মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Healthy Liver: লিভাৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ ৫বিধ ঘৰুৱা খাদ্য, য'ত আছে আন বহুকেইটা সমস্যাৰো সমাধান

Healthy Liver: লিভাৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ ৫বিধ ঘৰুৱা খাদ্য, য'ত আছে আন বহুকেইটা সমস্যাৰো সমাধান

News18 Assam | News18-Assam
Updated:June 26, 2021, 3:49 PM IST
Healthy Liver: লিভাৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ ৫বিধ ঘৰুৱা খাদ্য, য'ত আছে আন বহুকেইটা সমস্যাৰো সমাধান
যকৃত শৰীৰৰ এক গুৰুত্বপূৰ্ণ আৰু ডাঙৰ অংশ, ই শৰীৰত সমান্তৰালভাৱে বহুকেইটা কাৰ্য সম্পাদন কৰে।

যকৃত শৰীৰৰ এক গুৰুত্বপূৰ্ণ আৰু ডাঙৰ অংশ, ই শৰীৰত সমান্তৰালভাৱে বহুকেইটা কাৰ্য সম্পাদন কৰে।

  • Share this:

Diet For Healthy Liver: এজন ব্যক্তি স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰৰ প্ৰতিটো অংশ স্বাস্থ্যৱান হৈ থকা অত্যন্ত প্ৰয়োজন। মানুহৰ শৰীৰৰ ক্ষেত্ৰত যকৃতে (Liver)এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যকৃত শৰীৰৰ এক গুৰুত্বপূৰ্ণ আৰু ডাঙৰ অংশ, ই শৰীৰত সমান্তৰালভাৱে বহুকেইটা কাৰ্য সম্পাদন কৰে। শৰীৰত পুষ্টি সংৰক্ষণৰ লগতে তেজৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰে আৰু সেইবোৰ পৰিষ্কাৰ কৰে। গ্লুকোজক শক্তিলৈ ৰূপান্তৰ কৰে যকৃতে। প্ৰ'টিনে শৰীৰত পুষ্টিৰ পৰিমাণ সন্তুলিত কৰে। ৰন্ধা খাদ্যই চৰ্বি আৰু প্ৰ'টিন প্ৰস্তুত কৰে আৰু তেজ গোট মৰাৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন সৃষ্টি কৰাটো সহায়ক হিচাপে কাম কৰে যকৃতে।


তেনে ক্ষেত্ৰত আমাৰ শৰীৰ পৰিচালনাৰ ক্ষেত্ৰত যকৃতে পালন কৰি আহিছে অনন্য ভূমিকা। গতিকে যকৃত স্বাস্থ্যৱান কৰি ৰখাটো আমাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব। আপুনি কিদৰে ঘৰুৱাভাৱে যকৃতক স্বাস্থ্যৱান কৰি ৰাখিব পাৰে সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।


বীট



বীটক যকৃত পৰিষ্কাৰ আৰু স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত সহায়ক বুলি গণ্য কৰা হয়। বীটত বিটা কেৰোটিন থাকে, যি যকৃতক উত্তেজিত কৰে। ই যকৃতৰ কাৰ্য প্ৰণালীও উন্নত কৰে। বীটক প্ৰাকৃতিক তেজ পৰিশোধক বুলিও গণ্য কৰা হয়। যকৃত স্বাস্থ্যৱান ৰাখিবলৈ আপুনি বীট দৈনিক গ্ৰহণ কৰিব পাৰে। ই শৰীৰক আন বহুতো লাভালাভ প্ৰদান কৰে।


গ্ৰীন টী


গ্ৰীন টিয়ে যকৃতৰ স্বাস্থ্য বজাই ৰখাত এক বিশেষ ভূমিকা পালন কৰে। গ্ৰীন টিয়ে শৰীৰত জমা হোৱা চৰ্বি আৰু বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়াত সহায় কৰে আৰু যকৃতক ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষিত কৰে। তথ্য অনুসৰি, যিসকলে নিয়মীয়াকৈ গ্ৰীন টী সেৱন কৰে, তেওঁলোকৰ যকৃতৰ কৰ্কট ৰোগ হোৱাৰ আশংকা কম।


নেমু



নেমুৱে যকৃত স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ই যকৃত পৰিষ্কাৰ ৰাখে আৰু যকৃতৰ দ্বাৰা খনিজ পদাৰ্থ শোষণ কৰাত সহায় কৰে। নেমুত ডি-লিমোনেনামৰ এক উপাদান থাকে, যি যকৃতৰ কোষবোৰ সক্ৰিয় কৰে আৰু যকৃত পৰিষ্কাৰৰ লগতে স্বাস্থ্যৱান কৰি ৰাখে।


নহৰু


যকৃতৰ স্বাস্থ্য বজাই ৰখা আৰু ইয়াৰ শক্তি বৃদ্ধি কৰাৰ বাবে নহৰুক অতি উপযোগী বুলি গণ্য কৰা হয়। নহৰু দৈনিক সেৱন কৰিলে যকৃতত থকা সকলো এনজাইম সক্ৰিয় হয়, যি যকৃত পৰিষ্কাৰ কৰাত সহায় কৰে। নহৰুৱে যকৃতৰ সকলোধৰণৰ ক্ষতিৰ বিপৰীতে প্ৰতিৰোধক হিচাপে কাম কৰে।


হালধি


হালধি সেৱনে যকৃত পৰিষ্কাৰ আৰু স্বাস্থ্যৱান ৰখাত সহায় কৰে। ই যকৃতক বিষমুক্ত কৰে আৰু শৰীৰৰ চৰ্বি হজম কৰাৰ ক্ষমতাও উন্নত কৰে। যকৃত স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৈনিক হালধি খাব লাগে।

Published by: Gautam Barman
First published: June 26, 2021, 3:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি