মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Home Remedies: কলেৰা ৰোগীসকলে এইসমূহ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিলে সুফল পাব...!

Home Remedies: কলেৰা ৰোগীসকলে এইসমূহ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিলে সুফল পাব...!

Kokil Sarma | News18-Assam
Updated:July 8, 2021, 4:21 PM IST
Home Remedies: কলেৰা ৰোগীসকলে এইসমূহ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিলে সুফল পাব...!
ৰাষ্ট্ৰীয় স্বাস্থ্য পৰ্টেলৰ এক প্ৰতিবেদন অনুসৰি, কিছুমান ঘৰুৱা পদ্ধতি কলেৰাত কাৰ্যকৰী প্ৰমাণিত হ'ব পাৰে। যথেষ্ট পানী খোৱাটোৱে কলেৰাৰ পৰা পৰিত্ৰাণ পোৱাত কাৰ্যকৰীভাৱে সহায় কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য পৰ্টেলৰ এক প্ৰতিবেদন অনুসৰি, কিছুমান ঘৰুৱা পদ্ধতি কলেৰাত কাৰ্যকৰী প্ৰমাণিত হ'ব পাৰে। যথেষ্ট পানী খোৱাটোৱে কলেৰাৰ পৰা পৰিত্ৰাণ পোৱাত কাৰ্যকৰীভাৱে সহায় কৰে।

  • Share this:
কলেৰা (Cholera) হৈছে বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক ৰোগ। ই ভাইব্ৰিঅ কলেৰী বেক্টেৰিয়াৰ (Vibrio Cholerae) ফলত হয়, যি দূষিত খাদ্য আৰু পানীৰ দ্বাৰা সংক্ৰমিত হয়। এই ৰোগৰ ফলত ডায়েৰিয়া হ'ব পাৰে আৰু শৰীৰত পানীৰ অভাৱ হ'ব পাৰে। ইয়াৰ ফলত ডিহাইড্ৰেচন (Dehydration) হ'ব পাৰে। আনকি সময়মতে সঠিক চিকিৎসা প্ৰাপ্ত কৰাত ব্যৰ্থ হ'লে ৰোগীৰ মৃত্যু হ'ব পাৰে। কলেৰা হোৱাৰ আশংকা আটাইতকৈ সচৰাচৰ হয় য'ত পৰিষ্কাৰ পৰিচ্ছন্নতা উপেক্ষা কৰা হয়। কলেৰা হোৱাৰ ফলত বমি হয় আৰু পাতল ডায়েৰিয়া হয়। লগতে ভাগৰ অনুভৱ কৰা, পেশী সংকোচন আদি লক্ষণ হ'ব পাৰে। অৱশ্যে কলেৰা প্ৰতিৰোধ কৰিবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰি।

ৰাষ্ট্ৰীয় স্বাস্থ্য পৰ্টেলৰ এক প্ৰতিবেদন অনুসৰি, কিছুমান ঘৰুৱা পদ্ধতি কলেৰাত কাৰ্যকৰী প্ৰমাণিত হ'ব পাৰে। যথেষ্ট পানী খোৱাটোৱে কলেৰাৰ পৰা পৰিত্ৰাণ পোৱাত কাৰ্যকৰীভাৱে সহায় কৰে। কলেৰা ৰোগীকে ধৰি সকলোৰে বাবে তেওঁলোকৰ শৰীৰ হাইড্ৰেটেড ৰখাটো অধিক গুৰুত্বপূৰ্ণ। এইটো এটা সৰ্বশ্ৰেষ্ঠ ঘৰুৱা প্ৰতিকাৰ যি কলেৰা প্ৰতিৰোধ কৰিব পাৰে।

লগতে প্ৰায় তিনি লিটাৰ পানীত কেইটামান লং যোগ দিয়ক আৰু উতলাওক। এই মিশ্ৰণটো প্ৰতি কেইঘণ্টামানৰ পিছত পান কৰক। এইটো কলেৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ ঘৰুৱা প্ৰতিকাৰ।

পানী আৰু তুলসী পাতৰ মিশ্ৰণ খালে কলেৰাও আৰোগ্য হয়। লগতে বাটাৰমিল্ক খাব। ইয়াত অলপ ক'লা নিমখ আৰু জিৰা গুটি যোগ দিয়ক। ই কলেৰাত উপকাৰী।

নাৰিকল পানী, সতেজ নেমুৰ ৰসৰ সৈতে কিছু তিয়ঁহৰ পাত যোগ দিয়ক আৰু ইয়াক খাওক। দৈনিক ইয়াৰ কমেও এগিলাচ খাব। ই লাভান্বিত হয়।

অলপ পিঁয়াজ গুৰি কৰক আৰু ইয়াত অলপ জালুক দিয়ক আৰু নিয়মীয়াকৈ ইয়াৰ খাওক। এইটো কলেৰাৰ বাবে এক উন্নত চিকিৎসা।

এই সাৱধানতাবোৰ লওক

কলেৰা ৰোগীসকলৰ বাবে আহাৰ আৰম্ভ কৰাটো তৰল খাদ্যৰে কৰিব পাৰে। লগতে, ৰোগীসকলে গোটেই দিনটো যথেষ্ট পৰিমাণে পানী, চডা আৰু নাৰিকল পানী খাব লাগে। মনত ৰাখিব যে একেবাৰতে অত্যাধিক তৰল গ্ৰহণ কৰিলে বমি হ'ব পাৰে, সেয়েহে এবাৰত মাত্ৰ সামান্য পৰিমাণে পান কৰিব। ৰোগীসকলক বৰফৰ টুকুৰাও খাবলৈ দিব দিব পাৰি। লগতে সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈকে গোটা আৰু ভজা খাদ্য  সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব।
Published by: Kokil Sarma
First published: July 8, 2021, 4:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি