মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Snoring: এটা বিৰক্তিদায়ক সমস্যা নাক বজা, শোওঁতে হোৱা নাকৰ শব্দ নাশ কৰাৰ ৫টা উপায়

Snoring: এটা বিৰক্তিদায়ক সমস্যা নাক বজা, শোওঁতে হোৱা নাকৰ শব্দ নাশ কৰাৰ ৫টা উপায়

News18 Assam | News18-Assam
Updated:July 22, 2021, 11:34 PM IST
Snoring: এটা বিৰক্তিদায়ক সমস্যা নাক বজা, শোওঁতে হোৱা নাকৰ শব্দ নাশ কৰাৰ ৫টা উপায়
নাকৰ শব্দ হোৱাটো শ্লিপ এপনিয়াৰো লক্ষণ হ'ব পাৰে, এইক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লোৱা ভাল।

নাকৰ শব্দ হোৱাটো শ্লিপ এপনিয়াৰো লক্ষণ হ'ব পাৰে, এইক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লোৱা ভাল।

  • Share this:

টোপনিত নাকৰ শব্দ ওলোৱা বা আনৰ পৰা এনে শব্দ শুনাৰ অভিজ্ঞতা বহুতৰে আছে। ই এক বিৰক্তিদায়ক অভিজ্ঞতা। নাক বজা লোকগৰাকী টোপনিত থাকে যদিও কাষৰজনৰ সমস্যা বিৰক্তিদায়ক হয়।


সাধাৰণ কাৰণত নাক বজা বা নাকৰ শব্দ হোৱা সমস্যাৰ কিছুমান সৰল সমাধান আছে। সেইবোৰ এনেধৰণৰ–


–যিসকলে পিঠি বিছনাত লগাই সমতলভাৱে শুই থাকোঁতে নাক বাজে তেওঁলোকে পথালিকৈ শুব লাগে। এনে কৰিলে নাকৰ শব্দ হ্ৰাস হয়। লগতে ই হজমৰ কাৰণেও উপকাৰী।



–পৰিসংখ্যাই দেখুৱাইছে যে যিসকলৰ ওজন স্বাভাৱিকতকৈ বেছি তেওঁলোকৰ নাক বাজে। গতিকে ওজন হ্ৰাস কৰাৰ ব্যৱস্থা ল'ব লাগে।


-মূৰটো ওখ গাৰুত ৰাখিলে নাকৰ শব্দ হ্ৰাস হয়। সাধাৰণতে ই কমেও চাৰি ইঞ্চিৰ ওখ গাৰু হ'ব লাগে।


–নাক বজা হ্ৰাস কৰাৰ কাৰণে একপ্ৰকাৰৰ ক্লিপ পোৱা যায়, ই নাকত লাগি থাকে আৰু নাকৰ শব্দ হ্ৰাস হয়।


–নিয়মীয়াকৈ সুৰাপান আৰু ধূমপান কৰা লোকসকলৰ নাক বজা সমস্যা বৃদ্ধি পায়। বিশেষকৈ যিসকলে শোৱাৰ আগেয়ে এনে দ্ৰব্য পান কৰে। গতিকে চিকিৎসকসকলে নাক বজা বন্ধ কৰাৰ কাৰে ধূমপান আৰু সুৰাপান ত্যাগ কৰাৰ পৰামৰ্শ দিয়ে।



কিন্তু জানি থোৱা দৰকাৰ যে শোওঁতে নাক বজাটো এটা সাধাৰণ কথা যদিও ই শ্লিপ এপনিয়াৰো লক্ষণ হ'ব পাৰে, এইক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লোৱা ভাল।

Published by: Gautam Barman
First published: July 22, 2021, 11:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি