মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health Benefits: কিচমিচ খোৱাৰ এই উপায়ৰ বিষয়ে জ্ঞাতনে আপুনি? হয় নানানটা উপকাৰ, দূৰ কৰে ৰোগ

Health Benefits: কিচমিচ খোৱাৰ এই উপায়ৰ বিষয়ে জ্ঞাতনে আপুনি? হয় নানানটা উপকাৰ, দূৰ কৰে ৰোগ

News18 Assam | News18-Assam
Updated:June 17, 2021, 11:32 PM IST
Health Benefits: কিচমিচ খোৱাৰ এই উপায়ৰ বিষয়ে জ্ঞাতনে আপুনি? হয় নানানটা উপকাৰ, দূৰ কৰে ৰোগ
নিয়মীয়াকৈ কিচমিচ গ্ৰহণ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, কিয়নো ই ছডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

নিয়মীয়াকৈ কিচমিচ গ্ৰহণ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, কিয়নো ই ছডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

  • Share this:

সকলোৱে জানে যে কিচমিচ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিচমিচত বহুতো পুষ্টি থাকে, যাৰ ভিতৰত আছে আঁহ, ভিটামিন আৰু খনিজ। কিচমিচত চেনি আৰু কেলৰিও বেছি আৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আপুনি জানেনে যদি আপুনি একে কিচমিচ অন্য ধৰণে খায়, তেন্তে ইয়াৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত লাভালাভ পাব পাৰে।


কিচমিচ কেনেকৈ খাব লাগে


আপুনি যিকোনো প্ৰকাৰে কিচমিচ খাব পাৰে। কিন্তু যদি আপুনি কিচমিচ তিয়াই খায়, সেয়া আপোনাৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী হয়। ইয়াৰ বাবে আপুনি ৰাতি কিচমিচ তিয়াব পাৰে আৰু ৰাতিপুৱা খাব পাৰে। বহুতো প্ৰতিবেদনত কোৱা হৈছে যে কিচমিচ তিয়াই খোবাৰ ফলত ইয়াৰ পুষ্টি বৃদ্ধি হয়, সেয়েহে কিচমিচ তিয়াই লৈ খাবলৈ চেষ্টা কৰক।



পানীত তিয়াই কিচমিচ কিয় খাব লাগে?
কিচমিচ তিয়াই খোৱাৰ কাৰণটো হ'ল ৰাতিটো তিতি থকাৰ ফলত কিচমিচত থকা পুষ্টিবোৰ সোনকালে এবজৰ্ব কৰি লয়। দৰাচলতে, বহুতে সেই পানী খোৱাৰ পৰামৰ্শ দিয়ে, কিয়নো আপোনাৰ শৰীৰলৈ যোৱা পানীত বহুতো পুষ্টি দ্ৰৱীভূত হয়। ই আপোনাৰ শৰীৰক অধিক লাভান্বিত কৰে।


ইয়াৰ লাভালাভবোৰ কি?
কিচমিচত চেনি থাকে, যি শৰীৰত চেনিৰ অভাৱ পূৰণ কৰে, কিন্তু অত্যধিক কেলৰি নাথাকে। সেয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াত যথেষ্ট পৰিমাণৰ লো আৰু বি কমপ্লেক্স ভিটামিন থাকে, যি তেজৰ ৰঙা কোষৰ উৎপাদন বৃদ্ধি কৰে। কিচমিচত যথেষ্ট আঁহ থাকে আৰু পানীত তিয়াই ৰাখিলে ই পাকস্থলী পৰিষ্কাৰ কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য উপশম কৰে।



ইয়াৰ উপৰি নিয়মীয়াকৈ কিচমিচ গ্ৰহণ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, কিয়নো ই ছডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত উচ্চ ৰক্তচাপ নহয়। ইয়াৰ উপৰিও ইয়াৰ এণ্টি-বেক্টেৰিয়া বিশেষত্ব আছে, যি বিভিন্ন ৰোগৰ পৰা শৰীৰক বচাই ৰখাৰ লগতে মুখৰ গোন্ধ নাশ কৰে।

Published by: Gautam Barman
First published: June 17, 2021, 11:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি