প্ৰেম বিচ্ছেদৰ পিছত পুৰণি প্ৰেমক পাহৰিবলৈ অসুবিধা হৈছে নেকি? কেনেদৰে আগবাঢ়িব আপুনি, বিশেষজ্ঞই ক'লে এনেদৰে...

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:47 PM IST
প্ৰেম বিচ্ছেদৰ পিছত পুৰণি প্ৰেমক পাহৰিবলৈ অসুবিধা হৈছে নেকি? কেনেদৰে আগবাঢ়িব আপুনি, বিশেষজ্ঞই ক'লে এনেদৰে...
যেতিয়া আপুনি যোৱা নিশাৰ বাকী ৰৈ যোৱা আলুবোৰ, সতেজ কেপচিকামত ভৰাই দিয়ে, তেন্তে ই মিল নাখাব পাৰে। একেদৰে, যদি আপুনি পূৰ্বৰ সম্পৰ্কৰ বাকীৰ স্মৃতিবোৰ ধৰি ৰাখে, তেন্তে সেই সম্পৰ্ক যি ধৰণেই অন্ত নপৰক কিয়, পূৰ্বৰ আৰু বৰ্তমানৰ মাজত তুলনাত্মক প্ৰশ্ন অপ্ৰয়োজনীয়ভাবে উত্থাপিত হ'ব।

যেতিয়া আপুনি যোৱা নিশাৰ বাকী ৰৈ যোৱা আলুবোৰ, সতেজ কেপচিকামত ভৰাই দিয়ে, তেন্তে ই মিল নাখাব পাৰে। একেদৰে, যদি আপুনি পূৰ্বৰ সম্পৰ্কৰ বাকীৰ স্মৃতিবোৰ ধৰি ৰাখে, তেন্তে সেই সম্পৰ্ক যি ধৰণেই অন্ত নপৰক কিয়, পূৰ্বৰ আৰু বৰ্তমানৰ মাজত তুলনাত্মক প্ৰশ্ন অপ্ৰয়োজনীয়ভাবে উত্থাপিত হ'ব।

  • Share this:
প্ৰেম বিচ্ছেদ হোৱাৰ পিছত এটা সময়লৈকে আপুনি আন এটা সম্পৰ্কত বান্ধ খাবলৈ ইচ্ছাবোধ নকৰাটো ঠিক আছে। কিন্তু আন এটা নতুন সম্পৰ্কৰ বাবে আপুনি সাজু হয় নে নহয় , সেয়া আপোনাৰ পূৰ্বৰ সম্পৰ্ক কেনেদৰে সমাপ্ত হৈছে আৰু তাৰ ফলাফলে আপোনাক কেনেদৰে প্ৰভাৱিত কৰিছে, তাৰ ওপৰতো নিৰ্ভৰ কৰে। যদি আপোনাৰ পূৰ্বৰ সম্পৰ্ক আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে সমাপ্ত হৈছে, তেন্তে আপুনি আন সম্পৰ্কৰ সৈতে যুক্ত হোৱাৰ পূৰ্বে কিছু সময় লোৱাটো স্বাভাৱিক কথা। এতিয়া এই সন্দৰ্ভত বিশেষজ্ঞ পল্লৱী বৰ্নবালেও নিজা পৰামৰ্শ আগবঢ়াইছে।

'বিচ্ছেদৰ বেদনা অব্যাহত থকাৰ সময়তে অন্য এটা সম্পৰ্কত বান্ধ খাবলৈ চেষ্টা কৰিব। কাৰণ ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব।

যদি আপুনি সন্মতিৰ দ্বাৰা বিচ্ছেদ গ্ৰহণ কৰিছে তেন্তে নতুন এই ক্ষেত্ৰত আপোনাৰ বিশেষ অসুবিধা নহ'ব। অতি সজহেই অন্য সংগীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰিব।

আপুনি লাভ কৰা উত্তৰ অনুসৰি আপুনি পৰৱৰ্তী পদক্ষেপ ল'ব পাৰে। কেৱল আপোনাক এটা পৰামৰ্শ দিব বিচাৰিম যে, যেতিয়া আপুনি যোৱা নিশাৰ বাকী ৰোৱা আলুবোৰ সতেজ কেপচিকামত ভৰাই দিয়ে, তেন্তে ই মিল নাখাব পাৰে। একেদৰে, যেতিয়া আপুনি আগৰ সম্পৰ্কৰ আধৰোৱা দিশবোৰ সাঁচি ৰাখি ইয়াক এক নতুন সম্পৰ্কলৈ লৈ যায়, তেন্তে সেই সম্পৰ্ক যি প্ৰকাৰেই অন্ত নপৰক কিয়, পূৰ্বৰ আৰু বৰ্তমানৰ মাজত তুলনাত্মক প্ৰশ্ন অপ্ৰয়োজনীয়ভাৱে উত্থাপিত হয়।

এনে অৱস্থাত আপোনাৰ পূৰ্বৰ সম্পৰ্কত পূৰণ নোহোৱা  আশাবোৰ আপুনি নতুন সম্পৰ্কত পূৰণ কৰিবলৈ বিচাৰিব, ঠিক একেদৰে আন কথাবোৰো হ'বলৈ ল'ব। তাৰ পিছত যদি আপুনি এজন ব্যক্তিৰ বাবে চিন্তিত হৈ পৰে তেতিয়া আপুনি অতি সোনকালে ডেটিঙৰ বাবে সাজু হ'ব। কিয়নো কেতিয়াবা আপোনাৰ চিন্তা আপোনাৰ ওপৰত গধুৰ হৈ পৰে আৰু কেতিয়াবা চিন্তিত লোকসকলৰ বাবে তেওঁলোকৰ চিন্তাৰ সৈতে যুঁজ কৰাটো কঠিন হৈ পৰে।

যদি আপুনি নিজকে আপোনাৰ বিচাৰ বিবেচনাক স্থিৰ কৰিবলৈ সময় নিদিয়ে আৰু অকলে থাকি সুখী হয় তেন্তে অকলে থকাই শ্ৰেষ্ঠ।

আপুনি নিজৰ বাবে নিজেই প্ৰেম বিচাৰক। ইয়াৰ বাবে কোনো সময় নিৰ্ধাৰণ নকৰিব, আৰু খৰধৰো নকৰিব।
Published by: Himangshu Bhuyan
First published: March 10, 2021, 10:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি