• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Diabetes Tips: ব্যস্ততাপূৰ্ণ জীৱন, মধুমেহে আমনি কৰিছে নেকি? ডায়েবেটিছৰ সমস্যাক এনেকৈ দিয়ক বিদায়

Diabetes Tips: ব্যস্ততাপূৰ্ণ জীৱন, মধুমেহে আমনি কৰিছে নেকি? ডায়েবেটিছৰ সমস্যাক এনেকৈ দিয়ক বিদায়

মধুমেহ ৰোগৰ বিপদৰ বিপৰীতে সুখী,চাপমুক্ত জীৱন যাপন কৰিবলৈ নিজৰ জীৱনশৈলীত অন্তৰ্ভূক্ত কৰক এইসমূহ নিৰ্দেশনা ...

মধুমেহ ৰোগৰ বিপদৰ বিপৰীতে সুখী,চাপমুক্ত জীৱন যাপন কৰিবলৈ নিজৰ জীৱনশৈলীত অন্তৰ্ভূক্ত কৰক এইসমূহ নিৰ্দেশনা ...

মধুমেহ ৰোগৰ বিপদৰ বিপৰীতে সুখী,চাপমুক্ত জীৱন যাপন কৰিবলৈ নিজৰ জীৱনশৈলীত অন্তৰ্ভূক্ত কৰক এইসমূহ নিৰ্দেশনা ...

  • Share this:
ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ লগতে দৈনন্দিন কামৰ বোজা,ব্যক্তিগত ভিন্ন সমস্যা,মহামাৰী,প্ৰদূষণ আৰু সময়ৰ সীমাবদ্ধতাই আমাৰ জীৱনলৈ কঢ়িয়াইছে ভিন্ন ৰোগ। ইয়াৰ বাবে কেতিয়াবা যদি আমি সঘনাই অসুস্থ হৈছো, কেতিয়াবা আকৌ আমি কিছু দীৰ্ঘম্যাদী ৰোগত আক্ৰান্তও হৈছো। এই ৰোগসমূহৰ ভিতৰত মধুমেহ ৰোগ হৈছে এক অন্যতম। যি বৰ্তমান এক চিন্তাৰ কাৰণ হিচাপে পৰিগণিত হৈছে । কিন্তু মনত ৰখা
উচিত এক পৰিকল্পিত সুন্দৰ জীৱনশৈলীৰে আমি ইয়াৰ সৈতে যুঁজ দিব পাৰো। মধুমেহ ৰোগৰ বিপদৰ বিপৰীতে সুখী,চাপমুক্ত জীৱন যাপন কৰিবলৈ নিজৰ জীৱনশৈলীত অন্তৰ্ভূক্ত কৰক এইসমূহ নিৰ্দেশনা ...

১. আপুনি গ্ৰহণ কৰা আহাৰৰ পৰিমাণ নিৰীক্ষণ কৰাৰ লগতে গুৰুত্ব দিয়ক শৰীৰৰ ওজনৰ ওপৰত। কিয়নো এবাৰতেই অধিক আহাৰ গ্ৰহণৰ ফলত ইনচুলিনৰ পৰিমাণ বৃদ্ধি হয় আৰু ৰক্ত শৰ্কৰা বৃদ্ধি হয়। দ্বিতীয় প্ৰকাৰৰ মধুমেহ ৰোগ সাধাৰণতে শৰীৰৰ অত্যাধিক ওজন বাবেই হয়।

২. প্ৰতিদিনে কৰক ৩০ মিনিটৰ শাৰিৰীক ব্যায়াম ,যিয়ে সক্ৰিয় কৰি ৰাখিব আপোনাক। হাতৰ ব্যায়াম,সাঁতোৰা,নৃত্য আৰু যোগাসন নিয়মীয়াকৈ কৰক, কিয়নো এইসমূহ হৈছো মধুমেহ ৰোগৰ পৰা দূৰৈত থকাৰ লগতে ওজন হ্ৰাসৰ মহা উপায়।

৩. স্বাস্থ্যকৰ আৰু সন্তুলিত খাদ্য খোৱাৰ সিদ্ধান্ত লওক। জাংক ফুড আৰু ভিন্ন সহজলভ্য মিঠা পানীয় গ্ৰহণৰ পৰা বিৰত থাকক। কিয়নো এইসমূহ খাদ্যত থাকে অতিৰিক্ত চৰ্বি আৰু নিমখ। ইয়াৰ পৰিৱৰ্তে খাওক ঘৰত ৰন্ধা খাদ্য | বিশেষতৈ সেউজীয়া শাক-পাচলি খোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক।

৪. ধুম্ৰপান ত্যাগ কৰক,মদ্যপান হ্ৰাস কৰক। অনিয়ন্ত্ৰিত সুৰাপানে উচ্চ ৰক্তচাপ আৰু ট্ৰাইগ্লিচাৰিডৰ স্তৰ বৃদ্ধি কৰে।

৫. ফেড আহাৰৰ পৰা দূৰৈত থাকক। বিজ্ঞাপনৰ ওপৰত ভোল গৈ নিম্নমানৰ কাৰ্বহাইড্ৰেট থকা আহাৰ আৰু গ্লাইকেচিক সূচক আহাৰে গ্ৰহণ নকৰিব। তাত্ক্ষণিক ফলাফল দিলেও পাচৰ পৰ্যায়ত বিপদত পৰিবলগীয়া হ'ব পাৰে আপুনি। প্ৰয়োজন অনুসৰি চিকিত্সক আৰু পুষ্টিবিদসকলৰ পৰামৰ্শ লওক।

৬. যথেষ্ট পৰিমাণে পানীৰ লগতে ফাইবাৰযুক্ত আহাৰ গ্ৰহণ কৰক। ওজন নিয়ন্ত্ৰণৰ বাবে ফাইবাৰ অতি উত্তম। আৰু পানীয়ে প্ৰতিহত কৰে ইনচুলিনৰ স্পাইক। এই জীৱনশৈলী নিজৰ দৈনন্দিন জীৱনত অনেতৰ্ভূক্ত কৰক আৰু সুস্থ হৈ থকাৰ লগতে মধুমেহ মুক্ত জীৱন লাভ কৰক।
First published: