মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health Tips: পেটৰ চৰ্বি আৰু ওজন হ্ৰাসৰ বাবে গুৰ আৰু নিমুৰ পানীয়, জানি লওক তৈয়াৰ কৰা প্ৰণালী আৰু ফলাফল

Health Tips: পেটৰ চৰ্বি আৰু ওজন হ্ৰাসৰ বাবে গুৰ আৰু নিমুৰ পানীয়, জানি লওক তৈয়াৰ কৰা প্ৰণালী আৰু ফলাফল

News18 Assam | News18-Assam
Updated:July 11, 2021, 6:30 PM IST
Health Tips: পেটৰ চৰ্বি আৰু ওজন হ্ৰাসৰ বাবে গুৰ আৰু নিমুৰ পানীয়, জানি লওক তৈয়াৰ কৰা প্ৰণালী আৰু ফলাফল
গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি সহজে ঘৰত বহি এই পানীয়বিধ নিজে তৈয়াৰ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি সহজে ঘৰত বহি এই পানীয়বিধ নিজে তৈয়াৰ কৰিব পাৰে।

  • Share this:

স্বাস্থ্যসন্মত খাদ্য আৰু নিয়মীয়া ব্যায়াম হৈছে ওজন হ্ৰাস কৰাৰ এক সৰ্বশ্ৰেষ্ঠ আৰু সৰল উপায়। কিন্তু কেতিয়াবা সময়ৰ অভাৱত খাদ্যৰ প্ৰতি মনোযোগ দিব পৰা নাযায় বা ব্যায়াম আদিও কৰিব পৰা নাযায়। এনে অৱস্থাত ওজন বৃদ্ধি হোৱাটো স্বাভাৱিক। আপুনি যদি ওজন বৃদ্ধি আৰু পেটৰ চৰ্বিৰ সমস্যাত ভুগি আছে, তেনেহ'লে এই আয়ুৰ্বেদিক নেমু-গুৰৰ পানীয়ই  আপোনাৰ অসুবিধা উপশম কৰাত সহায় কৰিব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি সহজে ঘৰত বহি এই পানীয়বিধ নিজে তৈয়াৰ কৰিব পাৰে।


আয়ুৰ্বেদিক নেমু-গুৰ পানীয় প্ৰস্তুত কৰাৰ উপাদান-
গুড় আৰু নেমু



 নেমু-গুৰৰ পানীয় এনেদৰে প্ৰস্তুত কৰক-
এগিলাচ কুহুমীয়া পানী লওক আৰু ইয়াত এচামুচ গুৰৰ গুড়ি ভালদৰে মিহলি কৰক। এতিয়া এই গিলাচত এক চামুচ নেমুৰ ৰস পানীৰ সৈতে মিহলি কৰক। দুয়োটা বস্তু আকৌ এবাৰ ভালদৰে মিহলি কৰক। আপোনাৰ ওজন হ্ৰাস হোৱা পানীয় সাজু। ওজন হ্ৰাস কৰিবলৈ আৰু পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ খালী পেটত আপুনি দৈনিক এই পানীয় গ্ৰহণ কৰিব পাৰে।


এই পানীয়ই কেনেদৰে কাম কৰে?
গুৰত থকা খনিজ, আঁহ, কাৰ্বোহাইড্ৰেট আৰু প্ৰ'টিনৰ দৰে বহুতো পুষ্টি মেদবহুলতা হ্ৰাস কৰাত কাৰ্যকৰী। গুৰত থকা পটাছিয়ামে বিপাক ত্বৰান্বিত কৰাৰ লগতে ইলেকট্ৰ'লাইটিক ভাৰসাম্য বজাই ৰখাত সহায় কৰে। গুৰত থকা আঁহে হজমত সহায় কৰে আৰু পাচন তন্ত্ৰক ভালদৰে কাম কৰাত সহায় কৰে। ফলত শৰীৰত জমা হোৱা চৰ্বি স্বয়ংক্ৰিয়ভাৱে হ্ৰাস হ'বলৈ আৰম্ভ কৰে।



নেমুৱে ওজন হ্ৰাস কৰাত কেনেদৰে সহায় কৰে
নেমুত পোৱা পলিফেনল এণ্টিঅক্সিডেণ্টে ওজন কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই এণ্টিঅক্সিডেণ্টবোৰে শৰীৰত চৰ্বি জমা হোৱা প্ৰতিহত কৰি বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। গুড়ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা গুণাগুণ আছে আৰু লগতে কম কেলৰি থাকে। গুড় আৰু নেমু একেলগে মিহলি হোৱাৰ পিছত ই পাচন আৰু শ্বাসতন্ত্ৰ পৰিষ্কাৰ কৰি শৰীৰত জমা হোৱা চৰ্বি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

Published by: Gautam Barman
First published: July 11, 2021, 6:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি