মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»মাইগ্ৰেইন অথবা মূৰৰ বিষৰ সমস্যাৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব? কোভিডৰ দ্বিতীয় ঢৌৰ পিছত ভাৰতত বৃদ্ধি পাইছে মাইগ্ৰেইন!

মাইগ্ৰেইন অথবা মূৰৰ বিষৰ সমস্যাৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব? কোভিডৰ দ্বিতীয় ঢৌৰ পিছত ভাৰতত বৃদ্ধি পাইছে মাইগ্ৰেইন!

News18 Assam | News18-Assam
Updated:September 13, 2021, 8:53 AM IST
মাইগ্ৰেইন অথবা মূৰৰ বিষৰ সমস্যাৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব? কোভিডৰ দ্বিতীয় ঢৌৰ পিছত ভাৰতত বৃদ্ধি পাইছে মাইগ্ৰেইন!
কোৰোণাৰ দ্বিতীয় ঢৌৰ পিছত মানুহৰ মাজত মাইগ্ৰেইনৰ ৰোগ ইতিমধ্যে বৃদ্ধি পাইছে।

কোৰোণাৰ দ্বিতীয় ঢৌৰ পিছত মানুহৰ মাজত মাইগ্ৰেইনৰ ৰোগ ইতিমধ্যে বৃদ্ধি পাইছে।

  • News18 Assam
  • Last Updated: September 13, 2021, 8:53 AM IST
  • Share this:
মাইগ্ৰেইন অথবা মূৰৰ বিষ হৈছে এক স্নায়বিক ৰোগ য'ত মূৰৰ এটা ফালে তীব্ৰ বিষ আৰু বমিৰ দৰে অনুভৱ হয়। আজিৰ পৃথিৱীত অনিয়নীয়া খাদ্যাভাষ, অনিয়ন্ত্ৰিত জীৱনশৈলী, চাপ, অনুসৰণ আৰু অত্যাধিক টোপনিৰ ফলত লোকসকল মাইগ্ৰেইন ৰোগত আক্ৰান্ত হয়। কোৰোণাৰ দ্বিতীয় ঢৌৰ পিছত মানুহৰ মাজত মাইগ্ৰেইনৰ ৰোগ ইতিমধ্যে বৃদ্ধি পাইছে।

দিল্লীৰ গোবিন্দ বল্লভ (জিবি) পন্ত ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ নিউৰ’লজী বিভাগৰ অধ্যক্ষ ডাঃ দেৱশীষ চৌধুৰীয়ে কয় যে কোৰোণাৰ দ্বিতীয় ঢৌৰ পিছত, বহিঃ চিকিৎসা বিভাগে লক্ষ্য কৰিছে যে নিউৰ’লজী বিভাগলৈ অহা ৩০ শতাংশ ৰোগী মূৰৰ বিষত ভুগিছে। এই সমস্যাটো কেৱল পোষ্ট-কোভিড ৰোগীৰ ক্ষেত্ৰতহে দেখা যোৱা নাই , কোৰোণাত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ ক্ষেত্ৰতো এই সমস্যা দেখা পোৱা গৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল যে, লকডাউনৰ সময়ত দীৰ্ঘদিন ধৰি ঘৰত সকলো ঘৰতে আৱদ্ধ হৈ থকাৰ ফলত মানসিক চাপ বৃদ্ধি হোৱাৰ ফলতে এনে সমস্যাৰ সৃষ্টি হৈছে।

চিকিৎসক সকলৰ মাজতো বৃদ্ধি পাইছে মাইগ্ৰেইনৰ সমস্যা:

এই সমস্যাটো কেৱল সাধাৰণ মানুহৰ ক্ষেত্ৰতেই নহয় চিকিৎসকসকলৰ ক্ষেত্ৰতো দেখা গৈছে। জিবি পণ্টৰ তথ্য অনুসৰি, "আমাৰ স্বাস্থ্য কৰ্মীসকলে একেৰাহে ডেৰ বছৰ ধৰি কোৰোণা ৱাৰ্ডত কৰ্তব্যৰত হৈ আছে। যাৰ ফলত প্ৰতিজন চতুৰ্থ স্বাস্থ্য কৰ্মী কোনো ধৰণৰ চাপ বা বাৰ্ণ আউট চিণ্ড্ৰোমত ভুগি থাকে। চিকিৎসকসকলে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যাও দেখিছে। ৰোগটো মাৰাত্মক নহয়, কিন্তু দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে। ভাৰতত এটা গৱেষণাত এইটোও পোৱা গৈছে যে ২৫ শতাংশ লোকৰ মাইগ্ৰেইনৰ সমস্যা আছে, সেয়েহে মাইগ্ৰেইনৰ সমস্যাৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে : সঠিকভাৱে টোপনি নোযোৱা, শাৰীৰিক ব্যায়াম ইত্যাদি।"

মাইগ্ৰেইনৰ লক্ষণ: 

মাইগ্ৰেইন ৰোগৰ ফলত তীব্ৰ মূৰৰ বিষ, বমি, ক'লা দাগ, সংবেদনশীলতা, মনোযোগৰ অভাৱ, মানসিক শক্তি প্ৰভাৱিত হয়, ছাল হালধীয়া হয় আৰু হাত-ভৰিত জিনজিননি হয়।

কিদৰে মাইগ্ৰেইনৰ পৰা মুক্তি পাব:

মাইগ্ৰেইন ৰোগত আক্ৰান্ত লোকসকলে তেওঁলোকৰ আহাৰৰ বিশেষ যত্ন ল'ব লাগিব। কাৰণ কিছুমান খাদ্যই মাইগ্ৰেইনৰ বিষ বৃদ্ধি কৰিব পাৰে।

ঠাণ্ডা বস্তু: মাইগ্ৰেইন ৰোগীসকলে ঠাণ্ডা বস্তু খোৱা পৰিহাৰ কৰিব লাগে। কিয়নো ই মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি কৰিব পাৰে। মাইগ্ৰেইন ৰোগীসকলে আইচক্ৰীম অথবা শীতল পানীয়ৰ পৰা দূৰত থকা উচিত।

চাহ আৰু কফি: মাইগ্ৰেইন ৰোগীয়ে চাহ আৰু কফি খোৱাৰ অভ্যাস কমোৱা উচিত। কিয়নো কফিত থকা কেফেইনে মাইগ্ৰেইনৰ বিষ আৰম্ভ কৰিব পাৰে। কেফেইনে মগজুৰ স্নায়ুত বাধা দিয়ে, মগজুলৈ ৰক্ত সঞ্চালনৰ প্ৰবাহ হ্ৰাস কৰে।
Published by: Sanjay Kumar Das
First published: September 13, 2021, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি