মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Dehydration: ডিহাইড্ৰেচনৰ পৰা মিনিটতে পাব সকাহ, জবা ফুল–গুৱামৰি–তুলসী আদিৰে বনাওক পানীয়

Dehydration: ডিহাইড্ৰেচনৰ পৰা মিনিটতে পাব সকাহ, জবা ফুল–গুৱামৰি–তুলসী আদিৰে বনাওক পানীয়

News18 Assam | News18-Assam
Updated:July 13, 2021, 12:28 AM IST
Dehydration: ডিহাইড্ৰেচনৰ পৰা মিনিটতে পাব সকাহ, জবা ফুল–গুৱামৰি–তুলসী আদিৰে বনাওক পানীয়
গ্ৰীষ্মৰ দিনবোৰত ডিহাইড্ৰেচন (Dehydration)ৰ সমস্যা সচৰাচৰ হোৱা দেখা যায়।

গ্ৰীষ্মৰ দিনবোৰত ডিহাইড্ৰেচন (Dehydration)ৰ সমস্যা সচৰাচৰ হোৱা দেখা যায়।

  • Share this:

Home Remedies For Dehydration- গ্ৰীষ্মৰ দিনবোৰত ডিহাইড্ৰেচন (Dehydration)ৰ সমস্যা সচৰাচৰ হোৱা দেখা যায়। ইয়াৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। ইয়াত ভিতৰত হ'ব পাৰে নিম্ন ৰক্তচাপ, ঘন উশাহ, শুকান ওঁঠ আৰু জিভা, কোষ্ঠকাঠিন্য, মূৰৰ বিষ, পেশীৰ বিষ, দুৰ্বলতা আৰু ভাগৰৰ দৰে সমস্যা। ডিহাইড্ৰেচনৰ সমস্যা প্ৰতিহত কৰিবলৈ আপুনি ঘৰুৱা পদ্ধতি অৱলম্বন কৰিব পাৰে।


গুৱামৰিৰ পানী


ডিহাইড্ৰেচনৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি গুৱামৰিৰ সহায় ল'ব পাৰে। ইয়াৰ বাবে এক লিটাৰ পানীত আধা চামুচ গুৱামৰি উতলাওক। এতিয়া এই পানী ঠাণ্ডা কৰক আৰু দিনত তিনিৰ পৰা চাৰিবাৰ খাওক। ই যথেষ্ট ঠাণ্ডা আৰু ডিহাইড্ৰেচনৰ বাবে দায়ী বেক্টেৰিয়া আঁতৰ কৰাত সহায় কৰে।



তুলসী পাতৰ ৰস


তুলসীয়ে আপোনাক ডিহাইড্ৰেচনৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব। ইয়াৰ বাবে আপুনি তুলসী পাতৰ ৰস উলিয়াব পাৰে আৰু ইয়াৰ দুটোপাল একাপ পানীত মিহলি কৰিব পাৰে আৰু দিনত দুবাৰকৈ খাব পাৰে। তুলসীৰ ঔষধি গুণ আছে যি ডিহাইড্ৰেচন হ'লে শৰীৰৰ উষ্ণতা শীতল কৰি ৰখাত সহায় কৰে।


কুঁহিয়াৰৰ ৰস


কুঁহিয়াৰৰ ৰসে ডিহাইড্ৰেচন উপশম কৰাত যথেষ্ট সহায় কৰে। ই পুষ্টিৰে সমৃদ্ধ আৰু ডিহাইড্ৰেচন হ'লে শৰীৰত পুষ্টিৰ অভাৱ পূৰণ কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি একাপ কুঁহিয়াৰৰ ৰসত একাপ পানী যোগ দিব লাগে আৰু দিনত দুবাৰকৈ খাব লাগে।



শগুণী লতাৰ ৰস


ডিহাইড্ৰেচনৰ সমস্যা দূৰ কৰিবলৈ শগুণী লতাৰ ৰসৰ আশ্ৰয় ল'ব পাৰে। ই হজম সংক্ৰমণ আঁতৰ কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ বাবে দুই চাহ চামুচ ৰস লওক আৰু ইয়াত একে পৰিমাণৰ পানী যোগ দিয়ক আৰু দিনত এবাৰকৈ খাওক।


জবা ফুল


জবা ফুলেও ডিহাইড্ৰেচনৰ সমস্যাৰ পৰা সকাহ দিয়াত যথেষ্ট সহায় কৰে। ইয়াৰ বাবে একাপ পানী লওক আৰু এক চতুৰ্থাংশ জবা ফুলৰ পাহি আৰু কিছু গোলাপৰ পাত দি উতলাওক। এতিয়া এলোভেৰাৰ ৰস এচামুচ যোগ দিয়ক আৰু দিনত দুবাৰকৈ খাওক। এইটোৱে মুখ্যতঃ শৰীৰত পানীৰ অভাৱ ৰক্ষা কৰে।


(স্পষ্টীকৰণঃ এই প্ৰবন্ধৰ তথ্য সাধাৰণ জ্ঞানৰ ওপৰত আধাৰিত। অসম নিউজ১৮-এ ইয়াক নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)

Published by: Gautam Barman
First published: July 13, 2021, 12:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি