কেঁচুৱা কেনেকৈ পেটত সোমায়? ৫বছৰীয়া পুত্ৰৰ প্ৰশ্নৰ কি উত্তৰ দিব? ‘অপ্ৰস্তুত’ মাতৃক বিশেষজ্ঞাই দিলে এইটো সমাধান

News18 Assam | News18-Assam
Updated:January 18, 2021, 4:54 PM IST
কেঁচুৱা কেনেকৈ পেটত সোমায়? ৫বছৰীয়া পুত্ৰৰ প্ৰশ্নৰ কি উত্তৰ দিব? ‘অপ্ৰস্তুত’ মাতৃক বিশেষজ্ঞাই দিলে এইটো সমাধান
Source-Google

বিশেষজ্ঞা পল্লৱী বাৰ্নৱালে দিছে উত্তৰ।

  • Share this:
শিশুৰ মন সৰল আৰু অনুসন্ধিৎসু। শৈশৱত নানা ধৰণৰ প্ৰশ্নই শিশুৰ মনত দোলা দি যায় আৰু পিতৃ–মাতৃ তথা পৰিয়ালৰ অন্য লোকক শিশুৱে সেইবোৰ প্ৰশ্নবোৰ সুধি হাইৰাণ কৰা দেখা যায়। তাতে যদি প্ৰশ্নটো প্ৰাপ্তবয়স্কৰ বিষয়ৰ তেনেহ’লে বহু সময়ত পিতৃ–মাতৃ বিপাঙত পৰা দেখা যায়। বহুতেই চালে–বেৰে কোবাই সাজি উত্তৰ এটা দি থয়। পিচে এনে এগৰাকী মাতৃয়ে বিশেষজ্ঞা পল্লৱী বাৰ্নৱালক সুধিলে যেঃ

প্ৰশ্নঃ আমাৰ দ্বিতীয় সন্তান আহিবলৈ হৈছে আৰু ৫বছৰীয়া ডাঙৰটো সন্তানে এদিন সুধিলে মা কেঁচুৱাটো পেটত কেনেকৈ সোমায় আৰু বাহিৰলৈ ওলায়? মই নিৰুত্তৰ হৈ পৰিলো। সমাধান দিয়ক।

উত্তৰঃ এই প্ৰশ্নটোৰ উত্তৰ প্ৰশ্ন কৰা শিশুৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰেষ সকলোতকৈ মৌলিক স্তৰত আপুনি এনেকৈ উত্তৰ দিব পাৰে যে, মা আৰু দেউতাৰ ওচৰত এটাকৈ বীজ আছে। যেতিয়া পাপাৰ বীজ মাৰ শৰীৰলৈ যায় আৰু মাৰ শৰীৰৰ বীজৰ সৈতে মিলে যিটো আগৰে পৰা মাৰ শৰীৰত থাকে। লগতে এইটো কথাও ক’ব পাৰে যে এই বীজ পিতৃৰ লিংগই লৈ যায়। যদি শিশুটিৰ বয়স অলপ বেছি মানে ৬–৭বছৰ তেনেহ’লে সি এই কথাটো সম্পূৰ্ণ বুজিবলৈ সক্ষম। ‘যেতিয়া এই দুয়োটা বীজ মিলে আৰু এদিন বেবী হৈ যায়। বেবীটো লাহে–লাহে ভিতৰত ডাঙৰ হয়। একেবাৰে এজোপা গছৰ দৰে ই বাঢ়ে। যেতিয়া বেবীটো ডাঙৰ আৰু মজবুত হৈ পৰে তেতিয়া ডাক্তৰৰ সহায়ত বেবীটো মাৰ পেটৰ পৰা ভালকৈ উলিয়াই অনা হয়।

শিশুটি আৰু অলপ ডাঙৰ হ’লে আৰু বয়ঃসন্ধি কালত প্ৰৱেশ কৰিলে আপুনি তাক অণ্ড আৰু বীৰ্যৰ (sperm) বিষয়ে কওক যে কেনেকৈ বীৰ্য অণ্ডৰ সৈতে মিলি তাক নিষেচন (fertilise) কৰে যেতিয়া লিংগই তাক অণ্ডলৈকে penetrationৰ জৰিয়তে নিয়ে। শিশুটিক যেতিয়া এই তথ্য দিব তেতিয়া মনত কৰাব যে চেক্স কেৱল বিয়াৰ পিছতহে নহয় আৰু এইটো কেৱল শিশু জন্ম দিয়াবলৈ নহয়।

শিশুৰ প্ৰশ্নৰ উত্তৰ দিওতে এটা কথা মনত ৰাখিব যে আপুনি যিটো চেক্স তথা অশ্লীল বুলি ভাবিছে সেইটো শিশু মনৰ এটা সাধাৰণ প্ৰশ্নৰ উত্তৰ। আপুনি যিমান সততাৰে স্পষ্টকৈ উত্তৰ দিব সিমানেই শিশুটিয়ে এই বিষয়টোত সহজ হৈ পৰিব। অৱশ্যে আমি যদি সংকোচ কৰো তেনেহ’লে শিশুটিৰ যৌন স্বাস্থ্য ভালকৈ আগ নাবাঢ়িব। সহজকৈ লওক আৰু লাজ নকৰিব।
First published: January 18, 2021, 4:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি