• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Refrigerator : কেনে খোৱা সামগ্ৰী কিমান দিনলৈ ফ্ৰিজত ৰখাটো নিৰাপদ, সবিশেষ জানি লোৱাটো ভাল

Refrigerator : কেনে খোৱা সামগ্ৰী কিমান দিনলৈ ফ্ৰিজত ৰখাটো নিৰাপদ, সবিশেষ জানি লোৱাটো ভাল

সকলো সময়তে বজাৰ কৰাৰ অসুবিধা বাবে ঘৰত ব্যৱহাৰ কৰা হয় ৰেফ্ৰিজাৰেটৰ, কিন্তু কিমান দিনলৈ কি সামগ্ৰী কৰিব পাৰি সংগ্ৰহ?

সকলো সময়তে বজাৰ কৰাৰ অসুবিধা বাবে ঘৰত ব্যৱহাৰ কৰা হয় ৰেফ্ৰিজাৰেটৰ, কিন্তু কিমান দিনলৈ কি সামগ্ৰী কৰিব পাৰি সংগ্ৰহ?

সকলো সময়তে বজাৰ কৰাৰ অসুবিধা বাবে ঘৰত ব্যৱহাৰ কৰা হয় ৰেফ্ৰিজাৰেটৰ, কিন্তু কিমান দিনলৈ কি সামগ্ৰী কৰিব পাৰি সংগ্ৰহ?

  • Share this:

বর্তমান দ্ৰুত জীৱনত আমাৰ সকলো সময়তে বজাৰ কৰাৰ অসুবিধাৰ বাবে ঘৰত ব্যৱহাৰ কৰা হয় ৰেফ্ৰিজাৰেটৰ। খাদ্য সংগ্ৰহৰ এক আধুনিক উপায় এই ৰেফ্ৰিজাৰেটৰ। কিন্তু  আমি প্ৰতিদিনে খোৱা খাদ্যবোৰ কিমান সুৰক্ষিত? আৰু যদি সুৰক্ষিত হয়, ইয়াক কিমান সময়ৰ বাবে ফ্ৰিজত ৰাখিব পাৰি? এই সকলোবোৰ খাদ্যই অজ্ঞাতভাৱে আমাৰ শৰীৰৰ কোনো ক্ষতি কৰা নাই নেকি? এনে প্ৰশ্ন কেতিয়াবা মনলৈ আহে। এই বিষয়ক কিছু তথ্য জানি লোৱা ভাল।


কি বস্তু কিমান দিনলৈ ৰখা উচিত ফ্ৰিজত


–আপুনি দুদিনৰ ভিতৰত ৰন্ধা ভাত খাবলৈ চেষ্টা কৰা ভাল। ইয়াক ফ্ৰিজৰ পৰা উলিয়াই লওক আৰু গৰম কৰিবলৈ যোৱাৰ আগতে কমেও কিছু সময়ৰ বাবে কোঠাৰ তাপমাত্ৰাত ৰাখক।


–ৰন্ধা দাইল দুদিনৰ ভিতৰত খোৱা ভাল। তাতকৈ বেছি ৰাখিলে কেতিয়াবা পেটৰ গেছৰ সমস্যা হ'ব পাৰে।


–কটা ফল বা পাচলিবোৰ বেছি সময় ফ্ৰিজত নাৰাখিবলৈ চেষ্টা কৰিব। অতি প্ৰয়োজন হ'লে  এয়াৰটাইট পাত্ৰত ৰাখিব লাগে।


–ফ্ৰিজত ৰখা কটা অমিতা ছয় ঘণ্টাৰ ভিতৰত খাব লাগে। কটা আপেল চাৰি ঘণ্টাতকৈ বেছি সময় নাৰাখিব। তাতকৈ অধিক সময় থাকিলে ই স্বাস্থ্যগত দিশত বিপদ ঘটাব পাৰে।


– চেৰী সাত দিনৰ বাবে, ব্লুবেৰী, ষ্ট্ৰবেৰী আৰু ব্লেকবেৰী ছয় সপ্তাহৰ বাবে ৰাখিব পাৰি, নেমু ফলবোৰ একৰ পৰা তিনি সপ্তাহৰ বাবে, সাত দিনৰ বাবে আঙুৰ ফ্ৰিজত ৰাখিব পাৰে।


–আনহাতে গোটেই তৰমুজটো প্ৰায় দুই সপ্তাহৰ বাবে ৰাখিব পাৰি, কিন্তু কাটিলে ইয়াক দুইৰ পৰা চাৰি দিনৰ ভিতৰত খোৱা ভাল। আনাৰস পাঁচৰ পৰা সাত দিনৰ বাবে ৰাখিব পাৰি, কিন্তু বীনৰ দৰে কিবা থাকিলে চাৰি দিনতকৈ অধিক সময় ৰখাৰ চেষ্টা নকৰিব।


–দুদিনৰ বাবে মাকৈ, সাত দিনৰ বাবে বেঙেনা, এসপ্তাহতকৈ অধিক দিন কাঠফুলা ৰাখিব নালাগে। এই নিয়ম অনুসৰণ নকৰিলে শৰীৰৰ ক্ষতি হ'ব পাৰে।

Published by:Gautam Barman
First published: