লিভাৰ কিদৰে সুৰক্ষিত কৰি ৰাখিব? আগতীয়াকৈ লওক সাৱধানতা, এৰিব লাগিব এইসমূহ বদ অভ্যাস

News18 Assam | News18-Assam
Updated:September 5, 2020, 11:24 AM IST
লিভাৰ কিদৰে সুৰক্ষিত কৰি ৰাখিব? আগতীয়াকৈ লওক সাৱধানতা, এৰিব লাগিব এইসমূহ বদ অভ্যাস
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতবৰ্ষত মৃত্যুৰ ১০টা প্ৰধান কাৰণৰ ভিতৰত অন্যতম লিভাৰজনীত ৰোগ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতবৰ্ষত মৃত্যুৰ ১০টা প্ৰধান কাৰণৰ ভিতৰত অন্যতম লিভাৰজনীত ৰোগ।

  • News18 Assam
  • Last Updated: September 5, 2020, 11:24 AM IST
  • Share this:
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতবৰ্ষত মৃত্যুৰ ১০টা প্ৰধান কাৰণৰ ভিতৰত অন্যতম লিভাৰৰ ৰোগ। লিভাৰৰ সুৰক্ষা আৰু সচেতনা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ১৯ এপ্ৰিলৰ দিনটো ৱৰ্ল্ড লিভাৰ দ্যে হিচাপে পালন কৰা হয়।

লিভাৰ হ’ল আমাৰ শৰীৰৰ দ্বিতীয় বৃহত্‍ অৰ্গেন। যি আমাৰ হজম শক্তিত প্ৰধান ভুমিকা পালন কৰে। আমি যি খাদ্য খাও(মেডিচিনৰ লৈকে), লিভাৰৰ জৰিয়তে অন্য অংশলৈ যায়। বিভিন্ন ইনফেকশ্যন, ব্লাড চুগাৰ ৰেগুলেট কৰা, শৰীৰৰ পৰা টক্সিন আঁতৰাই দিয়া, কলেষ্ট্ৰ’ৰেল নিয়ন্ত্ৰণ কৰা, প্ৰ’টিন উত্‍পন্ন আৰু হজমৰ বাবে বাইল ৰস ৰিলিজ কৰাত সহায় কৰে লিভাৰে।

লিভাৰৰ ৰোগৰ কাৰণ-


  •  অস্বাস্থ্যকৰ জীৱন শৈলী, খাদ্যৰ পেটাৰ্ণ।

  • হেপাটাইটিছ এ, বি আৰু চি ইনফেকশ্যন।

  • অত্যাধিক সুৰাপান আৰু অত্যাধিক কলেষ্ট্ৰ’ৰেল যুক্ত খাদ্য গ্ৰহণ।


  • তেলযুক্ত খাদ্য, মছলাযুক্ত খাদ্য।

  • অত্যাধিক জন্তুৰ মাংসয়ো লিভাৰ ক্ষতি কৰে।


কিদৰে ভালে ৰাখিব লিভাৰ-

  • এটা সুস্থ জীৱন শৈলীৰ লগতে এটা ডায়েট সদায় মানি চলিব লাগে।

  • ঘেহু, ফল-মূল, সেউজীয়া শাক-পাচলি খাব লাগে। ব্ৰকলী, ফুলকবি, বন্ধাকবি, আপেল, ৱালনোট, গাজৰ, অমিতা লিভাৰ সুৰক্ষিত কৰি ৰাখিবলৈ অতি উত্তম বুলি দাবী কৰিছে বহু গৱেষণাই।  লগতে নেমু টেঙাও লিভাৰৰ বাবে দৰকাৰী।

  • ফাইবাৰ যুক্ত খাদ্য লিভাৰৰ বাবে উপকাৰী।

  • বিশুদ্ধ পানী খাব লাগে।

  • সুৰাপানৰ পৰা বিৰত থাকিব লাগে।

  • নিয়মিত যোগাভ্যাস, শাৰীৰিক ব্যায়াম কৰিব লাগে।

  • সদায় পৰিষ্কাৰ হৈ থাকিব লাগে।

  • ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে।


(সকলোৰে স্বাস্থ্য সমাধান একেই নহয় আৰু যিকোনো খাদ্য চিকিৎসকৰ সন্মতি নোহোৱাকৈ সেৱন নকৰাই উত্তম।)
Published by: Himangshu Bhuyan
First published: September 5, 2020, 11:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading