ভিটামিন ডি: আমি কিয় ইয়াৰ বিষয়ে আলোচনা কৰা উচিত!

News18 Assam | News18-Assam
Updated:October 12, 2020, 2:41 PM IST
ভিটামিন ডি: আমি কিয় ইয়াৰ বিষয়ে আলোচনা কৰা উচিত!

  • Share this:
ভিটামিন ডিৰ গুৰুত্ব বৰ্তমান জনাজাত হ’ব ধৰিছে যিহেতু ই স্বাস্থ্যকৰ হাড় নিৰ্মাণত সহায় কৰে; লগতে শাৰীৰিক কাৰ্যকলাপ কম হৈ অহাৰ বাবে আৰু লগতে সক্ৰিয় জীৱন নিৰ্বাহ কৰিবৰ বাবে ভিটামিন ডিৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। মই ভাবো ভিটামিন ডিৰ অভাৱৰ সৈতে জড়িত স্বাস্থ্য সংক্ৰান্তীয় সমস্যাসমূহৰ ওপৰত কিছু নজৰ দিয়াটো ভাল কথা হ’ব।
চিকিত্সাৰ সৈতে জড়িত এগৰাকী পেছাদাৰী ব্যক্তি হিচাপে ৰোগীৰ দুৰ্বল স্বাস্থ্যৰ লক্ষণ দেখিবলৈ পাইছো যিবোৰ পাছলৈ হাড়/ পেশীৰ বিষ আৰু ক্লান্তিৰ ৰূপত প্ৰকাশ পাইছে। স্বাস্থ্যৰ এই অৱনতিৰ এক প্ৰধান অন্তৰ্নিহিত কাৰণ হৈছে ভিটামিন ডিৰ অভাৱ। সেয়ে ভিটামিন ডিৰ সেৱনৰ প্ৰতি সচেতন হোৱাৰ লগতে ইয়াৰ অভাৱৰ প্ৰাথমিক লক্ষণসমূহ চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ।

মই ভাবো যে, আমি মুখামুখি হ’বলগীয়া স্বাস্থ্যৰ বিভিন্ন সংকটৰ বিষয়ে আলোচনা কৰিবলৈ এয়া উত্তম সময়। আমাৰ কৰ্মৰ অভ্যাস সলনি হোৱাৰ লগতে অন্যান্য বিদ্যমান চৰ্তও বৃদ্ধি পাইছে।

বিশ্বৰ জনসংখ্যাৰ প্ৰায় 50% ব্যক্তি ভিটামিন ডিৰ অভাৱত ভোগে। শেহতীয়া তথ্য অনুসৰি 76% ভাৰতীয়ই পৰ্যাপ্ত ভিটামিন ডি লাভ নকৰে। এই তথ্যই এয়াও প্ৰকাশ কৰিছে যে এই অভাৱ 18-30 বছৰ বয়সৰ ভাৰতীয়ৰ মাজt অধিক দেখা যায় আৰু এই প্ৰৱণতা ভাৰতৰ সকলো অঞ্চলতে সম পৰিমাণে বিদ্যমান। ভিটামিন ডি-ৰ অভাৱ হাড়ৰ কম ভৰ আৰু পেশীৰ দুৰ্বলতাৰ সৈতেও জড়িত যি ফ্ৰেকচাৰ আৰু হাড়ৰ ৰোগ যেনে অষ্টিঅ’মেলেচিয়া (হাড় কোমল কৰি তোলা), অষ্টিঅ’পেনিয়া অৰু অষ্টিঅ’প’ৰছিছ আদিৰ আশংকা বৃদ্ধি কৰি তোলে।

প্ৰচলিত গৱেষণাসমূহত হৃদৰোগ, টাইপ-2 ডায়েবেটিছ, ফ্ৰেকচাৰ আৰু পৰি যোৱা, হতাশা, কৰ্কট ৰোগ আৰু অনাক্ৰম্যতা শক্তিশালী কৰাত ভিটামিন ডি-ৰ ভূমিকাৰ সম্ভাৱনা সমৰ্থন কৰা হৈছে।

কিন্তু এইসমূহ লক্ষণৰ উপৰিও প্ৰয়োজনীয় ভিটামিন ডিৰ অভাৱত হ’ব পৰা বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ প্ৰভাৱৰ বিষয়ে সচেতন হোৱাটো প্ৰয়োজনীয়। মই মোৰ ৰোগীক পৰামৰ্শ দিওঁ যে সুস্বাস্থ্যৰ বাবে এই প্ৰাথমিক কথাসমূহত ধ্যান দিয়া উচিত।

ভিটামিন ডি-ৰ উত্সসমূহ

এগৰাকী প্ৰাপ্তবয়স্ক লোকে পৰ্যাপ্ত ভিটামিন ডিৰ বাবে 30 mg/mL ভিটামিন ডি বজাই ৰখা উচিত। ভিটামিন ডিৰ এক গুৰুত্বপূৰ্ণ উত্স হৈছে সূৰ্য্যৰ পোহৰ যি ছালত ভিটামিন ডিৰ আভ্যন্তৰীণ সংশ্লেষণত সহায় কৰে। কেৱল কেইবিধমান আহাৰত হে ভিটামিন ডিৰ নিয়মিত যোগান লাভ কৰিব পাৰি- ছালমন আৰু ট্যুনা, ফিশ্ব লিভাৰ অইল, চীজ আৰু কণীৰ কুহুম। আচলতে কণী হৈছে শিশুৰ বাবে শ্ৰেষ্ঠ ভিটামিন ডি-ৰ উত্স। ইয়াৰ লগতে পুৱা দহবজাৰ পৰা আবেলি তিনিবজাৰ ভিতৰত 10-15 মিনিট ৰ’দত থাকিলে আপোনাৰ দৈনিক ভিটামিনৰ প্ৰয়োজন পূৰ্ণ হ’ব। মই ৰোগীসকলক ইয়াৰে কোনবিধ আহাৰ তেওঁলোকৰ বাবে সুলভ সেয়া বিচাৰ কৰিবলৈ দিওঁ আৰু তেওঁলোকে যাতে দৈনিক প্ৰয়োজন পূৰ্ণ কৰে, সেয়া নিশ্চিত কৰো। যদি তথাপিও কম হয়, তেওঁলোকে সেয়া ভিটামিন ডি পৰিপূৰকৰ সহায়ত পূৰ্ণ কৰা উচিত।



কি কাৰণে ভিটামিন ডিৰ অভাৱ ঘটে?

যিসকলে ৰ’দত পৰ্যাপ্ত সময় নাথাকে, তেওঁলোক ভিটামিন ডি-ৰ অভাৱত ভুগিব পাৰে। বাহিৰত সময় নকটোৱাৰ উপৰিও ইয়াৰ অন্য কাৰণ থাকিব পাৰে যেনে সূৰ্য্যৰ পোহৰ দুৰ্বল হৈ থকা, অথবা SPF 30 তকৈ অধিক শক্তিৰ ছানস্ক্ৰীন ব্যৱহাৰ।
আপোনাৰ ছালৰ ৰঙেও আপোনাৰ শৰীৰত অধিক ভিটামিন ডিৰ প্ৰয়োজনীয়তা অনুসৰি বাহিৰত অধিক সময় কটোৱাটো নিৰ্দ্ধাৰণ কৰিব পাৰে।
অবেছিটি বা মেদবহুলতা VDD-ৰ সৈতে জড়িত, বেৰিয়েট্ৰিক ৰোগীৰ ক্ষেত্ৰত ডায়েটেৰী ভিটামিন ডি কমকৈ গ্ৰহণ কৰাৰ বাবে আৰু চৰ্বিৰ মেলএবছৰ্পশ্বন ছিন্ড্ৰমৰ বাবে, য’ত ক্ষুদ্ৰান্তই পোষণ গ্ৰহণ কৰিব নোৱাৰা হয়। তাৰোপৰি অৱশ্যেই অন্য কাৰণ আছে যেনে, বয়স, যি ভিটামিন ডি সংশ্লেষণ কৰাৰ ক্ষমতা হ্ৰাস কৰি তোলে। কিন্তু এই ক্ৰমবৰ্দ্ধমান প্ৰভাৱসমূহ সময়মতে ব্যৱস্থা গ্ৰহণ কৰি ৰোধ কৰিব পৰা যায়।



আমি কেৱল চিকিত্সকৰ পৰামৰ্শ অনুসৰি হে পৰিপূৰক গ্ৰহণ কৰিম নেকি?

চিকিত্সকৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতত কেইবাধৰণৰ পৰিপূৰক প্ৰদান কৰিব পৰাকৈ উপলব্ধ। গ্ৰেন্যুলছ/ টেবছ/ কেপছ আদি চৰ্বিযুক্ত সামগ্ৰীৰ সৈতে গ্ৰহণ কৰা উচিত যাতে ভালদৰে শোষণ হয়, আৰু নেনো জুলীয়া ফৰ্মূলেশ্যনো উপলব্ধ যিকেইটা সেইধৰণেই গ্ৰহণ কৰিব পাৰি। ভিটামিন ডি নেনোপাৰ্টিকল ফৰ্মূলেশ্যনসমূহে ৰোগীৰ জীৱনৰ মানৰ সূচীত উল্লেখযোগ্য উন্নতি প্ৰদৰ্শন কৰিছে। আপোনাৰ বাবে কি সৰ্বোত্তম হ’ব সেয়া আপোনাৰ চিকিত্সকে জনাব পাৰিব।
চিকিত্সক, স্বাস্থ্য কৰ্তৃপক্ষসকলে ভিটামিন ডিৰ অভাৱৰ ফলত ঘটা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে কেঁচুৱাৰ পৰা বয়স্ক লোকলৈকে বিভিন্ন ৰোগীৰ প্ৰফাইলক লৈ অধিক সচেতনতা বৃদ্ধি কৰিব ধৰিছে।

Abbott-ৰ "D ষ্ট্ৰং, এক্টিভ লাইফ" প্ৰচাৰে আমাৰ ৰাষ্ট্ৰৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাক সাঙুৰি লৈছে। অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।

অস্বীকাৰকৰণ:
** এইটো Abbott India ৰ সৈতে অংশীদাৰিত্বত "ডা০ সম্বিত দাস, ডি.এম. এণ্ডোক্ৰাইনলজী, ভূৱনেশ্বৰৰ এপ’লো হস্পিটেলৰ কনছাল্টেন্ট এণ্ডোক্ৰাইনলজিষ্ট"ৰ দ্বাৰা লিখিত।

এই প্ৰবন্ধত প্ৰকাশিত তথ্যখিনি কেৱল সাধাৰণ সচেতনতাৰ বাবে, আৰু কোনোধৰণৰ চিকিত্সাৰ প্ৰতিনিধিত্ব নকৰে। আপুনি সমুখীন হোৱা যিকোনো সমস্যাৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ চিকিত্সকৰ পৰামৰ্শ গ্ৰহণ কৰক।

References:

1. Ritu G, Gupta A. Vitamin D Deficiency in India: Prevalence, Causalities and Interventions. Nutrients 2014, 6, 729-775
2. Aparna P et al. Vitamin D deficiency in India. Family Med Prim Care. 2018 Mar-Apr; 7(2): 324–330.
3. Goel S. Vitamin D status in Indian subjects: a retrospective analysis. Int J Res Orthop. 2020 May;6(3):603-610
4. Zhang and Naughton. Vitamin D in health and disease: Current perspectives. Nutrition Journal 2010, 9:65
5. Nair R, Maseeh A. Vitamin D: The “sunshine” vitamin. J Pharmacol Pharmacother. 2012 Apr-Jun; 3(2): 118–126.
6. Kennel KA, Drake MT, Hurley DL. Vitamin D Deficiency in Adults: When to Test and How to Treat. Mayo Clin Proc. 2010;85(8):752-758
7. 7. Cleveland Clinic. Vitamin D Deficiency. Available at: https://my.clevelandclinic.org/health/articles/15050-vitamin-d--vitamin-d-deficiency
8. 8. Bothiraja C, Pawar A & Deshpande G. Ex vivo absorption study of a nanoparticle based novel drug delivery system of vitamin D3(Arachitol Nano™) using everted intestinal sac technique. J Pharma Investing. 2016;46(5):425-432.
এইটো এক পাৰ্টনাৰড পোষ্ট।
First published: October 12, 2020, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading