Home Remedies For Appetite: ভোক নালাগে নেকি ? এইসমূহ ঘৰুৱা প্ৰতিকাৰেৰে বৃদ্ধি কৰিব পাৰে ভোক

News18 Assam | News18-Assam
Updated:June 7, 2021, 2:55 PM IST
Home Remedies For Appetite: ভোক নালাগে নেকি ? এইসমূহ ঘৰুৱা প্ৰতিকাৰেৰে বৃদ্ধি কৰিব পাৰে ভোক
খাদ্যৰ সোৱাদযুক্ত গোন্ধ পালেও ভোক অনুভৱ নহয়, কেতিয়াবা পেটৰ সমস্যাৰ বাবেও ভোক স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হয় ।

খাদ্যৰ সোৱাদযুক্ত গোন্ধ পালেও ভোক অনুভৱ নহয়, কেতিয়াবা পেটৰ সমস্যাৰ বাবেও ভোক স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হয় ।

  • Share this:

খাদ্য খোৱাত আপুনি কোনো সমস্যাৰ সন্মুখীন হৈছে নেকি ? আপোনাৰ ভোক অনুভৱ নহয় নেকি ? এইবোৰ এনে কিছুমান সমস্যা, যিবোৰ আজিৰ দিনত সঘনাই মানুহৰ মাজত হোৱা দেখিবলৈ পোৱা যায় । আজিৰ সময়ত বহু লোকে সময়মতে ভোক অনুভৱ নকৰে আৰু যেতিয়া ভোক লাগে, সেইসময়ত তেওঁলোকে বেছিকৈ খাব নোৱাৰে। তেনেস্থলত যদিহে আপুনিও সময়মতে ভোক অনুভৱ নকৰে, তেন্তে কিছুমান ঘৰুৱা প্ৰতিকাৰ (Home Remedies) হাতত ল'ব পাৰে।


বহু লোকে খাদ্যৰ সোৱাদযুক্ত গোন্ধ পালেও ভোক অনুভৱ নকৰে। কেতিয়াবা পেটৰ সমস্যা(Stomach Problem) ৰ বাবেও ভোক স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হয় । তেনেস্থলত ইয়াৰ বাবে কেতিয়াবা মানুহে অত্যন্ত দুৰ্বল অনুভৱ কৰে। সেয়েহে এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানি লওক, যিয়ে আপোনাৰ ভোক বৃদ্ধি কৰাত সহায় কৰিব পাৰে।


ত্ৰিফলা পাউডাৰ


ত্ৰিফলা গুড়ি বা পাউডাৰ বহু ঘৰুৱা প্ৰতিকাৰৰ বাবে অতি উত্তম। ইয়াক বেছিভাগ মানুহে কোষ্ঠকাঠিন্য সমস্যাৰ বাবে ব্যৱহাৰ কৰে। যদি আপোনাৰো সময়মতে ভোক নালাগে, আপুনি ত্ৰিফলা পাউডাৰ খাব পাৰে। ইয়াৰ বাবে আপুনি কুহুমীয়া গাখীৰত এক চাহ চামুচ ত্ৰিফলা পাউডাৰ মিহলাই খাওক । ইয়াৰ নিয়মীয়া গ্ৰহণে আপোনাৰ ভোক বৃদ্ধি কৰিব ।


গ্ৰীন টী
ভোক বঢ়াবলৈ গ্ৰীন টীক এটা ভাল ঘৰুৱা প্ৰতিকাৰ বুলি গণ্য কৰা হয়। ইয়াৰ নিয়মীয়া গ্ৰহণে ভোক বৃদ্ধি কৰাই নহয়, বহু ৰোগৰ পৰাও সকাহ দিয়ে। যদি আপুনি ৰাতিপুৱা আৰু সন্ধিয়া চাহ খাই ভাল পায়, তেন্তে আপুনি আন চাহৰ সলনি গ্ৰীন টী খাব পাৰে। শীতকালত মানুহে অধিক গ্ৰীন টী খায়।


নেমু পানী


গ্ৰীষ্মকালত শৰীৰক পৰ্যাপ্ত পানীৰ প্ৰয়োজন। গতিকে এই সময়ত নিয়মীয়াকৈ পানী গ্ৰহণ কৰি থাকক। ইয়ে ভোক বৃদ্ধি কৰে আৰু শৰীৰত পানীৰ অভাৱো সৃষ্টি নকৰে। আপুনি পানীত নেমুৰ ৰস মিলায়ো ইয়াক খাব পাৰে।


আজৱাইন
আজৱাইন বহু পেটৰ সমস্যাৰ বাবে এটা ঘৰুৱা প্ৰতিকাৰ। আপুনি ইয়াক বদহজম বা ভোক নোহোৱাৰ সমস্যাত ব্যৱহাৰ কৰিব পাৰে। ই পেট পৰিষ্কাৰ কৰি ৰাখে। বহু ভাৰতীয়ই ইয়াত নিমখ যোগ দি সেৱন কৰে। যদি আপোনাৰ ভোক নোহোৱা হৈছে, তেন্তে দৈনিক ইয়াক এবাৰৰ পৰা দুবাৰকৈ সেৱন কৰিব।


ফলৰ ৰস
যদি আপুনি সময়মতে ভোক অনুভৱ নকৰে বা কিবা খাবলৈ মন নকৰে, আপুনি ফলৰ ৰস খাব পাৰে। মনত ৰাখিব ফলৰ ৰস খোৱাৰ সময়ত পাতলকৈ তৈয়াৰ কৰিব আৰু স্বাভাৱিক নিমখ বা ক'লা নিমখ দিয়ক। ই পেট পৰিষ্কাৰ কৰি ৰাখে আৰু আপোনাক ভোক সৃষ্টি কৰিব।

Published by: Gautam Barman
First published: June 7, 2021, 2:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি