গাখীৰ সেৱন কৰাটো সম্পূৰ্ণৰূপে আপোনাৰ স্বাস্থ্য আৰু হজম শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। গাখীৰ (Milk) ভাল পোৱা লোকসকলৰ বাবে গাখীৰ সেৱনৰ কোনো সঠিক সময় নাথাকে। চিকিৎসা বিজ্ঞানৰ মতে, গাখীৰত শ্লীপ ইনডিউচিং গুণ থাকে আৰু সহজে হজম কৰিব নোৱাৰি যাৰ বাবে পুৱা পান কৰিবলৈ পৰামৰ্শ দিয়া নহয়।
চিকিৎসা বিজ্ঞানৰ মতে, গাখীৰ সেৱন কৰাটো সম্পূৰ্ণৰূপে আপোনাৰ স্বাস্থ্য আৰু হজম শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ইয়াক কেতিয়া পান কৰিব লাগে জানো আহক।
ৰাতিপুৱা পান কৰাৰ লাভালাভবোৰ কি ?
গাখীৰত বহুতো পুষ্টিকৰ উপাদান থাকে যি পুৱাৰ আহাৰত অন্তৰ্ভুক্ত হ'লে বিভিন্ন ধৰণেৰে স্বাস্থ্যৰ উপকাৰ সাধে। উদাহৰণ স্বৰূপে, ই আপোনাৰ হাড় শক্তিশালী কৰে, আপোনাক গোটেই দিনটো সক্ৰিয় হৈ থকাত সহায় কৰিবলৈ কেলচিয়াম, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম, প্ৰ'টিন, ভিটামিন আদিৰ পুষ্টি যোগান ধৰে।
পুৱা গাখীৰ সেৱনৰ অসুবিধাবোৰ কি?
গাখীৰ সহজে হজম কৰিব নোৱাৰি আৰু হজম হ'বলৈ দীঘলীয়া সময় লয়। যি সকলৰ পাচন তন্ত্ৰ দুৰ্বল হয় তেওঁলোকে পুৱা গাখীৰ সেৱন কৰিলে গোটেই দিনটো পেটৰ বিষত ভুগিব পাৰে আৰু বদহজমো হ'ব পাৰে।
ৰাতি গাখীৰ সেৱনৰ লাভালাভ
আপুনি নিশা শুবলৈ যোৱাৰ আগতে গাখীৰ সেৱন কৰিলে আপোনাৰ পেট গোটেই ৰাতি ভৰ্তি হৈ থাকে আৰুআপোনাৰ ভোক নালাগে। যাৰ বাবে ভোকে ৰাতি টোপনি নাভাঙে আৰু আপুনি আৰামেৰে শুবলৈ সক্ষম হয়।আয়ুৰ্বেদৰ মতে, নিশা গৰম গাখীৰ সেৱন কৰিলে মন আৰু শৰীৰৰ পেশী অৱসাদ মুক্ত হয়, যাৰ ফলত টোপনি ভাল হয়।
ৰাতি গাখীৰ সেৱনৰ অসুবিধাবোৰ
লেক্টো ইন ট’লেৰেঞ্চৰ সমস্যা থকা লোকসকলে ৰাতি গাখীৰ সেৱন কৰিব নালাগে। তদুপৰি, ইনচুলিনৰ সমস্যা থকা লোকসকলেও চিকিৎসকৰ পৰামৰ্শৰ পিছতহে ৰাতি গাখীৰ সেৱন কৰিব লাগে। নিশা গাখীৰ সেৱনৰ ফলত আপোনাৰ ইনচুলিনৰ স্তৰ বৃদ্ধি হ'ব পাৰে।
গতিকে কেতিয়া গাখীৰ সেৱন কৰিব লাগে হেল্থলাইনৰ মতে
হেল্থলাইনৰ মতে, কেতিয়া গাখীৰ সেৱন কৰিব সেই বিষয়ে কোনো নিৰ্দিষ্ট পৰামৰ্শ নাই। কিন্তু যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে বা পেশী শক্তিশালী কৰিব বিচাৰে, তেনেহ’লে ব্যায়াম কৰাৰ পিছত গাখীৰ সেৱন কৰিব পাৰে।
(স্বীকাৰ: এই প্ৰবন্ধৰ তথ্য আৰু সমল সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18-এ এইসমূহক নিশ্চিতনকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
News link: https://hindi.news18.com/news/-pra-3591702.html
Published by: Manjumoni Borah
First published: May 20, 2021, 12:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|