খোৱা–বোৱাত অনীহা? আপোনাৰ সন্তানৰ সঠিক পুষ্টি কেনেকৈ নিশ্চিত কৰিব?

News18 Assam | News18-Assam
Updated:January 13, 2021, 8:37 PM IST
খোৱা–বোৱাত অনীহা? আপোনাৰ সন্তানৰ সঠিক পুষ্টি কেনেকৈ নিশ্চিত কৰিব?
আপোনাৰ সন্তানৰ বৰ্ধিত পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়।

আপোনাৰ সন্তানৰ বৰ্ধিত পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়।

  • Share this:
আপোনাৰ শিশুটিক পুষ্টিকৰ আহাৰ খাবলৈ সৈমান কৰাব পৰা নাই নেকি? শিশুটিৰ পিছে পিছে দৌৰোতে আপুনি ক্লান্ত হৈ পৰিছে নেকি? চিন্তা নকৰিব- প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানৰ সৰু পেটটো সতেজ আৰু পুষ্টিকৰ খাদ্যৰে পূৰ্ণ কৰাৰ প্ৰচেষ্টাত দৈনিক প্ৰত্যাহ্বানৰ সন্মুখীন হয়। বাৰে বাৰে খালী কেল'ৰিৰ খাদ্যৰে পেট পূৰ কৰি থাকিলে অভ্যাসটো সোনকালেই নিয়ন্ত্ৰণৰ বাহিৰ হ’ব পাৰে।

কিন্তু, শিশু এটিয়ে বিভিন্ন সোৱাদৰ আহাৰ গ্ৰহণ কৰি গৈ থাকোঁতে, সিঁহতs খাদ্যাভাসৰ ক্ষেত্ৰত পচন্দ-অপচন্দ কৰাটো স্বাভাৱিক কথা। ইয়াৰ ফলত প্ৰায়েই যথাযথ পুষ্টিৰ অভাৱ ৰক্তক্ষৰণ ঘটিব পাৰে যাৰ বিষয়ে আমি গম নাপাবও পাৰো। তেনে অভাৱত ভোগা শিশু খিংখিঙীয়া হ’ব পাৰে, ভোক কম, মূৰৰ বিষ বা মূৰ ঘুৰোৱা, পেশী আৰু হাড়ৰ দুৰ্বলতা আদি লক্ষণ, সঘনাই পেটৰ সংক্ৰমণ আৰু সঠিক পুষ্টি নাপালে তেনে বহুতো লক্ষণ দেখা যাব পাৰে।*

কিন্তু প্ৰতিজন অভিভাৱকে তেওঁলোকৰ সন্তানৰ সৰ্বশ্ৰেষ্ঠখিনি বিচাৰে। ইয়াৰ ফলত শিশুৱেও ভাল পোৱাকৈ সঠিক পুষ্টিৰ সন্ধানৰ যাত্ৰা অব্যাহত থাকে। শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগতে সিঁহতৰ শাৰীৰিক, মানসিক আৰু আবেগিক সামৰ্থ্যৰ বিকশিত হৈ থকা সেই প্ৰাৰম্ভিক বছৰবোৰত এয়া অতি গুৰুত্বপূৰ্ণ।



প্ৰাৰম্ভিক বয়সত পুষ্টি কিয় গুৰুত্বপূৰ্ণ?
আপোনাৰ শিশুটিয়ে 2-5 বছৰৰ প্ৰিস্কুল বয়সকে ধৰি শৈশৱকালত কি খাদ্যগ্ৰহণ কৰে, সেইটোৱে স্বাস্থ্যৰ ওপৰত এক ডাঙৰ প্ৰভাৱ পেলাব পাৰে। ই হৈছে তেওঁলোকৰ জীৱনৰ এক পৰ্যায় য'ত মগজু, হাড়, দাঁত, আনকি তেওঁলোকৰ মনোজগতৰ দৰে অত্যাৱশ্যকীয় বস্তু গঢ়াৰ বাবে পৰ্যাপ্ত তথা সম্পূৰ্ণ পুষ্টি গুৰুত্বপূৰ্ণ। এইখিনি সময়তে আইৰণ, আয়’ডিন, ভিটামিন এ আৰু অন্যান্য মাইক্ৰনিউট্ৰিয়েন্টৰ প্ৰয়োজন হয়। বিভিন্ন পৰিসৰৰ পুষ্টি সঘনে সেৱন কৰাটো হৈছে শিশুটিক প্ৰাৰম্ভিক মাইক্ৰনিউট্ৰিয়েন্টৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সহায় কৰাৰ এক মুখ্য উপায়।

খাদ্যাভ্যাসৰ ভাল অভ্যাস গঢ়ি তোলা আৰু আগতীয়াকৈ হস্তক্ষেপৰ পদ্ধতি ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ সন্তানক ভিটামিন এ, আইৰণ, জিংক, কেলচিয়াম আৰু ভিটামিন ডি-ৰ দৰে সচৰাচৰ অভাৱ প্ৰতিহত কৰাৰ বাবে প্ৰয়োজনীয় সকলো সঁজুলি প্ৰদান কৰে। এই বয়সত এনে এক পেটাৰ্ণ নিৰ্ধাৰণ কৰি দিব পাৰিব লাগে যি দীৰ্ঘদিন ধৰি তেওঁলোকক উপযুক্ত আৰু স্বাস্থ্যৱান হৈ থকাত সহায় কৰিব। লাখ লাখ শিশুৱে জ্ঞান সম্বন্ধীয় বিলম্ব, ৰোগ প্ৰতিৰোধৰ দুৰ্বল ক্ষমতা দুৰ্বল হয় আৰু মুখ্যতঃ মাইক্ৰনিউট্ৰিয়েন্টৰৰ অভাৱৰ ফলত হোৱা বিকাশ হ্ৰাস হয়।**

প্ৰতিটো শিশুৱে কি কি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰাপ্ত কৰিব লাগে?
স্কুল যাবলৈ আৰম্ভ কৰা বা প্ৰিস্কুলৰ শিশু এটিৰ শৰীৰটোক পুষ্টি-ঘন খাদ্যৰ প্ৰয়োজন য'ত যথেষ্ট ভিটামিন, খনিজ, কাৰ্বোহাইড্ৰেট, প্ৰ'টিন আৰু চৰ্বি থাকে। শৈশৱকালত এই পাঁচটা অত্যাৱশ্যকীয় লাভ কৰা শিশুৱে উন্নত জ্ঞান-সম্বন্ধীয় স্বাস্থ্য প্ৰদৰ্শন কৰে আৰু পৰৱৰ্তী জীৱনত দীৰ্ঘম্যাদী ৰোগ আৰম্ভ হোৱাৰ আশংকা হ্ৰাস পায়।

এক মুহূৰ্তৰ বাবে চিন্তা কৰি চাওক আপোনাৰ সন্তানে এই পাঁচটা অত্যাৱশ্যকীয় বস্তু পাই আছে নে নাই, সেইটো নিশ্চিতভাৱে ক'ব পাৰিব নে?
• ধান, ঘেঁহু, ৰাগী, পাওৰুটিৰ দৰে খাদ্য।
• সতেজ ফল।
• সেউজীয়া শাক-পাচলিসহ সতেজ শাক-পাচলি।
• প্ৰটিন থকা খাদ্য যেনে কণী, সাগৰীয় খাদ্য, হাঁহ-কুকুৰা, বীন আৰু মাংস।
• দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, চীজ আৰু লচ্চী।
আন বহু অভিভাৱকৰ দৰেই আপুনিও ভাবিব পাৰে যে এই সমস্ত খাদ্য প্ৰত্যেকদিনাই যোগাৰ কৰাটো বৰ জটিল কাম হ'ব। যদি আপোনাৰ সন্তানটি একে ঠাইতে বহি নাখায়, খোৱাৰ সময়ত খেলি ভাল ভাল পায় বা একেবাৰে সেউজীয়া খাদ্য পচন্দ নকৰে, তেন্তে অসুবিধাৰ দুগুণ হৈ পৰে।



যদি আপোনাৰ সন্তানে স্বাস্থ্যকৰ খাদ্য খাবলৈ অস্বীকাৰ কৰে, কি কৰিব?
যেতিয়া শিশুৱে পুষ্টিসমৃদ্ধ খাদ্য খাবলৈ অস্বীকাৰ কৰে, আপোনাক তেতিয়াও এক নিশ্চিত সমাধানৰ প্ৰয়োজন যি সিঁহতক দৈনিক সকলো পুষ্টি প্ৰদান কৰিব।

এনে কৰাৰ কিছুমান সহজ উপায় হৈছে:
- সিঁহতক স্বাস্থ্যকৰ বিকল্প দিয়ক, যাতে সিঁহতে যি বাছনি কৰিলেও লোকচান যাতে নহয়।
- এক ভাল আদৰ্শ হৈ স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰি আদৰ্শ দেখুৱাওক। শিশুসকলে লক্ষ্য কৰিয়েই যথেষ্ট কথা শিকে।
- স্বাস্থ্যকৰ খাদ্যসমূহৰ নতুন নাম ৰাখক; যেনে যাদুকৰী পাৱাৰ মটৰ চুপ, মৰমৰীয়া আলু বা টুটি ফ্ৰুটি মিল্কশ্বেক। শিশুসকলে কাহিনী আৰু আমোদজনক নাম ভাল পায়।
- সিঁহতক কেইটামান সহজ, স্বাস্থ্যকৰ ব্যঞ্জন ৰান্ধিবলৈ শিকাই দিয়ক। শিশুসকলে ৰান্ধনি হোৱাৰ গে’ম খেলি ভাল পায়!
- জাংক ফুড, বাহিৰা খাদ্যৰ সলনি, অধিক স্বাস্থ্যকৰ আহাৰ মজুত ৰাখিব যাতে শিশুটিয়ে সেইবিলাক হে বিচাৰি পায়।
- দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পুৱাৰ আহাৰ পুষ্টি সমৃদ্ধ শস্য যোগ দিবলৈ যত্ন কৰক। ই শিশুৰ আহাৰৰ দৈনন্দিন পুষ্টিৰ সমল যথেষ্ট উন্নত কৰিব পাৰে আৰু যিকোনো মাইক্ৰনিউট্ৰিয়েন্টৰ অভাৱ সফলতাৰে পূৰণ কৰিব পাৰে।

স্বাস্থ্যৰ দিশে ভাৰসাম্যতা বজাই ৰখাটো এতিয়া শিশুৰ বাবে সাজু কৰা আহাৰত সম্পূৰ্ণ Nestlé's Ceregrow যোগ দিয়েই সম্ভৱপৰ কৰিব পাৰি। ই প্ৰিজাৰ্ভেটিভ আৰু অতিৰিক্ত ফ্লেভাৰ-মুক্ত আৰু 2 ৰ পৰা 5 বছৰৰ শিশুৰ বাবে এক সুস্বাদু ব্ৰেকফাষ্টৰ বিকল্প ৰূপে কাম কৰে। Ceregrow-ৰ প্ৰতিটো বাটি আইৰণ, ভিটামিন এ, চি আৰু ডি, কেলচিয়াম আৰু প্ৰ'টিনৰে সমৃদ্ধ। শস্য, গাখীৰ আৰু ফলৰ উত্তম গুণৰ সৈতে, এতিয়া আপুনি নিজৰ সন্তানটিক যিকোনো স্থানত, যিকোনো সময়তে সম্পূৰ্ণ আৰু সৰ্বশ্ৰেষ্ঠ পোষণ দিব পাৰে।

Nestlé Ceregrow হৈছে আপোনাৰ কণমানিটোৰ বাবে এক সুস্বাদু তথা পোষণযুক্ত ব্ৰেকফাষ্টৰ বিকল্প; ইয়াৰ বিষয়ে অধিক জানিবৰ বাবে ইয়াত  ক্লিক কৰক ।

*ICMR 2010 অনুসৰি RDA 4-6 বছৰীয়া শিশু



উত্‍স : *https://www.ceregrow.in/child-nutrition/nutrient-deficiency-symptoms
** https://www.unicef.org/nutrition/index_iodine.html
(এইটো এক পাৰ্টনাৰড পোষ্ট।)
First published: January 13, 2021, 8:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading