মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health tips: কেনেদৰে গুচাব চকুৰ ভাগৰ, এইসমূহ ঘৰুৱা পদ্ধতিৰে লওক যতন

Health tips: কেনেদৰে গুচাব চকুৰ ভাগৰ, এইসমূহ ঘৰুৱা পদ্ধতিৰে লওক যতন

News18 Assam | News18-Assam
Updated:June 26, 2021, 3:18 PM IST
Health tips: কেনেদৰে গুচাব চকুৰ ভাগৰ, এইসমূহ ঘৰুৱা পদ্ধতিৰে লওক যতন
এই প্ৰতিকাৰসমূহে কেৱল চকুৰ ভাগৰ উপশম নকৰে ই চকুৰ চাৰিওফালৰ ছাল সতেজ কৰি ৰাখে।

এই প্ৰতিকাৰসমূহে কেৱল চকুৰ ভাগৰ উপশম নকৰে ই চকুৰ চাৰিওফালৰ ছাল সতেজ কৰি ৰাখে।

  • Share this:

Home Remedies To Reduce Eye Strain: বৰ্তমান সময়ত আমাৰ দৈনন্দিত জীৱনত কম্পিউটাৰ এক এৰাব নোৱাৰা সামগ্ৰীত পৰিণত হৈছে। কাৰ্যালয়ৰ কামৰ পৰা স্কুল-কলেজ, সভা-সমিতি সকলো ক্ষেত্ৰতে লেপটপ অথবা কম্পিউটাৰৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ কোভিডসৃষ্ট পৰিৱেশৰ পিছত বেছিভাগ কোম্পানী অথবা বিভাগেই কাৰ্যালয় অবিহনেই কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ অনুমতি প্ৰদান কৰিছে।


দৈনিক ঘণ্টাৰ পিছত ঘণ্টা কম্পিউটাৰৰ ব্যৱহাৰে আমাৰ চকুৰ ওপৰতো পেলাই বিশেষ প্ৰভাৱ। এনেক্ষেত্ৰত সচৰাচৰভাৱেই চকুৰ ক্লান্তি অনুভৱ কৰা যায়। অৱশ্যে চকুৰ ক্লান্তি অনুভৱৰ পিছতো আপুনি যদি পুনৰ কাম কৰি আছে তেন্তে ই আপোনাৰ বাবে হ'ব পাৰে ভয়ংকৰ। আপুনি জানিব লাগিব যে ভাগৰুৱা চকুৰে কাম কৰাটো কিমান কঠিন। এই ক্ষেত্ৰত চকুৰ ভাগৰ (Eye Strain) দূৰ কৰিবলৈ আমি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ (Home Remedies) সহায় ল'ব পাৰো। এই প্ৰতিকাৰসমূহে কেৱল চকুৰ ভাগৰ উপশম নকৰে ই চকুৰ চাৰিওফালৰ ছাল সতেজ কৰি ৰাখে। গতিকে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি কেনেকৈ চকুৰ অৱসাদ দূৰ কৰিব পাৰো, সেই বিষয়ে জানো আহক।


১. ঠাণ্ডা পানীৰ ব্যৱহাৰ



একেৰাহে কেইবাঘণ্টা ধৰি কম্পিউটাৰত কাম কৰাৰ ফলত চকুৰ বিষ আৰু জ্বলা-পোৰা হয়। চকুৰ বিষ আৰু জ্বলা-পোৰা হ্ৰাস কৰিবলৈ ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে। গ্ৰীষ্মকালত আপুনি মাজে মাজে কামৰ পৰা বিৰতি লওক আৰু ফ্ৰিজৰ পানী চকুত ছটিয়াওক। এনে কৰিলে চকুৰ জ্বলা-পোৰাৰ লগতে চাপো হ্ৰাস হ'ব।


২. তুলসী আৰু পদিনা এনেদৰে ব্যৱহাৰ কৰক


চকুৰ ভাগৰ উপশম কৰিবলৈ আপুনি তুলসী আৰু পদিনা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে তুলসী আৰু পদিনা পাতবোৰ ৰাতিটো পানীত তিয়াই ৰাখিব আৰু পিছদিনা এই পানীত কপাহ তিয়াই সেই তিতা কপাহ আপোনাৰ চকুৰ ওপৰত ৰাখক। এনে কৰিলে চকুৰ ভাগৰ উপশমৰ লগতে ছালৰ চাপ মুক্ত হ'ব।


৩. গোলাপ জল ব্যৱহাৰ



চকুৰ ভাগৰ আৰু জ্বলা-পোৰা উপশম কৰিবলৈ আপুনি গোলাপ জল ব্যৱহাৰ কৰিব পাৰে। এটা বাটিত ঠাণ্ডা পানী লওক আৰু ইয়াত গোলাপ জল মিহলাওক। তাৰ পিছত কপাহ বা কপাহী কাপোৰ এই পানীত তিয়াই আপোনাৰ চকুত ৰাখক। ৫ মিনিটৰ পিছত ইয়াক চকুৰ পৰা আঁতৰাই দিয়ক। আপুনি এনেদৰে দিনত তিনিৰ পৰা চাৰিবাৰ কৰিব পাৰে। ই চকুৰ জ্বলা-পোৰা আৰু ভাগৰ হ্ৰাস কৰিব।

Published by: Gautam Barman
First published: June 26, 2021, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি