মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Healthy Meal: গ্ৰীষ্মকালত স্বাস্থ্যৱান হৈ থাকিবলৈ গ্ৰহণ কৰক এই ৫বিধ খাদ্য, পুষ্টিৰ লগতে আপোনাক দিব সুৰক্ষা

Healthy Meal: গ্ৰীষ্মকালত স্বাস্থ্যৱান হৈ থাকিবলৈ গ্ৰহণ কৰক এই ৫বিধ খাদ্য, পুষ্টিৰ লগতে আপোনাক দিব সুৰক্ষা

News18 Assam | News18-Assam
Updated:June 29, 2021, 3:10 PM IST
Healthy Meal: গ্ৰীষ্মকালত স্বাস্থ্যৱান হৈ থাকিবলৈ গ্ৰহণ কৰক এই ৫বিধ খাদ্য, পুষ্টিৰ লগতে আপোনাক দিব সুৰক্ষা
এজন ব্যক্তি স্বাস্থ্যৱান হৈ থাকিবলৈ স্বাস্থ্যকৰ জীৱন আৰু স্বাস্থ্যকৰ আহাৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

এজন ব্যক্তি স্বাস্থ্যৱান হৈ থাকিবলৈ স্বাস্থ্যকৰ জীৱন আৰু স্বাস্থ্যকৰ আহাৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

  • Share this:

Healthy Meal Plans For Summer : কোৰোণা মহামাৰীৰ এই বিভীষিকাময় সময়ত সকলোৱে নিজকে স্বাস্থ্যৱান (Healthy)কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। নিজৰ স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ কোনো যেন ক্ৰুটি কৰা নাই মানুহে। এজন ব্যক্তি স্বাস্থ্যৱান হৈ থাকিবলৈ স্বাস্থ্যকৰ জীৱন আৰু স্বাস্থ্যকৰ আহাৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। দৰাচলতে, পুষ্টিকৰ খাদ্যই কেৱল আমাক স্বাস্থ্যৱান কৰি ৰখাত সহায় নকৰে লগতে বহুতো ৰোগৰ পৰাও আমাক সুৰক্ষিত কৰি ৰাখে। গ্ৰীষ্মকালত সুস্থ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ আমি দৈনিক কি কি খাদ্য গ্ৰহণ কৰিব লাগে সেই বিষয়ে জানো আহক।


স্বাস্থ্যৱান হৈ থাকিবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য


১. গোমধান



গোমধানক স্বাস্থ্যৰ বাবে অতি উপযোগী বুলি গণ্য কৰা হয়। গোমধানত প্ৰ'টিন, ফাইবাৰ, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যি আপোনাৰ ওজন হ্ৰাস কৰাত আৰু স্বাস্থ্যৱান ৰখাত সহায় কৰিব পাৰে। গোমধান প্ৰায় প্ৰতিটো ভাৰতীয় পৰিয়ালতে পোৱা যায়।


২. দৈ


গ্ৰীষ্মকালত দৈ খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট ভাল বুলি গণ্য কৰা হয়। ই কেলচিয়ামৰ লগতে প্ৰ'টিন আৰু ভিটামিন সমৃদ্ধ। যদি নিয়মীয়াকৈ খোৱা হয়, দৈয়ে হাড়বোৰ শক্তিশালী কৰে আৰু লগতে আপোনাৰ পেশী শক্তিশালী কৰে। ইয়াত থকা ভাল বেক্টেৰিয়াই স্বাস্থ্যৱান কৰি ৰাখে, যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।


৩.দাইল



ভাৰতীয় পৰিয়ালত প্ৰায় দৈনিক মাহজাতীয় শস্য খোৱা হয়। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। মাহজাতীয় শস্যত প্ৰ'টিন, ভিটামিন এ, বি, চি, মেগনেছিয়াম আৰু আইৰন সমৃদ্ধ। ইমানবোৰ গুণৰ বাবে মাহজাতীয় শস্য গ্ৰহণে আমাৰ শৰীৰৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰে।


৪. হালধি


এইটো জ্ঞাত যে হালধিৰ এণ্টিচেপ্টিক আৰু এণ্টিইনফ্লেমেশন গুণ আছে। ইয়াত জৈৱসক্ৰিয় যৌগ, কাৰকিউমিন থাকে যি শৰীৰক বহুতো ভাইৰেল সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ হালধিও ব্যৱহাৰ কৰিব পাৰি।


৫. দালিয়া বা অ'টমিল


যদি ৰাতিপুৱাৰ আহাৰত দালিয়া খোৱা হয়, ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ওজন নিয়ন্ত্ৰণ কৰাতো সহায়ক ৰূপে কাম কৰে। অ'টমিলত বহুতো পুষ্টি থাকে যি শৰীৰক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

Published by: Gautam Barman
First published: June 29, 2021, 3:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি