• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ELEPHANT APPLE : ঔটেঙা আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানেনে? জানি লওক ঔটেঙাৰ গুণসমূহ

ELEPHANT APPLE : ঔটেঙা আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী জানেনে? জানি লওক ঔটেঙাৰ গুণসমূহ

এছিয়া মহাদেশৰ ভিতৰত ফিলিপাইনৰ পিছত সৰ্বাধিক অসমত বেছিকৈ হোৱা এই ফলবিধ আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়।

এছিয়া মহাদেশৰ ভিতৰত ফিলিপাইনৰ পিছত সৰ্বাধিক অসমত বেছিকৈ হোৱা এই ফলবিধ আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়।

এছিয়া মহাদেশৰ ভিতৰত ফিলিপাইনৰ পিছত সৰ্বাধিক অসমত বেছিকৈ হোৱা এই ফলবিধ আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়।

  • Share this:
সাধাৰণতে এছিয়া মহাদেশত উপলব্ধ ঔটেঙা বা এলিফেণ্ট এপল আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী আমি হয়তো আমি বহুতেই নাজানো বা জানিবলৈও চেষ্টা নকৰো। এছিয়া মহাদেশৰ ভিতৰত ফিলিপাইনৰ পিছত সৰ্বাধিক অসমত বেছিকৈ হোৱা এই ফলবিধ আমাৰ গাঁৱলীয়া সমাজত অতিকে জনপ্ৰিয়। ঔটেঙাৰ বিভিন্ন ব্যঞ্জন ঔটেঙাৰ জোল, ঔটেঙা দিয়া দাইল, ঔটেঙাৰ আচাৰ, ঔটেঙাৰ টেঙা-মিঠা চাটনি, ঔটেঙাৰ চৰবত, আনকি পকা ঔটেঙা কেঁচাকৈও আমাৰ থলুৱা সমাজত সৰ্বাধিক খোৱা দেখা যায়।

অকল মানুহৰে নহ‘য় হাতীৰো এবিধ প্ৰিয় ফল হৈছে ঔটেঙা। সেইবাবেই ঔটেঙাক ইংৰাজীত এলিফেণ্ট এপল বুলি কোৱা হয়।  এই ঔটেঙাৰ আছে বহুত স্বাস্থ্য উপকাৰী গুণ।বিভিন্ন গৱেষণাত এই কথা প্ৰকাশ যে নিয়মিত ঔটেঙা খালে বিভিন্ন ৰোগ আৰু ইয়াৰ উপসৰ্গসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।

হৃদযন্ত্ৰৰ বাবে অতিকৈ উপকাৰী ঔটেঙাত প্ৰচুৰ পৰিমাণে পটাচিয়াম থকাৰ বাবে তেজৰ কলেষ্টেৰল হ্ৰাস পায় আৰু হৃদয়ৰ গতি স্থিৰ কৰি ৰাখে। ফলত  হৃদযন্ত্ৰ মজবুত, সুঠাম হৈ থাকে।

ডায়েবেটিছ ৰোগীয়ে নিয়মিত ঔটেঙা খালে ভৱিষ্যতে হ‘ব পৰা অনান্য উপসৰ্গসমূহৰ পৰা বাচি থাকিব পাৰে, যিহেতু ঔটেঙাই তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। ঔটেঙাত থকা চি আৰু ই ভিটামিনে মানুহৰ শৰীৰত কলাজেন প্ৰটিনক পৰিপুষ্টি প্ৰদান কৰি ছালৰ সতেজতা আনে। যাৰফলত কোনো এজন মানুহ বহু দিনলৈ চিৰযৌৱন হৈ থাকিব পাৰে।
ইয়াৰোপৰি ঔটেঙা খালে টোপনি ভাল হ‘য়। সেইবাবে ই মানসিক চাপ হ্ৰাস কৰি স্মৃতি শক্তি বৃদ্ধি কৰি মানুহক মানসিক সুস্থিৰতা প্ৰদান কৰে। কিয়নো ইয়াত চেপুটিন আৰু টেনিন আদি উপাদান উপলব্ধ।

এণ্টি অক্সিডেণ্ট সমৃদ্ধ ঔটেঙা খালে বৃক্কৰ ৰোগ কমকৈ হ‘ব পাৰে। কিয়নো ইয়াত থকা এণ্টি অক্সিডেণ্টবোৰে দেহত জমা হোৱা বিষাক্ত দ্ৰব্য ফ্ৰী ৰেডিকেলসমূহ নিষ্কাশন কৰি বৃক্ক দুটি সবল কৰি ৰাখে।

ঔটেঙাত থকা ভিটামিন এইমানুহৰ চকুৰ দৃষ্টি শক্তি অটুট ৰখাত সহায় কৰে। সেয়ে দৈনিক ঔটেঙা খোৱাৰ অভ্যাস কৰিলে চকুৰ দৃষ্টি শক্তি বহুদিনলৈ ভাল কৰি ৰাখিব পাৰি। ঔটেঙা পেটৰ বাবে অতিকৈ উপকাৰী ফল। পেটৰ বিভিন্ন ৰোগ ডায়েৰীয়া, পেট চলা, গেছ আৰু পুৰণি কলেৰা ৰোগ আদি নিৰ্মূল কৰাত ঔটেঙাই উল্লেযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰাত সহায় কৰা ঔটেঙাত প্ৰচুৰ চি, ই, আৰু এণ্টি অক্সিডেণ্ট থকাৰ বাবে মাৰাত্মক কেন্সাৰ প্ৰতিৰোধ কৰাতো ঔটেঙাই বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি বহুতেই ক’ব বিচাৰে।
Published by:Sanjay Kumar Das
First published: