Home Remedies: শুকান কাহে আমনি কৰিছে নেকি ? ঘৰুৱাভাৱে আপুনিও লওক এই ৬টা যতন, পাব উপশম

News18 Assam | News18-Assam
Updated:June 19, 2021, 11:49 AM IST
Home Remedies: শুকান কাহে আমনি কৰিছে নেকি ? ঘৰুৱাভাৱে আপুনিও লওক এই ৬টা যতন, পাব উপশম
দীৰ্ঘদিন ধৰি আপুনিও ভুগি আছে নেকি শুকান কাহৰ সমস্যাত? তেন্তে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

দীৰ্ঘদিন ধৰি আপুনিও ভুগি আছে নেকি শুকান কাহৰ সমস্যাত? তেন্তে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

  • Share this:

Home Remedies for Dry Cough: কাহ মানুহৰ এক সচৰাচৰ হোৱা ৰোগ, কিন্তু শুকান কাহ দীঘলীয়া সময়ৰ বাবে থাকিলে যথেষ্ট কষ্ট ভোগ কৰিব লগা হয়। বতৰ পৰিৱৰ্তন অথবা ঋতু পৰিৱৰ্তনৰ লগে লগে কাহ-পানী লগা দেখা দিয়ে। শুকান কাহে (Cough) শৰীৰ দুৰ্বল কৰে, আনহাতে সঘনাই কাহ আহি থাকিলে আন লোককো যথেষ্ট অসুবিধাত পেলায়। কোৰোণাৰ এই বিভীষিকাময় পৰিৱেশৰ মাজত কাহৰ পৰাও কোৰোণা হোৱাৰ আশংকাই দেখা দিব পাৰে। দীৰ্ঘদিন ধৰি আপুনিও ভুগি আছে নেকি শুকান কাহৰ সমস্যাত? তেন্তে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আজি আমি আপোনাক শুকান কাহৰ পৰা ঘৰুৱাভাৱে আপুনি কিদৰে সকাহ পাব পাৰে সেই বিষয়ে অৱগত কৰিম।


আঁহত গছৰ ঠাৰি


যদি আপুনি দীৰ্ঘদিন ধৰি শুকান কাহত ভুগি আছে তেন্তে আঁহত গছৰ ঠাৰি পিহি লওক আৰু তাৰ পিছত ইয়াত এক চামুচ মৌ যোগ দিয়ক। ইয়াক নিয়মীয়াকৈ সেৱন কৰক। ই শুকান কাহ নিৰাময় কৰিব আৰু আপুনি সকাহ অনুভৱ কৰিব।



মৌ


 শুকান কাহত মৌ আপোনাৰ বাবে উপযোগী হ'ব পাৰে। মৌ বহুতো ঔষধি গুণসমৃদ্ধ। ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণাগুণে কাহ আদি আঁতৰ কৰাত সহায় কৰে। মৌ ডিঙিৰ বিষ দূৰ কৰাত সহায়ক হ'ব পাৰে। ইয়াৰ বাবে, ভেষজ চাহ বা নেমুপানীত দুই চামুচ মৌ যোগ দিয়ক আৰু দিনত দুবাৰকৈ খাওক, আপুনি সকাহ পাব।


নিমখ পানী


কুহুমীয়া নিমখ পানীৰে ডিঙিৰ কুলকুলি কৰিলে কাহৰ পৰা সকাহ পাব পাৰে আৰু এনে কৰিলে ডিঙিটো পাতল লাগে। ইয়াৰ উপৰি, নিমখ পানীৰে কুলকুলি কৰিলে হাঁওফাঁওত জমা হোৱা শ্লেষ্মা হ্ৰাস হয়। ইয়াৰ বাবে একাপ কুহুমীয়া পানীত এক চতুৰ্থাংশ নিমখ যোগ দিয়ক আৰু দিনত কেইবাবাৰো কুলকুলি কৰক।



আদা


আদা বহুতো ঔষধি গুণেৰে সমৃদ্ধ। ই কাহৰ পৰাও সকাহ দিয়ে। জালুক আৰু আদা দিয়া চাহ খালে কাহৰ পৰা সকাহ পোৱা যায়। অৱশ্যে ইয়াক সীমিত পৰিমাণত ব্যৱহাৰ কৰিব।


নীলগিৰিৰ তেল


কাহ উপশম কৰিবলৈ নাৰিকল তেলত কেইটোপালমান নীলগিৰি তেল যোগ দিয়ক আৰু ইয়াৰ সৈতে বুকুখন মালিচ কৰক। আপুনি গৰম পানী আৰু বাষ্পত নীলগিৰি তেলৰ টোপাল যোগ দিব পাৰে। ই বুকুখন পাতল কৰিব আৰু উশাহ লোৱা সহজ কৰি তুলিব।


গোলমৰিচ


ই ডিঙিৰ জ্বলা-পোৰা আৰু বিষ উপশম কৰাত সহায়ক হ'ব পাৰে। ইয়াৰ বাবে দিনত দুইৰ পৰা তিনিবাৰ গোলমৰিচৰ চাহ খাব। কাহৰ সমস্যাৰ পৰা সকাহ পাব।

Published by: Gautam Barman
First published: June 19, 2021, 11:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি