মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Tension and Hypertension : টেনশ্যন বাঢ়িছে পুৰুষসকলৰ, মহিলাসকলে এৰি দিছে চিন্তা, ৩০ বছৰৰ অধ্যয়নৰ আচৰিত সমীক্ষা

Tension and Hypertension : টেনশ্যন বাঢ়িছে পুৰুষসকলৰ, মহিলাসকলে এৰি দিছে চিন্তা, ৩০ বছৰৰ অধ্যয়নৰ আচৰিত সমীক্ষা

Manjumoni Borah | News18-Assam
Updated:September 15, 2021, 7:48 PM IST
Tension and Hypertension : টেনশ্যন বাঢ়িছে পুৰুষসকলৰ, মহিলাসকলে এৰি দিছে চিন্তা, ৩০ বছৰৰ অধ্যয়নৰ আচৰিত সমীক্ষা
বিশ্বজুৰি, ১২০ কোটি লোক টেনশ্যন (Tension) ) বা হাইপাৰ টেনশ্যন (Hypertension)ত ভূগি আছে। ৩০ বছৰ আগতে মহিলাসকলে অধিক টেনশ্যন লৈছিল, বৰ্তমান পুৰুষসকলে অধিক টেনশ্যন লোৱা দেখা গৈছে।

বিশ্বজুৰি, ১২০ কোটি লোক টেনশ্যন (Tension) ) বা হাইপাৰ টেনশ্যন (Hypertension)ত ভূগি আছে। ৩০ বছৰ আগতে মহিলাসকলে অধিক টেনশ্যন লৈছিল, বৰ্তমান পুৰুষসকলে অধিক টেনশ্যন লোৱা দেখা গৈছে।

  • News18 Assam
  • Last Updated: September 15, 2021, 7:48 PM IST
  • Share this:
অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অলপতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। এই ঘটনাই ভাৰতত কম বয়সতে হৃদৰোগত আক্ৰান্ত হোৱা আৰু মানসিক চাপৰ বিষয়ে এটা নতুন বিতৰ্কৰ সুচনা কৰিলে। এই সম্পৰ্কত দ্য লেঞ্চেট (The Lancet)ত এটা আচৰিতধৰণৰ প্ৰতিবেদন প্ৰকাস পাইছে। ইয়াত কোৱা হৈছে যে সমগ্ৰ বিশ্বত ১২০ কোটি লোক মানসিক  চাপ (Tension) বা হাইপাৰ টেনশ্যন (Hypertension)ৰ  সমস্যাত ভূগি আছে। ৩০ বছৰৰ আগতে, মহিলাসকলে অধিক টেনশ্যন লোৱা দেখা গৈছিল কিন্তু বৰ্তমান মহিলাৰ ঠাইত পুৰুষসকলে অধিক চাপ বা টেনশ্যন লোৱা দেখা গৈছে। দ্য লেঞ্চেটে ১৯৯০ চনৰ পৰা ২০১৯ চনলৈ প্ৰায় ২০০ খন দেশৰ লোকৰ মাজত মানসিক চাপৰ সমস্যাৰ বিষয়ে বিশ্লেষণ কৰিছিল। প্ৰতিবেদনখনে ৩০ৰ পৰা ৭৯ বছৰ বয়সৰ লোকসকলক সামৰি এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এইটোৱেই হ'ল এতিয়ালৈ মানসিক চাপ বা টেনশ্যনৰ বিষয়ত কৰা  সৰ্ববৃহৎ আন্তৰ্জাতিক অধ্যয়ন।

প্ৰতিবেদনখনত কোৱা হৈছে যে যোৱা ৩০ বছৰত মানসিক চাপত ভোগা লোকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে। ১৯৯০ চনত সমগ্ৰ বিশ্বত ৩৩.১০ কোটি মহিলা আৰু ৩১.৭০কোটি পুৰুষ হাইপাৰ টেনশ্যনত ভুগিছিল। আনহাতে ২০১৯ চনত ৬২.৬০ কোটি মহিলা আৰু ৬৫.৬২ কোটি পুৰুষ চাপত ভূগিছিল। অৰ্থাৎ ৩০ বছৰ আগতে মহিলাসকলে অধিক চাপ লৈছিল কিন্তু বৰ্তমান পুৰুষে অধিক চাপ ল'বলৈ লৈছে।

সকলো ৰোগৰ এটা প্ৰধান কাৰণ হৈছে টেনশ্যন -

কানাডা আৰু পেৰুত পুৰুষ আৰু মহিলা উভয়ে কম টেনশ্যন লয়। টাইৱান, দক্ষিণ কোৰিয়া, জাপান আৰু ছুইজাৰলেণ্ড, স্পেইন আৰু ইংলেণ্ডৰ মহিলাসকলে কম চাপ লয়। আনহাতে অষ্ট্ৰীয়া, বাংলাদেশ, ইথিওপিয়া, ছলোমন দ্বীপপুঞ্জত পুৰুষসকলে টেনশ্যন কম লয়। হাইপাৰ টেনশ্যন,মানসিক চাপ, হৃদৰোগ সম্বন্ধীয় বিভিন্ন ৰোগ, ষ্ট্ৰোক, বৃক্কৰ ৰোগত প্ৰতি বছৰে ৮৫ লাখ লোকৰ মৃত্যু ঘটে। এই সকলোবোৰৰ আঁৰত একমাত্ৰ হাইপাৰ টেনশ্যনেই হৈছে আটাইতকৈ ডাঙৰ কাৰণ। ই ৰক্তচাপৰ ওপৰতো সাংঘাটিক প্ৰভাৱ পেলায়।

ভাৰতকো এই ৰিপোৰ্টত অন্তৰ্ভূক্ত কৰা হৈছে-

প্ৰতিবেদনখন যোৱা ৩০ বছৰৰ ১২০১টা বিভিন্ন ধৰণৰ অধ্যয়নৰ ওপৰত প্ৰস্তুত কৰা হৈছিল। তেওঁলোকৰ অধ্যয়নত ১০.৪ কোটি লোকে তেওঁলোকৰ ৰক্তচাপৰ তথ্য প্ৰদান কৰিছিল। যিবোৰ দেশত মানুহে আটাইতকৈ বেছি টেনশ্যন লয়, সেইবোৰ হৈছে মধ্য আৰু পূৱ ইউৰোপ, মধ্য আৰু দক্ষিণ এছিয়া, ওচেনিয়া, দক্ষিণ আফ্ৰিকা আৰু কিছুমান লেটিন আৰু কেৰিবিয়ান দেশ। অৰ্থাৎ প্ৰতিবেদন অনুসৰি ভাৰতো আটাইতকৈ বেছি টেনশ্যন লোৱা দেশৰ তালিকাত আছে।
Published by: Manjumoni Borah
First published: September 15, 2021, 7:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি