• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Hair Perfume: হেয়াৰ পাৰফিউম কি? ই কেনেদৰে চুলিৰ যতন লয়?

Hair Perfume: হেয়াৰ পাৰফিউম কি? ই কেনেদৰে চুলিৰ যতন লয়?

এতিয়া বজাৰত বিভিন্ন ধৰণৰ হেয়াৰ পাৰফিউম উপলব্ধ হৈছে। হেয়াৰ পাৰফিউমে দুৰ্গৰ্ধ দূৰ কৰাৰ লগতে চুলিৰ উপকাৰ সাধন কৰে।

এতিয়া বজাৰত বিভিন্ন ধৰণৰ হেয়াৰ পাৰফিউম উপলব্ধ হৈছে। হেয়াৰ পাৰফিউমে দুৰ্গৰ্ধ দূৰ কৰাৰ লগতে চুলিৰ উপকাৰ সাধন কৰে।

এতিয়া বজাৰত বিভিন্ন ধৰণৰ হেয়াৰ পাৰফিউম উপলব্ধ হৈছে। হেয়াৰ পাৰফিউমে দুৰ্গৰ্ধ দূৰ কৰাৰ লগতে চুলিৰ উপকাৰ সাধন কৰে।

  • Share this:
Hair Perfume: গৰমৰ দিনত মানুহৰ শৰীৰত দুৰ্গন্ধই সমস্যাৰ সৃষ্টি কৰে। যাৰ বাবে মানুহে Deodorant ব্যৱহাৰ কৰে। কিন্তু আজিকালি চুলিৰ পৰা ওলোৱা দুৰ্গন্ধক লৈও মানুহে গুৰুত্ব প্ৰদান কৰা দেখা যায়। চুলিৰ পৰা অহা দুৰ্গন্ধই অস্বস্তিকৰ পৰিৱেশৰ কাৰণ হৈ পৰে। ইয়াৰ কাৰণ হ’ল মানুহে ইয়াক দূৰ কৰাৰ বাবে চেম্পুৰ বাদে আন উপায় নাজানে। কিন্তু এই সমস্যা দূৰ কৰাৰ বাবে এতিয়া বজাৰত বিভিন্ন ধৰণৰ হেয়াৰ পাৰফিউম উপলব্ধ হৈছে। হেয়াৰ পাৰফিউমে দুৰ্গৰ্ধ দূৰ কৰাৰ লগতে চুলিৰ উপকাৰ সাধন কৰে।

চুলি ধুনীয়া কৰে

ধুলি, ঘাম আৰু প্ৰদূষণৰ বাবে বা চেম্পু নকৰাৰ ফলত চুলিত উৎপন্ন হোৱা দুৰ্গন্ধ দূৰ কৰাত হেয়াৰ পাৰফিউমে সুন্দৰ ভূমিকা গ্ৰহণ কৰে। ইয়াক অতি সহজে লগাব পাৰি আৰু কোনো পাৰ্শ্বক্ৰিয়া নাথাকে। অধিক ভাল ফলাফলৰ বাবে বিশেষজ্ঞই ইয়াক ড্ৰাই চেম্পুৰ সৈতে মিক্স কৰি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

ইউভি ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে

হেয়াৰ পাৰফিউমে চুলিৰ দুৰ্গন্ধ দূৰ কৰি কেৱল চুলিক সুগন্ধিযুক্ত কৰাই নহয়, লগতে চুলিক ইউভি ৰশ্মিৰ পৰা ৰক্ষা কৰাতো সহায় কৰে। ই চুলিৰ সৌন্দৰ্য আৰু সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত চুলি চিগা–সৰা হ্ৰাস হয় আৰু ৰুক্ষতাৰ পৰা ৰক্ষা পোৱা যায়।

চুলিক পুষ্টি দিয়ে

চুলিৰ গুৰিলৈকে পুষ্টি দিয়াৰ কামো হেয়াৰ পাৰফিউমে কৰে। চুলিৰ পৰা দুৰ্গন্ধ নোলালেও আপুনি ইয়াক চেম্পু কৰাৰ পিছত ব্যৱহাৰ কৰিব পাৰে। ই চুলিক সুন্দৰ কৰি তোলে।


চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে

চুলিৰ সুন্দৰ কৰাৰ লগতে হেয়াৰ পাৰফিউমে চুলিক চিল্কী–ছাইনী কৰাৰ কাম কৰে। ইয়াৰ লগতে চুলিক এক্সট্ৰা পৰিষ্কাৰ আৰু তেল কম কৰাতো সহায় কৰে। চুলি মইশ্বাৰাইজ কৰাতো হেয়াৰ পাৰফিউমে সহায় কৰে।


Disclaimer: এই লিখনিত উল্লেখিত উপদেশ সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18 অসমে এইসমূহ নিশ্চিত নকৰে। এয়া ব্যৱহাৰ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লওক।


Published by:Sanjay Kumar Das
First published: