International Yoga Day 2021লৈ মাজত আৰু কেইটামান দিন বাকী। যোগৰ মহত্ত্বক উপলব্ধি কৰাৰ স্বাৰ্থত এনে এটা দিন পালন কৰে বিশ্বই। এই যোগ দিৱসৰ প্ৰাকমুহূৰ্তত জানো আহক শৰীৰৰ আন অংশৰ দৰে আমি চকুৰ যত্ন কিদৰে ল'ব পাৰো। বৰ্তমান সময়ত বহু লোকৰে চকুৰ সমস্যা দেখা যায়। আজিৰ ব্যস্ত জীৱনত সময়ৰ নাটনিৰ বাবে আমি আমাৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে সক্ষম নহওঁ। সেয়েহে সময় আৰু বয়সৰ পূৰ্বেই দৃষ্টিশক্তি দুৰ্বল হ'বলৈ আৰম্ভ কৰিছে। চকু দুৰ্বল হোৱাৰ ভিন্ন কাৰণ থাকিব পাৰে। কিন্তু ইয়াৰ এটা মুখ্য কাৰণ হ'ল বেছিভাগ লোকে কম্পিউটাৰ, লেপটপ, মোবাইল আদিত বহু সময় কাম কৰে অথবা ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত চকুৰ জ্বলা-পোৰা, শুষ্কতাৰ দৰে বহুতো সমস্যাই দেখা দিব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ দিনপঞ্জীত কিছুমান বিশেষ যোগাসন (Yoga) অন্তৰ্ভুক্ত কৰিব পাৰে। এইবোৰ কেৱল দৃষ্টিশক্তি বৃদ্ধি কৰাতে সহায় নকৰে চকুৰ আন বহু সমস্যাৰ সহায়ক হিচাপেও কাম কৰে।
হাত তালি: আপুনি আপোনাৰ চকু ভালে ৰাখিবলৈ এই সহজ যোগাসন কৰিব পাৰে। প্ৰথমতে আপোনাৰ চকু বন্ধ কৰি বহি লওক আৰু গভীৰভাৱে উশাহ লওক। তাৰ পিছত দুয়োখন হাতৰ তলুৱা দ্ৰুতগতিত ঘঁহি দিয়ক আৰু গৰম হ'লে সেইবোৰ আপোনাৰ চকুৰ পতাৰ ওপৰত লগাই দিয়ক। এনদৰে দৈনিক ৩ অথবা ৪ বাৰ কৰক।
চকু জপাওক: ই অতি সহজ যোগাসন। এইটো কৰিবলৈ প্ৰথমে বহি লওক আৰু আপোনাৰ চকু দহগুণ দ্ৰুততাৰে টিপিব। তাৰ পিছত আপোনাৰ চকু প্ৰায় ২০ ছেকেণ্ডৰ বাবে বন্ধ ৰাখিব। এনে কৰিলেই চকুৱে যথেষ্টা সকাহ পাব। ইয়াক তিনিৰ পৰা পাঁচবাৰ পুনৰাবৃত্তি কৰক।
কাষলৈ চাওক: এইটো আসন কৰিবলৈ প্ৰথমতে আপোনাৰ শৰীৰৰ সমান্তৰালকৈ ভৰি ৰাখি মজিয়াত বহি লওক। তাৰ পিছত হাতৰ মুঠিবোৰ বন্ধ কৰক আৰু বুঢ়া আঙুলিটো ওপৰলৈ ৰাখি আপোনাৰ হাত উঠাওক। তাৰ পিছত আ পোনাৰ চকুৰ সন্মুখৰ বিন্দুটো ভালদৰে চাওক আৰু চকুবোৰ এটা ফালৰ পৰা আনটো ফাললৈ কেন্দ্ৰীভূত কৰক। এইটো কমেও দহবাৰ কৰক। তাৰ পিছত আপোনাৰ চকু বন্ধ কৰক আৰু কিছু আৰাম কৰক।
সন্মুখলৈ চাওক: এই আসন অতি সহজ। এনে কৰিবলৈ প্ৰথমতে আপোনাৰ শৰীৰৰ সমান্তৰালকৈ ভৰি ৰাখি মজিয়াত বহি লওক। তাৰ পিছত আপোনাৰ বাঁও হাতৰ মুঠিটো বান্ধি দিয়ক আৰু বুঢ়া আঙুলিটো ওপৰলৈ ওলাই ৰাখিব। এতিয়া আপোনাৰ চকু বাঁও বুঢ়া আঙুলিৰ ওপৰত কেন্দ্ৰীভূত কৰক আৰু আপোনাৰ চকুৰ মাজৰ উচ্চতাৰ বিন্দুটোত মনোযোগ দিয়ক। তাৰ পিছত সোঁ হাতৰ বুঢ়া আঙুলিৰে একেটা প্ৰক্ৰিয়া পুনৰাবৃত্তি কৰক আৰু তাৰ পিছত আপোনাৰ চকু বন্ধ কৰক আৰু চকু দুটাক আৰাম দিয়ক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|