বহু সংখ্যক বান্দৰেও বান্দৰ বিৰ বাবে ভাবুকি সৃষ্টি কৰিছে। ভাৰতৰ সকলো মুখ্য চহৰত বান্দৰ মানুহৰ অতি ওচৰতে থাকে, গতিকে মানুহ বান্দৰৰ একপ্ৰকাৰ সংস্পৰ্শলৈ আহে। প্ৰশ্নটো হ'ল ভাৰততো বান্দৰ বি-ক লৈ কি কয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই? বা ইয়াত আগেয়ে কেতিয়াবা বান্দৰৰ দ্বাৰা হোৱা মানৱ ৰোগৰ ঘটনা ঘটিছিল নেকি?


    নিউজ ১৮ৰ সৈতে বাৰ্তালাপ কৰি ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ (NCDC) সঞ্চালক ড০ সুজিত কুমাৰ সিঙে কয় যে চীনত বান্দৰ–বি ভাইৰাছৰ ফলত এজন লোকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে, কিন্তু এতিয়ালৈকে ভাৰতত এনে কোনো ঘটনা সংঘটিত হোৱা নাই। অৱশ্যে, কোৰোনা মহামাৰীৰ এই যুগত এনে যিকোনো ভাইৰাছ বা ৰোগৰ ক্ষেত্ৰত সতৰ্ক হৈ ব্যৱস্থা লোৱাৰ বাবে কাম কৰি থকা হৈছে।


    ড০ সুজিতে কয়, "এনচিডিচিয়ে শেহতীয়াকৈ বান্দৰ বি আৰু পশুৰ পৰা মানুহলৈ অহা ৰোগৰ ওপৰত Animal Husbandry and Wild lifeৰ সৈতে জড়িত সংগঠন আৰু লোকসকলৰ লগত কৰ্মশালা অনুষ্ঠিত কৰি থকা হৈছে। নিৰীক্ষণ কৰা তথ্য আৰু পৰীক্ষাগাৰৰ তথ্যৰ ওপৰত আধাৰিত কৰি আমি কোনটো দিশত ৰোগ হোৱাৰ সম্ভাৱনা আছে সেয়াও যাতে জানিব পাৰোঁ, তাক চোৱাচিতা কৰি থকা হৈছে। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো জানিব লাগিব যে ভাৰতত বান্দৰৰ কোনোধৰণৰ ভাইৰাছৰ উপস্থিতি আছে নেকি? যদি বান্দৰত এনে কোনো ভাইৰাছ নাথাকে, দেশত মাংকী পক্স ( Monkey Pox) বা বান্দৰ বি-ৰ বিষয়ে কোনো বিপদাশংকাৰ কাৰণ নাই। এনে পৰিস্থিতিত আমাৰ দেশৰ বান্দৰবোৰে মানুহৰ মাজত কোনো ভাইৰাছ সংক্ৰমিত কৰাৰ সম্ভাৱনা নাই, যেতিয়ালৈকে বান্দৰ বি-ৰ দ্বাৰা প্ৰভাৱিত বিদেশৰ লোকসকলৰ সংস্পৰ্শলৈ আমাৰ দেশৰ লোক নাহে আৰু তেওঁ পৰা সংক্ৰমিত নহয়।''


    ভাৰতত বান্দৰৰ বৃহৎ জনসংখ্যা আছে


    ড০ সুজিতে কয় যে ভাৰতত বহু বান্দৰ আছে। গতিকে বান্দৰে কেতিয়াবা মানুহৰ ক্ষেত্ৰত কোনো ৰোগ সৃষ্টি কৰিছে নেকি, তাক জানিবলৈ চেষ্টা কৰা হৈছে। এনচিডিচিয়ে শেহতীয়াকৈ পশুপালন আৰু বন্যপ্ৰাণীৰ সৈতে জড়িত বিশেষজ্ঞসকলৰ পৰা তথ্য বিচাৰিছে যে তেওঁলোকে কেতিয়াবা তেওঁলোকৰ নিৰীক্ষণত এনেধৰণৰ ঘটনা দেখিছে নেকি? আনহাতে বিশেষজ্ঞসকলক জুনোটিক ৰোগবোৰৰ (Zoonotic Diseases)  তথ্য প্ৰদান কৰিবলৈও কোৱা হৈছে, যিবোৰ সাধাৰণতে নিয়মীয়াকৈ হয়। এই তথ্যই বিষয়টো অধ্যয়নত আৰু সহায় আগবঢ়াব।


    ছেপ্টেম্বৰত ভাৰতত তৃতীয় কোৰোনা তৰংগ


    ড০ সুজিতে কয় যে ভাৰতলৈ কোৰোনা (Corona Third Wave)ৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তৃতীয় ঢৌৰ বিষয়ে বিভিন্ন বিশেষজ্ঞৰ মতামত আছে, কিন্তু তেওঁ ভাবে যে কোভিডৰ তৃতীয় ঢৌ ছেপ্টেম্বৰৰ শেষৰ ফালে বা অক্টোবৰৰ আৰম্ভণিতে ভাৰতত আঘাত কৰাৰ আশংকা আছে। ইয়াক পৰিহাৰ কৰিবলৈ চৰকাৰ, ৰাজহুৱা আৰু জিলা প্ৰশাসনৰ স্তৰত কামৰ প্ৰয়োজন।

    Published by:Gautam Barman
    First published: