যোগ বা ব্যায়াম কৰাৰ লগতে আমাৰ বাবে উপযুক্ত আহাৰ গ্ৰহণো (Diet) যথেষ্ট গুৰুত্বপূৰ্ণ। যোগ কৰাৰ পিছত কি খাব লাগে আৰু যোগ কৰাৰ পূৰ্বে কি খাব লাগে এই ক্ষেত্ৰত চকু দিব লাগে।
প্ৰতি বছৰে ২১ জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস (International Yoga Day) পালন কৰা হয়। এই বিশেষ দিনটোত যোগৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা হয়। যোগাভ্যাসে মানুহক স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। শাৰীৰিক আৰু মানসিক শান্তিৰ (Mental Peace) বাবে যোগ অতি গুৰুত্বপূৰ্ণ। যোগ বা ব্যায়াম কৰাৰ লগতে আমাৰ বাবে উপযুক্ত আহাৰ গ্ৰহণো (Diet) যথেষ্ট গুৰুত্বপূৰ্ণ। যোগ কৰাৰ পিছত কি খাব লাগে আৰু যোগ কৰাৰ পূৰ্বে কি খাব লাগে সেই বিষয়েও যথেষ্ট বিভ্ৰান্তি আছে। যোগৰ পূৰ্বৰ আৰু পিছৰ আহাৰৰ যত্ন লৈ এইক্ষেত্ৰত লাভালাভ দুগুণ কৰিব পাৰি। যিকোনো ব্যায়ামৰ লাভালাভবোৰ মুখ্যতঃ এইটো কৰাৰ পিছত আৰু আগতে খোৱা আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। যোগকৰাৰ আগত আৰু পিছত আপুনি কি খাব লাগে সেই সম্বন্ধেই আজিৰ আমাৰ এই প্ৰতিবেদন।
যোগ কৰাৰ আগতে কি খাব ?
বেছিভাগ যোগ ৰাতিপুৱাৰ সময়ত কৰা হয়। এই ক্ষেত্ৰত ৰাতিপুৱা শুই উঠাৰ পাছত শৰীৰত একো নথকাৰ বাবে শক্তি কম পৰিমাণৰ থাকে। যোগ কৰিবলৈ আমাক শক্তিৰ প্ৰয়োজন। যিসকলে ৰাতিপুৱা যোগাভ্যাস কৰে তেওঁলোকে যোগ কৰাৰ প্ৰায় ৪০ মিনিট আগতে কল খাব লাগে। আপুনি শুকান ফল বা প্ৰ'টিনসমৃদ্ধ যিকোনো খাদ্যও গ্ৰহণ কৰিব পাৰে। এইটো এটা ফল হ'ব পাৰে বা আপুনি এটা কণীও খাব পাৰে। লগতে আপুনি অ'টমিল খাব পাৰে। আপুনি দৈও খাব পাৰে, কিন্তু যদি আপুনি সন্ধিয়া যোগাভ্যাস কৰে, আপুনি যোগ কৰাৰ এঘণ্টা আগতে বাদাম, মাহজাতীয় শস্য, চালাড অথবা বীজ খোৱা উচিত।
যোগ কৰাৰ পিছত কি খাব ?
যোগ কৰাৰ পিছত লগে লগে পানী খোৱাটো উচিত নহয়। আপুনি কমেও ২০ ৰ পৰা ২৫ মিনিট পিছত পানী খাব লাগে। যোগ কৰাৰ পিছত পুষ্টিসমৃদ্ধ আহাৰ গ্ৰহণ কৰক। নিশ্চিতভাৱে আপোনাৰ আহাৰত প্ৰ'টিন অন্তৰ্ভুক্ত কৰিব। ইয়াৰ বাবে আপুনি চীজ, কণী, চালাড, ফল বা ৰস খাব পাৰে। যোগ কৰাৰ পিছত আপুনি প্ৰ'টিন শ্বেক গ্ৰহণ কৰিব পাৰে। আপুনি আহাৰত চেণ্ডউইচ বাদাম অথবা বীজও অন্তৰ্ভুক্ত কৰিব পাৰে।