আয়ুস বৃদ্ধিৰ বাবে খাওক ৰঙা জলকীয়া, কৰ্কট ৰোগকো দিয়ে বাধা!

News18 Assam | News18-Assam
Updated:November 15, 2020, 10:53 PM IST
আয়ুস বৃদ্ধিৰ বাবে খাওক ৰঙা জলকীয়া, কৰ্কট ৰোগকো দিয়ে বাধা!
ৰঙা জলকীয়া অধিক খালে বহু ৰোগৰ পৰা সোনকালে মুক্তি পাব পাৰি। বৈজ্ঞানীকে ৰঙা জলকীয়াত থকা গুণা-গুণক শৰীৰৰ বাবে উপকাৰী বুলি অভিহিত কৰিছে।

ৰঙা জলকীয়া অধিক খালে বহু ৰোগৰ পৰা সোনকালে মুক্তি পাব পাৰি। বৈজ্ঞানীকে ৰঙা জলকীয়াত থকা গুণা-গুণক শৰীৰৰ বাবে উপকাৰী বুলি অভিহিত কৰিছে।

  • News18 Assam
  • Last Updated: November 15, 2020, 10:53 PM IST
  • Share this:
বহুলোকে খাব নোৱাৰে জলকীয়া! কিন্তু জলকীয়া শৰীৰৰ বাবে কিমান উপকাৰী সেই সন্দৰ্ভত বিশেষ পৰীক্ষা নিৰীক্ষা চলাইছে এদল গৱেষকে। জলকীয়াত আছে শৰীৰৰ বাবে উপকাৰী বহু গুণা-গুণ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য।

ৰঙা জলকীয়া খালে মানুহৰ আয়ুস বৃদ্ধি হয়। আনহাতে ‘Premature Death’ৰ সম্ভাৱনাও বহুখিনি কমাই দিয়ে ৰঙা জলকীয়াই। গৱেষণা অনুসৰি, যি লোকে ৰঙা জলকীয়া অধিক পৰিমাণে খাই, তেওঁলোকে বহু ৰোগৰ পৰা সোনকালে আৰোগ্য হৈ উঠিব পাৰে।

শৰীৰত শৰ্কৰা নিয়ন্ত্ৰণ কৰে ৰঙা জলকীয়াইঃ

বৈজ্ঞানীকে কোৱা মতে, ৰঙা জলকীয়াই তেজত শৰ্কৰা নিযন্ত্ৰণ কৰে। ইয়াৰ উপৰিও শৰীৰত টিউমাৰ হোৱাৰ সম্ভাৱনাও হ্ৰাস কৰে। গৱেষকসকলে এই পৰীক্ষা প্ৰায়
৫৭ হাজাৰ লোকক সামৰি চলাইছিল।

ডেইলী মেইলত প্ৰকাশিত খবৰ অনুসৰি, জলকীয়াত থকা বিভিন্ন উপাদানে মানুহৰ আয়ুস বঢ়ায়। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত বিশেষ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।

ইয়াৰ উপৰিও ৰঙা জলকীয়া ‘এণ্টি এজিং’। মানুহৰ চাল ভালে ৰখাতো ৰঙা জলকীয়াই বিশেষ ভুমিকা পালন কৰে বুলি দাবী কৰিছে গৱেষকসকলে।
Published by: Himangshu Bhuyan
First published: November 15, 2020, 10:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading