মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health : উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অতিকৈ কাৰ্যকৰী এই ৫ বিধ খাদ্য...

Health : উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অতিকৈ কাৰ্যকৰী এই ৫ বিধ খাদ্য...

News18 Assam | News18-Assam
Updated:September 24, 2021, 8:41 AM IST
Health : উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অতিকৈ কাৰ্যকৰী এই ৫ বিধ খাদ্য...
আপোনাৰ High Blood Pressure উচ্চ ৰক্তচাপৰ সমস্যা হৈ আছে নে , তেনেহলে এইসমূহ তথ্য আপোনাৰ বাবে যথেষ্ট উপকাৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, উচ্চ ৰক্তচাপ কেৱল ঔষধৰ দ্বাৰা নহয়, সুষম আহাৰৰ দ্বাৰাও নিয়ন্ত্রণত ৰাখিব পাৰি।

আপোনাৰ High Blood Pressure উচ্চ ৰক্তচাপৰ সমস্যা হৈ আছে নে , তেনেহলে এইসমূহ তথ্য আপোনাৰ বাবে যথেষ্ট উপকাৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, উচ্চ ৰক্তচাপ কেৱল ঔষধৰ দ্বাৰা নহয়, সুষম আহাৰৰ দ্বাৰাও নিয়ন্ত্রণত ৰাখিব পাৰি।

  • News18 Assam
  • Last Updated: September 24, 2021, 8:41 AM IST
  • Share this:
আপোনাৰ High Blood Pressure উচ্চ ৰক্তচাপৰ সমস্যা হৈ আছে নে , তেনেহলে এইসমূহ তথ্য আপোনাৰ বাবে যথেষ্ট উপকাৰী। উচ্চ ৰক্তচাপৰ ফলত হৃদৰোগত আক্রান্ত হোৱাৰ লগতে, ব্ৰেইন ষ্ট্ৰোক, চকুৰ ৰেটিনাৰ ক্ষতি হোৱা আনকি লোকৰ মৃত্যু পৰ্য্যন্ত হোৱা দেখা যায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, উচ্চ ৰক্তচাপ কেৱল ঔষধৰ দ্বাৰা নহয়, সুষম আহাৰৰ দ্বাৰাও নিয়ন্ত্রণত ৰাখিব পাৰি।

যেতিয়া শৰীৰৰ ধমনীবোৰত ৰক্তচাপ বৃদ্ধি কৰে তেতিয়া হৃদযন্ত্ৰই স্বাভাৱিকতকৈ অধিক কাম গতিত কাম কৰিব লগা হয়। এই কাৰ্যকে উচ্চ ৰক্তচাপ বুলি কোৱা হয়। সাধাৰণতে ৰক্তচাপৰ স্বাভাৱিক স্তৰ ৮০/১২০ ৰ ভিতৰত থাকিব লাগে। যেতিয়া ৰক্তচাপৰ স্তৰ ইয়াতকৈ অধিক হয় তেতিয়া সেইস্থিতিক উচ্চ ৰক্তচাপ আক্রান্ত হোৱা বুলি কব পৰা যায়।

বৰ্ধিত ৰক্তচাপৰ লক্ষণ:

মূৰ ঘূৰোৱা, উদ্বিগ্নতা, আৰু নিদ্ৰাহীনতা উচ্চ ৰক্তচাপৰ লক্ষণ হব পাৰে। কিন্তু এই লক্ষণবোৰ ইমান সচৰাচৰ হয় যে ইয়াৰ আন বহুতো কাৰণ থাকিব পাৰে। এক গৱেষণা অনুসৰি, চকুৰ তেজৰ দাগ যাক চাবকঞ্জাক্টিভেল ৰক্তক্ষৰণ বুলি কোৱা হয় ইয়াক উচ্চ ৰক্তচাপৰ সতৰ্কবাণী হিচাপে চিহ্নিত কৰিব পাৰে।

ৰক্তচাপ বৃদ্ধি হোৱাৰ কাৰণঃ
জীৱনশৈলী সলনি কৰা, মানসিক চাপ, ভাগৰ অনুভৱ কৰা আৰু দুৰ্বল আহাৰ ৰক্তচাপ বৃদ্ধি হোৱাৰ মুখ্য কাৰণ বুলি গণ্য কৰা হয়। আনকি অধিক পৰিমাণত নিমখ সেৱন কৰিলেও, উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি হয়।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা খাদ্যসমূহ:

১. টেঙা ফল
নেমুটেঙাৰ দৰে টেঙা ফলৰ সেৱনে উচ্চ ৰক্তচাপ আক্রান্ত হৈ থকা লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে। টেঙা ফলত ভিটামিন, খনিজ আৰু বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান উপলব্ধ থাকে। যি হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাৰ লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। নেমুৰ লগতে আঙুৰ, কমলা, কল আদিও গ্ৰহণ কৰিব পাৰে। কলত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে, যি ছডিয়ামৰ প্ৰভাৱ হ্ৰাস কৰে। ই ৰক্ত কণিকাৰ চাপ হ্ৰাস কৰে আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

২. ৰঙালাওৰ গুটি
ৰঙালাওৰ গুটিত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াক গ্ৰহণ কৰিলে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে। ৰঙালাওৰ গুটিত পটাছিয়াম, মেগনেছিয়াম আৰু আৰ্গিনিন থাকে, যি ৰক্তচাপ হ্ৰাস কৰে। আপুনি খাদ্যত ৰঙালাওৰ গুটি বা ৰঙালাওৰ তেল ব্যৱহাৰ কৰিব পাৰে।

৩. বীন আৰু মাহজাতীয় শস্য
মাহজাতীয় শস্যত আঁহ, মেগনেছিয়াম আৰু পটাছিয়াম যথেষ্ট পৰিমাণত পোৱা যায়। বহুতো গৱেষণাত ৰক্তচাপৰ স্তৰ হ্ৰাস কৰাত বীন আৰু মাহজাতীয় শস্য যথেষ্ট কাৰ্যকৰী হিচাপে বিবেচিত হৈছে। গতিকে আপুনি আপোনাৰ আহাৰত মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰিটো অতিকৈ উত্তম।

৪. ষ্ট্ৰবেৰী:
ষ্ট্ৰবেৰীত যথেষ্ট মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ ষ্ট্ৰবেৰীত থকা এন্থোচাইনিন এণ্টিঅক্সিডেণ্টে নামৰ উপাদন দুবিধে তেজত নাইট্ৰিক অক্সাইডৰ স্তৰ বৃদ্ধি কৰে লগতে ষ্ট্ৰবেৰী খোৱাৰ ফলত শৰীৰত উচ্চ ৰক্তচাপৰ স্তৰ হ্ৰাস পায়।
Published by: Kokil Sarma
First published: September 24, 2021, 8:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি