মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Blood Sugar Control : ডায়েবেটিছ আৰু হাইপ্ৰেচাৰ নিয়ন্ত্ৰণ কৰিবলৈ মহৌষধ জলফাইৰ পাত

Blood Sugar Control : ডায়েবেটিছ আৰু হাইপ্ৰেচাৰ নিয়ন্ত্ৰণ কৰিবলৈ মহৌষধ জলফাইৰ পাত

News18 Assam | News18-Assam
Updated:September 19, 2021, 8:21 AM IST
Blood Sugar Control : ডায়েবেটিছ আৰু হাইপ্ৰেচাৰ নিয়ন্ত্ৰণ কৰিবলৈ মহৌষধ জলফাইৰ পাত
ডায়েবেটিছক নিয়ন্ত্ৰণ কৰিবলৈ জলফাইৰ পাত কিদৰে ব্যৱহাৰ কৰা যায় আৰু ইয়াৰ পৰা শৰীৰত কি ধৰণৰ উপকাৰ হ’ব পাৰে তলত উল্লেখ কৰা হ'ল।

ডায়েবেটিছক নিয়ন্ত্ৰণ কৰিবলৈ জলফাইৰ পাত কিদৰে ব্যৱহাৰ কৰা যায় আৰু ইয়াৰ পৰা শৰীৰত কি ধৰণৰ উপকাৰ হ’ব পাৰে তলত উল্লেখ কৰা হ'ল।

  • News18 Assam
  • Last Updated: September 19, 2021, 8:21 AM IST
  • Share this:
ডায়েবেটিছ ৰোগৰ বাবে বিশেষাজ্ঞসকলে মূলতঃ দায়ী কৰিব বিচাৰে আমাৰ অনিয়ন্ত্ৰিত জীৱন যাপন। এবাৰ ডায়েবেটিছে দেখা দিলে ই কাৰ্যত শৰীৰৰ বিভিন্ন অংগত লাহে লাহে সমস্যাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। এই ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বহু ধৰণৰ ঘৰুৱা পদ্ধতি আছে। তাৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ ঘৰুৱা উপকৰণ হ'ল জলাফাইৰ (Olive Leaves) পাত। ডায়েবেটিছক নিয়ন্ত্ৰণ কৰিবলৈ জলফাইৰ পাত কিদৰে ব্যৱহাৰ কৰা যায় আৰু ইয়াৰ পৰা শৰীৰত কি ধৰণৰ উপকাৰ হ’ব পাৰে তলত উল্লেখ কৰা হ'ল।

সাধাৰণভাৱে জলাফাইৰ পাতত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। ইয়াৰ ফলত জলফাইৰ পাত সেৱন কৰিলে তেজৰ শৰ্কৰাৰ হাৰ কমাই দিব পাৰে। ইয়াৰ উপৰি জলফাইৰ পাতে দেহত ইনছুলিনৰ হাৰ বৃদ্ধি কৰিব পাৰে। ফলত জলফাইৰ পাতে ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰথমতে জলফাই গছৰ চাৰি-পাঁচটা মান পাত  সংগ্ৰহ কৰি ভালকৈ ধুই ল’ব। ইয়াৰ পিছত উক্ত পাত মিক্সিৰ সহায়ত বা আন কোনো উপায়ে পিহি লৈ চেকনিৰে চেকি তৰলখিনি উলিয়াই ল’ব লাগিব। এই প্ৰক্ৰিয়া ভালদৰে কৰিলে একৰ পৰা দুই চামুচ তৰল ৰস ওলাব। উক্ত ৰস সপ্তাহত তিনিদিন সেৱন কৰিলে ডায়েবেটিছৰ পৰা উপকাৰ পোৱাৰ লগতে হাৰ্টৰ বেমাৰ, এলজাইমাৰ, পেংক্ৰিয়াছসহ একাধিক অসুবিধা দূৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই তেজত থকা কোলেষ্টৰেল অথবা এইচডিএলৰ মাত্ৰা বৃদ্ধি কৰি এচডিএছৰ (বেয়া কোলেষ্টৰেল) মাত্ৰা কমাই দিয়ে। ই এণ্টিঅক্সিডেণ্ট আৰু এণ্টিইনফ্লেমেটৰি হোৱাৰ বাবে আপোনাৰ শৰীৰৰ ছাল সতেজ কৰিও তুলিব পাৰে।

উল্লেখযোগ্য যে ভূমধ্যসাগৰীয় অঞ্চলৰ দৈনন্দিন খাদ্যত জলফাইৰ ব্যৱহাৰ প্ৰাধান্য পায়। কম বেছি পৰিমাণে আমাৰ অসমীয়া খাদ্য তালিকাতো জাৰকালি জলফাইৰ চাটনিয়ে এক বিশেষ স্থান পাই থাকে। কিন্তু জলফাই ফল আমাৰ আহাৰত গুৰুত্ব পালেও এতিয়ালৈকে জলফাইৰ পাতে আমাৰ খাদ্য তালিকাত তেনে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
হাইপ্ৰেচাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জলফাইৰ পাতে বিশেষ ভূমিকা পালন কৰিব পাৰে। আনকি নিয়মিত জলফাইৰ পাতৰ ৰস সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব পাৰে।

উল্লেখযোগ্য যে জলফাই ( Olive ) গছ প্ৰাচীন কালৰ পৰাই গ্ৰীক সকলৰ শান্তি আৰু বন্ধুত্বৰ প্ৰতিক হিচাপে ব্যৱহৃত হৈছিল। আনহাতে, তেতিয়াৰ অলিম্পিকত পদক বিজেতাসকলক জলফাইৰ পাতৰ মুকুট উপহাৰ দিয়াৰো উদাহৰণ পোৱা যায় ইতিহাসৰ পাতত।
Published by: Sanjay Kumar Das
First published: September 19, 2021, 8:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি