মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»How To Get Rid Of Acidity Naturally:এচিডিটি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খোৱা-বোৱাত আনক এই ৬টা পৰিবৰ্তন..

How To Get Rid Of Acidity Naturally:এচিডিটি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খোৱা-বোৱাত আনক এই ৬টা পৰিবৰ্তন..

News18 Assam | News18-Assam
Updated:August 2, 2021, 4:09 PM IST
How To Get Rid Of Acidity Naturally:এচিডিটি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খোৱা-বোৱাত আনক এই ৬টা পৰিবৰ্তন..
Acidity ৰ পৰা সকাহ পাবলৈ এইবোৰ খাব Image/shutterstock

এচিডিটি মছলাযুক্ত আহাৰ আৰু উশৃংখল জীৱন শৈলীৰ কাৰণে হয়। ইয়ক ঘৰুৱা উপায়েৰে (Home Remedies) যথেষ্ট পৰিমাণে উপশম কৰিব পাৰি।

  • Share this:
বহু সময়ত আহাৰ খোৱাৰ লগে লগে এচিডিটি (Acidity)ৰ সমস্যাই আমাক আমনি কৰিবলৈ ধৰে। যদি আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে তেন্তে খাদ্য (Food)ত কিছু পৰিৱৰ্তন আনি এই ৰোগৰ পৰা উপশম পাব পাৰে।

এচিডিটি সমস্যা পেটৰ এটা সাধাৰণ সমস্যা বুলি গণ্য কৰা হয়। সাধাৰণতে এচিডিটি মছলাযুক্ত আহাৰ আৰু উশৃংখল জীৱন শৈলীৰ কাৰণেই হয়। ইয়ক ঘৰুৱা উপায়েৰে (Home Remedies) যথেষ্ট পৰিমাণে উপশম কৰিব পাৰি। এচিডিিটিৰ পৰা পৰিত্ৰাণ পাবলৈ পাচন তন্ত্ৰ শক্তীশালী কৰি ৰখা খুবেই জৰুৰী। যদি আপুনিও এচিডিটি কাৰণে কষ্ট পাইছে  তেন্তে  খাদ্য গ্ৰহণৰ ক্ষেত্ৰত  পৰিবৰ্তন আনি আৰাম পাব পাৰিব। জানোঁ আহক এচিডিটিৰ পৰা হাত সাৰিবলৈ কি কি উপায় অৱলম্বন কৰিব পাৰি...

১. আহাৰ কমকৈ খাওক :

যেতিয়া আপোনাৰ খোৱাৰ পৰিমাণ বেছি হয়, পাচন তন্ত্ৰৰ ওপৰত বেছিকৈ বেয়া প্ৰভাৱ পৰে অৰ্থাত পাচন তন্ত্ৰত হেঁচা বাঢ়িবলৈ ধৰে, আৰু খোৱাা খাদ্যবোৰ ওপৰলৈ উঠিবলৈ ধৰে।যাৰফলত এচিডিটিৰ সমস্যা হয়। এনেকুৱাত এবাৰত বেছিকৈ খোৱাৰ সলনি কম কম কৈ কেইবাবাৰো খাবলৈ অভ্যাস কৰিব লাগে।

2. চাহ বা কফীৰ সেৱন কম কৰক :

যদি আপুনি বেছিকৈ কফী নাইবা চাহ খায়, তেন্তে অতি শীঘ্ৰে ইয়াৰ পৰিমাণ কমাওক। ইয়াৰ ফলত এচিড নিৰ্গমন কম হ'ব। আচলতে যেতিয়া আপুনি কফী খায় তেতিয়া পেটত অধিক পৰিমাণে এচিড উৎপন্ন হ'বলৈ ধৰে আৰু ই আপোনাৰ পাচন ক্ৰিয়াত পুনৰ আহি প্ৰবাহিত হ'ব পাৰে। কফীত থকা কেফেইন নামৰ পদাৰ্থবিধে আপোনাৰ পাচন তন্ত্ৰৰ কামত বাধা দিয়ে।

৩. লঘূ আহাৰ গ্ৰহণ কৰক :

যিমান পাৰে আপুনি লঘূ  আহাৰ অৰ্থাৎ সহজে হজম কৰিব পৰা আহাৰ খাবলৈ যত্ন কৰক।কিন্তু যদি আপুনি গুৰুপাকী আহাৰ খায় তেন্তে ই আপোনাৰ পেটত পুনৰ এচিড উৎপন্ন কৰিব আৰু হজম কৰাত বাধা দিব।

৪. ইলাচী খাবলৈ লওক :

ইলাচী যদি আপুনি নিয়মিত খাবলৈ লয় তেন্তে ই এচিডিটি হোৱাত বাধা দিব। যেতিয়াই আপোনাৰ এচিডিটী বা পেটত জ্বলন-পোৰণ হোৱা যেন অনুভৱ হ'ব, দুটা ইলাচী চোবাই খাব। এই ঘৰুৱা দিহাৰে আপুনি এচিডিটীৰ পৰা উপশম পাব পাৰে।

৫. তুলসীৰ পাত সেৱন কৰক :

তুলসীৰ পাতে এচিডিটিৰ সমস্যা বহু পৰিমাণে লাঘৱ কৰে। তুলসী পাতে এচিডিটিৰ লগতে মানসিক আৰু বহুতো শাৰীৰিক ৰোগ দূৰ কৰিব পাৰে। এচিডিটিৰ পৰা বাছিবলৈ তুলসী পাতৰ কাঢ়া বনাই গৰমে গৰমে সেৱন কৰিব পাৰে।

৬. পদিনা খাওক :

পদীনাই সদায় পাচনৰ বিভিন্ন সমস্যাৰ বাবে লাভজনক বুলি ধৰা হয়। যেতিয়াই আপুনি মচলাযুক্ত আহাৰ গ্ৰহণ কৰে তেতিয়াই এচিডিটিৰ পৰা বাছিবলৈ পদীনাৰ পাত খাওক। নেমুৰ ৰসৰ লগত পিহি লোৱা পদীনাৰ পাত একেলগে মিহলাই আৰু তাতে অকণমান নিমখ মিহলাই খালে লগে লগে এচিডিটিৰ পৰা উপশম পাব।
Published by: Manjumoni Borah
First published: August 2, 2021, 4:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি