• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Weight Loss : IPSসকলক কোনো পিনেৰেই নোৱাৰে আপুনি! ওজন কমোৱাৰ ক্ষেত্ৰটো পাকৈত এওঁলোক। ৪৩ কেজি ওজন কমালে এগৰাকী আইপিএছে...

Weight Loss : IPSসকলক কোনো পিনেৰেই নোৱাৰে আপুনি! ওজন কমোৱাৰ ক্ষেত্ৰটো পাকৈত এওঁলোক। ৪৩ কেজি ওজন কমালে এগৰাকী আইপিএছে...

এটা সময়ত বিষয়াগৰাকীৰ ওজন ১৩৮ কেজিলৈ বৃদ্ধি হয়। IPS বিবেক ৰাজৰ মতে খাদ্যাভ্যাসেই তেওঁৰ ওজন বঢ়াৰ মূল কাৰণ।

এটা সময়ত বিষয়াগৰাকীৰ ওজন ১৩৮ কেজিলৈ বৃদ্ধি হয়। IPS বিবেক ৰাজৰ মতে খাদ্যাভ্যাসেই তেওঁৰ ওজন বঢ়াৰ মূল কাৰণ।

এটা সময়ত বিষয়াগৰাকীৰ ওজন ১৩৮ কেজিলৈ বৃদ্ধি হয়। IPS বিবেক ৰাজৰ মতে খাদ্যাভ্যাসেই তেওঁৰ ওজন বঢ়াৰ মূল কাৰণ।

  • Share this:
অষ্টম শ্ৰেণীত পঢ়ি থাকোতে তেওঁৰ ওজন আছিল ৮৮ কেজি। তাৰৰ পাছৰ পৰা তেওঁ বহু বছৰ জোখা নাছিল দেহৰ ওজন। নেচনেল পুলিচ একেডেমীত ভৰ্তি হোৱাৰ সময়ত যেতিয়া ওজন জুখিলে তেতিয়া ওজন পালে ১৩৪ কেজি। এইজন আৰক্ষী বিষয়া কমালে ৪৩ কেজি ওজন। কেনেকৈ নিজক এনেদৰে সলনি কৰিব পাৰিলে সেই কাহিনী ছচিয়েল মিডিয়াত ছেয়াৰ কৰিছে IPS বিষয়াগৰৰাকীয়া।

এইজন IPS বিষয়াৰ নাম বিবেক ৰাজ সিং কুকৰেলে। নেচনেল পুলিচ একাডেমীত ভৰ্তি হোৱাৰ পাছত কৰা কঠোৰ প্ৰশিক্ষণৰ ফলত বিবেক ৰাজে ১০৪ কেজিলৈ ওজন কমাব পাৰিছিল। কিন্তু চাকৰি জীৱন আৰম্ভ হোৱাৰ লগে লগে ওজন মেইনটেইন কৰাটো এৰি দিয়াত এটা সময়ত বিষয়াগৰাকীৰ ওজন ১৩৮ কেজিলৈ বৃদ্ধি হয়।

IPS বিবেক ৰাজৰ মতে তেওঁৰ খাদ্যাভ্যাসেই তেওঁৰ ওজন বঢ়াৰ মূল কাৰণ। খাদ্য পেলাব নালাগে, এই নীতি মানি চলি অধিক খাদ্য খোৱা আৰু পেট ভৰি থাকোতেও আকৌ খোৱা আদি অভ্যাসৰ বাবে ওজন বাঢ়়িছিল বুলি মন্তব্য কৰিছে বিবেক ৰাজে।

কিন্তু যেতিয়াৰ পৰা বিবেক ৰাজে প্ৰাতঃভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে তেওঁৰ জীৱনৰ গতি সলনি হৈ গ'ল। প্ৰাতঃভ্ৰমণ দৈনিক কৰাৰ পৰা তেওঁৰ খাদ্যাভ্যাসক লৈও সচেতন হৈ পৰিল আৰু লাহে লাহে ওজন কমিবলৈ ধৰিলে। এই ক্ষেত্ৰত তেওঁক অহৰহ লগ দিলে Step Set Go’ এপটোৱে।
Published by:Manjumoni Borah
First published: