Social Justice and Empowerment মন্ত্ৰালয়ে 2020 চনৰ ছেপ্টেম্বৰত মানসিক স্বাস্থ্যৰ পুৰ্ননিবাসৰ বাবে হেল্পলাইন আৰম্ভ কৰিছিল। মন্ত্ৰালয়ে শেহতীয়াকৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবদেন খনৰ মতে হেল্পলাইনত কল কৰা ৩২% আছিল ছাত্ৰ। Social Justice and Empowerment মন্ত্ৰালয়ে 2020 চনৰ ছেপ্টেম্বৰত মানসিক স্বাস্থ্যৰ পুৰ্ননিবাসৰ বাবে হেল্পলাইন আৰম্ভ কৰিছিল। মন্ত্ৰালয়ে শেহতীয়াকৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবদেন খনৰ মতে হেল্পলাইনত কল কৰা ৩২% আছিল ছাত্ৰ।
কেন্দ্ৰীয় মন্ত্ৰী থাৱাৰচান্দ গেহলটে Social Justice and Empowerment মন্ত্ৰালয়ৰ কিৰণ হেল্প লাইন নম্বৰটো ১৮০০-৫৯৯-০০১৯ যোৱা ৭ ছেপ্টেম্বৰ তাৰিখে শুভাৰম্ভ কৰিছিল। এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ ১৬ ৰ পৰা চলিত বৰ্ষৰ ১৫ তাৰিখলৈকে ১৩৫৫০ টা কল ৰিচিভ হৈছে আৰু য'ত ৭০.৫ শতাংশ পুৰুষ আৰু ২৯.৫ শতাংশই মহিলা আছিল।
এই কলসমূহ মুঠ ১৬১৮ জন লোকে ৰিচিভ কৰিছিল ।
আনহাতে কল কৰা লোকৰ ভিতৰত মুখ্যত ৭৫% ১৫ৰ পৰা ৪০ বছৰলৈ আছিল আৰু ১৮.১% লোক ৪১ বছৰৰ পৰা ৬০ বছৰৰ ভিতৰত আছিল।
যদি মানসিক ভাৱে আক্ৰান্তৰ বিভিন্ন বৰ্গত ভাগ কৰা হয় তেতিয়া ৬৫.৯ শতাংশ সামান্য প্ৰকাৰৰ মানসিকভাৱে আক্ৰান্ত, ২৬.৫% মজলীয়া ভাৱে আক্ৰান্ত আৰু ৭.৬% গুৰুতৰভাৱে আক্ৰান্ত আছিল। প্ৰতিবেদনত কোৱা হৈছে যে ৩২.৩% শিক্ষাৰ্থী, ১৫.২% স্বনিয়োজনত ব্যস্ত আছিল, ২৭.১% বনুৱা আছিল, ২৩.৩% নিবনুৱা আছিল, ১.৪% গৃহ নিৰ্মাতা আছিল আৰু ০.৭% তথ্য প্ৰকাশ কৰা নাছিল।
আনহাতে বেছিভাগ কলাৰে ৭৮.২% নিজৰ বাবে সহায় বিচাৰিছিল, আনসকলে তেওঁলোকৰ পিতৃ-মাতৃ, ভাই-ভনী, পত্নী আৰু আনৰ বাবেহে সহায় বিচাৰিছিল।
মুখ্যত কলাৰসকলে ভৱিষ্যতৰ বাবে আহি থকা প্ৰত্যাহ্বান (২৮.৫%), হতাশা (২৫.৫%),আন কিছুমানে মহামাৰী সম্পৰ্কীয় প্ৰত্যাহ্বান (৭.৮%), আত্মহত্যাৰ প্ৰৱণতা (২.৮%), মাদক দ্ৰব্যৰ সেৱন(৩.৪%) আৰু অন্যান্যৰ (৩২%), ক্ষেত্ৰত হতাশ হৈছে " বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
বেছিসংখ্যক কল উত্তৰাংশৰ পৰা ৪০.৩২% পশ্চিমাংশৰ পৰা ২৭.০৮ % দক্ষিণাংশৰ ১৬.৯৯% পূবৰ পৰা ১১.২৮ % আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৪.৩৩%ৰ পৰা আহিছিল।
নাম প্ৰকাশৰ পৰা বিৰত থকাৰ চৰ্তত হেল্পলাইনত কাম কৰা এজন মনোবিজ্ঞানীয়ে কয় যে বেছিভাগ কল যুৱ সকলৰ পৰা আহিছিল। বিশেষকৈ কোভিড-১৯ ৰ সময়ত শিক্ষাৰ্থী সকলে নিজৰ অনিশ্চিত ভৱিষ্যতৰ কথা ভাৱি হতাশ হৈছিল।
আনহাতে হাৰিয়ানাত কাম কৰা এজন মনোবৈজ্ঞানিকে কয় কল চেণ্টাৰত কাম কৰা অধিকাংশই ছাত্ৰ। আনহাতে গাওঁৰ অঞ্চলৰ অধিকাংশ মহিলাই পৰিয়ালৰ সৈতে হোৱা মনোমালিন্যৰ কথা কৈছিল।
মন্ত্ৰালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ২৪ ঘণ্টীয়া এই হেল্পলাইনত মনোবৈজ্ঞানিকভাৱে সহায়, ইয়াৰ প্ৰাথমিক চিকিৎসাৰ বাবে ৮১ জন মনোবিশেজ্ঞৰ দ্বাৰা পৰিচালিত হৈছে।
First published: February 08, 2021, 17:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|