pregnancy kit কিনো? টিভিত বিজ্ঞাপন চাই ৮ বছৰীয়া কন্যাৰ প্ৰশ্ন মাকক, বিশেষজ্ঞাই দিলে এইটো উত্তৰৰ পৰামৰ্শ

ফাইল ফটো
টিভিৰ বিজ্ঞাপন চাই শিশুৱে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ এইটো পৰামৰ্শ।
- News18 Assam
- Last Updated: January 19, 2021, 2:56 PM IST
বিশেষজ্ঞা পল্লৱী বাৰ্নৱালঃ পোনপটীয়াকৈ ক’বলৈ গ’লে pregnancyৰ পৰীক্ষাৰে কেনো মহিলা গৰ্ভৱতী হয় নে নহয় সেই কথা জানিব পাৰে। এই কথাটো বেছিকৈ জানিবলৈ হ’লে আপুনি শিশুটিক বেছি ভালকৈ জনাবলৈ হ’লে নিজৰ শিশুটিক ফাইনেল এগজামৰ উদাহৰণ দিব পাৰে। যেনেকৈ স্কুলত তেওঁ তৃতীয় মানৰ পৰা চতুৰ্থ মানলৈ যোৱাৰ যোগ্য হয় নে নহয় এই কথা জানিবলৈ টেষ্ট যেনেকৈ কৰা হয় তেনেকৈয়ে pregnancy testৰে এই কথা জানিব পাৰি যে মহিলাৰ শৰীৰত এনে কেমিকেল প্ৰস্তুত হৈছে নে নাই যি পেটত থকা সন্তানটো ডাঙৰ হ’বলৈ জৰুৰী।
অভিভাৱক হিচাপে আপুনি আপোনাৰ সন্তানৰ সৈতে এনে কথা পাতিবলৈ অসহজ অনুভৱ কৰে যিবোৰৰ চৰ্চা সাধাৰণতে বৰ্জিত। মনত ৰাখক যে আপোনাৰ শিশুৰ সৈতে আপুনি এই বিষয়সমূহত সঠিক, সুৰুচিপূৰ্ণভাৱে তথ্য সহ কথা পতাটো প্ৰয়োজন। ভুল তথ্য নিদিব আৰু সংকোচ নকৰাকৈ পোণ কথাৰে সত্যটো বুজাই দিব। শিশুটিক হেয় কৰিবলৈ ভৎৰ্সনা কৰাৰো প্ৰয়াস নকৰিব।