உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Health Tips : অতিৰিক্ত চুলি সৰিছে নেকি? শৰীৰ ক্লান্ত হৈ থাকে? ভিটামিন ডিৰ অভাৱতো হ’ব পাৰে এই সমস্যা, চাওক সহজ প্ৰতিকাৰ

    Health Tips : অতিৰিক্ত চুলি সৰিছে নেকি? শৰীৰ ক্লান্ত হৈ থাকে? ভিটামিন ডিৰ অভাৱতো হ’ব পাৰে এই সমস্যা, চাওক সহজ প্ৰতিকাৰ

    সেয়ে ভিটামিন ডিৰ অভাৱৰ লক্ষণসমূহ বুজাটো অতি প্ৰয়োজনীয়। আমাৰ শৰীৰত সঠিক পৰিমাণত ভিটামিন ডি কিদৰে বজাই ৰাখিব পাৰি সেয়াও আমি জানিব লাগে।

    • Share this:
    কোৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পিছৰে পৰা ঘৰৰ পৰাই কাম কৰা বা ৱৰ্ক ফ্ৰম হোম কৰ্ম সংস্কৃতিৰ অংগ হৈ পৰিছে। যাৰ ফলতে হয়তো এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাত কিছু পৰিমাণে হ’লেও সহায়ক হৈছে। কিন্তু তাৰ লগে লগে কিছু সমস্যাও দেখা দিছে। পূৰ্বে কাৰ্যালয় বা আন কামলৈ যোৱাৰ বাবে বাহিৰলৈ ওলাবলগীয়া হৈছিল। এতিয়া প্ৰায় ৮ৰ পৰা ৯ ঘণ্টা সময় ঘৰৰ ভিতৰতে বহি কাম কৰিবলগীয়া হয়। ফলত দেহত সূৰ্যৰ পোহৰ নালাগে। ইয়াৰ বাবেই দেখা দিছে ডি ভিটামিন সংক্ৰান্তীয় নানা সমস্যাই। কাৰণ সূৰ্যৰ পোহৰ পৰ্যাপ্ত পৰিমাণে নোপোৱাৰ বাবে শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে। ফলত বহুতেই হাড়ৰ লগতে নানা সমস্যাৰ সন্মুখীন হয়। ঔষধেৰে এই অভাৱ পূৰণ কৰা হয় ঠিকেই, কিন্তু শৰীৰৰ ভিটামিন ডিৰ মূল উৎস হ’ল সূৰ্যৰ পোহৰ।

    সেয়ে ভিটামিন ডিৰ অভাৱৰ লক্ষণসমূহ বুজাটো অতি প্ৰয়োজনীয়। আমাৰ শৰীৰত সঠিক পৰিমাণত ভিটামিন ডি কিদৰে বজাই ৰাখিব পাৰি সেয়াও আমি জানিব লাগে।

    ভিটামিন ডিৰ অভাৱত কি লক্ষণ দেখা যায়:

    ভিটামিন ডিৰ অভাৱত শিশুসকলৰ ৰিকেট হয় আৰু তেওঁলোকৰ পেশী দুৰ্বল হৈ পৰে। কিন্তু শিশুসকলৰ মাজত এই ভিটামিনৰ অভাৱজনিত কাৰণ যিমান স্পষ্ট, ডাঙৰসকলৰ ক্ষেত্ৰত সিমানখিনি নহয়।

    বেছিভাগ ক্ষেত্ৰতে দেখা যায় প্ৰাপ্তবয়স্কসকলৰ মাজত ভিটামিন ডিৰ অভাৱ সুস্পষ্ট নহয়। কিন্তু যদি দেখা যায় যে অতিৰিক্ত মাত্ৰাত চুলি সৰিছে বা ক্লান্তি দূৰ হোৱা নাই তেনেহ’লে সেয়া ভিটামিন ডিৰ অভাৱত হ’ব পাৰে। এই ভিটামিনৰ অভাৱ হ’লে পেশীৰ সমস্যায়ো দেখা দিয়ে।

    শৰীৰত এই লক্ষণসমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ নোখোৱাই ভাল।

    ভিটামিন ডিৰ অভাৱৰ পৰা মুক্তি পাবলৈ কেইটামান ঘৰুৱা প্ৰতিকাৰ:

    – ভিটামিন ডি সমৃদ্ধ খাদ্য গ্ৰহণ কৰি এই অভাৱ দূৰ কৰিব পাৰি।

    – শৰীৰত সূৰ্যৰ পোহৰ পৰিবলৈ দিয়ক।

    – সপ্তাহত তিনিদিন ১৫–২০ মিনটৰ বাবে নিয়মিত সূৰ্যৰ পোহৰত থকা উচিত।
    Published by:Sanjay Kumar Das
    First published: