মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»মাজুলীত নিৰ্মাণ ৩৬ লাখ টকা ব্যয় সাপেক্ষ ভ্ৰাম্যমান নৌকা চিকিৎসালয়। থাকিব শীত-তাপ নিয়ন্ত্ৰিত কোঠা।

মাজুলীত নিৰ্মাণ ৩৬ লাখ টকা ব্যয় সাপেক্ষ ভ্ৰাম্যমান নৌকা চিকিৎসালয়। থাকিব শীত-তাপ নিয়ন্ত্ৰিত কোঠা।

News18 Assam | News18-Assam
Updated:June 6, 2021, 11:32 AM IST
মাজুলীত নিৰ্মাণ ৩৬ লাখ টকা ব্যয় সাপেক্ষ ভ্ৰাম্যমান নৌকা চিকিৎসালয়। থাকিব শীত-তাপ নিয়ন্ত্ৰিত কোঠা।
দীঘলে ৮৫ ফুট আৰু বহলে ১৮ ফুট  চিকিৎসালয়খনত থাকিব চৰকাৰী চিকিৎসালয়ত থকা সকলো ধৰণৰ সুবিধা।

দীঘলে ৮৫ ফুট আৰু বহলে ১৮ ফুট  চিকিৎসালয়খনত থাকিব চৰকাৰী চিকিৎসালয়ত থকা সকলো ধৰণৰ সুবিধা।

  • Share this:
মাজুলীত নিৰ্মাণ হৈছে এখন অত্যাধুনিক ভ্ৰাম্যমান নৌকা চিকিৎসালয়ৰ । গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দুৰ্গম চৰ-চপৰি অঞ্চলত সেৱা আগবঢ়াব নৌকা চিকিৎসালয়খনে । এখন চৰকাৰী চিকিৎসালয়ত থাকিব লগা সকলো সুবিধা থাকিব এই ভ্ৰাম্যমান নৌকা চিকিৎসালয়ত । ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা চিকিৎসালয় খন ৫ মাহ ১০ দিনত মাজুলী শালমৰাৰ শিল্পীয়ে নিখুঁত ভাৱে নিৰ্মাণ কৰি উলিয়াইছে । বেংগালুৰুৰ  কৰুণা ট্ৰাষ্ট নামৰ এটা  এনজিঅ'ই সম্পূৰ্ণ বিনামূলীয়াকৈ দূৰ্গম চৰ অঞ্চলৰ ৰাইজৰ উপযুক্ত চিকিৎসাৰ বাবে উৎসৰ্গিত কৰিছে এই  চিকিৎসালয়খন।

মাজুলীৰ সমাজকৰ্মী ধ্ৰুৱজ্যোতি গোস্বামীৰ নিজা পৰিকল্পনাৰে নিৰ্মাণ হোৱা দুই মহলীয়া নৌকা চিকিৎসালয়খনত  ৯টা কোঠা আছে। দীঘলে ৮৫ ফুট আৰু বহলে ১৮ ফুট  চিকিৎসালয়খনত আছে চিকিৎসকৰ কোঠা, প্ৰসূতিৰ বিশেষ কক্ষ, অ' পি ডি ,লেবাৰ কক্ষ, নাৰ্ছৰ কক্ষ, লেবৰেটৰী, ফাৰ্মাচী, শীত- তাপ নিয়ন্ত্ৰিত কক্ষ ,কৰ্মচাৰী কক্ষ, দুটা শৌচাগাৰ আছে। এম্বুলেন্স লৈ যোৱাৰ বিশেষ ব্যৱস্থা, পৰ্যাপ্ত লাইফ জেকেট আৰু এখন অত্যাধুনিক  ইঞ্জিনযুক্ত অতিৰিক্ত বিশেষ নৌকা।
Published by: Manjumoni Borah
First published: June 5, 2021, 2:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি