Home Remedies For Good Sleep : বৰ্তমান সময়ত সততেই বহুলোকৰ মুখতেই শুনা যায় অনিদ্ৰা বা পৰ্যাপ্ত টোপনি নোহোৱাৰ কথা। দুৰ্বল জীৱনশৈলী, চাপ আদিৰ বাবে যেন বহুলোকৰ ক্ষেত্ৰত অনিদ্ৰা (Insomnia)স্বাভাৱিক হৈ পৰিছে। এনে লোকসকলৰ ৰাতি টোপনি নাহে আৰু তেওঁলোকৰ টোপনি আহিলেও ৰাতিপুৱা শুই উঠা সময়লৈকে বহুবাৰ টোপনি ভাঙি যায়। হেল্থলাইনৰ মতে, এইবোৰৰ ফলতেই গোটেই দিনটো শৰীৰৰ সম্পূৰ্ণ সুস্থ হৈ নাথাকে আৰু মানসিক চাপ অনুভৱ কৰে। বহুলোকৰ ক্ষেত্ৰত অনিদ্ৰা মাত্ৰ কেইদিনমানৰ সমস্যা হ'লেও কিন্তু প্ৰায়সংখ্যক লোক এনে অৱস্থাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছে। এই ক্ষেত্ৰত হতাশা, উদ্বেগ, অত্যাধিক চাপ আদিৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। যদি আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে, এই সমস্যাটো দূৰ কৰিবলৈ আপুনি গ্ৰহণ কৰিব পৰা কিছুমান ঘৰুৱা প্ৰতিকাৰ এই প্ৰতিবেদনৰ জৰিয়তে তলত উল্লেখ কৰা হ'ল।
১. ধ্যান কৰক শান্ত আৰু এডোখৰ নিৰ্জন ঠাইত বহক আৰু গভীৰ উশাহ লওক। আপোনাৰ চকু বন্ধ কৰি উশাহ অনুভৱ কৰক। এই প্ৰক্ৰিয়াটো আপুনি ৫ মিনিটৰ পৰা আৰম্ভ কৰি ইয়াক ২০ মিনিটলৈকে উন্নীত কৰক। যদি আপুনি এইটো প্ৰতিদিনে কৰে, আপুনি দেখিব যে আপোনাৰ চাপ হ্ৰাস পাইছে আৰু আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এনে কৰিলে আপোনাৰ টোপনি উন্নত হ'ব আৰু কোনো সমস্যা নোহোৱাকৈ আপুনি ৰাতি টোপনি যাব পাৰিব।
২. মন্ত্ৰ আৰু জপ মনটো শান্ত কৰাৰ এইটো এটা ভাল উপায়। যদি আপুনি ৰাতি শুব নোৱাৰে তেন্তে মন্ত্ৰ এটা জপ কৰক। যদি আপুনি কোনো মন্ত্ৰ নাজানে, আপুনি ওমঃ জপ কৰিব পাৰে। নিমিষতে আপুনি ভাল অনুভৱ কৰিব আৰু ৰাতি সুন্দৰ টোপনি যাব।
৩.যোগাভ্যাস কৰক- ভাল টোপনিৰ বাবে প্ৰতিদিনে ২০ মিনিটৰ বাবে যোগাভ্যাস কৰক। ই আপোনাৰ পেশীবোৰ শিথিল কৰে আৰু আপোনাৰ মগজু শীতল কৰি ৰাখে। আপুনি এজন যোগ বিশেষজ্ঞৰ পৰা কেতবোৰ বিশেষ আসন জানি লওক। এনেদৰে যোগাভ্যাস কৰিলে কেইদিনমানৰ ভিতৰতে আপুনি ভাল অনুভৱ কৰিব আৰু নিশা ভাল টোপনি যাব।
৪. ব্যায়াম গৱেষণাত দেখা গৈছে যে যদি আপুনি ছয় মাহৰ বাবে প্ৰতি সপ্তাহত মুঠ ১৫০ মিনিট ব্যায়াম কৰে, আপোনাৰ টোপনিৰ ক্ষেত্ৰত এক ডাঙৰ পাৰ্থক্য দেখা দিব আৰু আপুনি ৰাতিটো ভালদৰে শুবলৈ সক্ষম হ'ব।
৫. মালিচ বা মাচাজ গৱেষণাত দেখা গৈছে যে মালিচ থেৰাপীয়ে টোপনিৰ সমস্যাবোৰ দূৰ কৰিব পাৰে। ই বিষ, অস্বস্তি আদি দূৰ কৰাতো সহায়ক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|