• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Health Tips : ৪০ বছৰত ভৰি থোৱা পুৰুষে এনে স্বাস্থ্যজনিত লক্ষণক কৰিব নালাগে উপেক্ষা!

Health Tips : ৪০ বছৰত ভৰি থোৱা পুৰুষে এনে স্বাস্থ্যজনিত লক্ষণক কৰিব নালাগে উপেক্ষা!

৩০ বছৰ বয়সলৈ সকলো ঠিকে থাকে যদিও ৪০ৰ পিছত কথাবোৰ সলনি হ'বলৈ আৰম্ভ কৰে।

৩০ বছৰ বয়সলৈ সকলো ঠিকে থাকে যদিও ৪০ৰ পিছত কথাবোৰ সলনি হ'বলৈ আৰম্ভ কৰে।

৩০ বছৰ বয়সলৈ সকলো ঠিকে থাকে যদিও ৪০ৰ পিছত কথাবোৰ সলনি হ'বলৈ আৰম্ভ কৰে।

  • Share this:

আমি সকলোৱে 'স্বাস্থ্য হৈছে সম্পদ' বুলি কোৱা শুনিছোঁ, যিয়ে স্বাস্থ্য কিমান গুৰুত্বপূৰ্ণ তাকেই বুজায়। গতিকে ৰোগৰ পৰা বাছি সুস্বাস্থ্যৰ বাবে যত্ন লোৱা দৰকাৰ। কিন্তু বয়স বৃদ্ধিৰ লগে লগে শৰীৰে সংক্ৰমণ আৰু যিকোনো বিষ সহ্য কৰাৰ ক্ষমতা হ্ৰাস কৰে।  গতিকে স্বাস্থ্যকৰ আহাৰ আৰু নিয়মীয়া ব্যায়ামে বৃদ্ধ বয়সৰ লক্ষণবোৰ হ্ৰাস কৰিব পাৰে।


বয়স হোৱাটো এটা প্ৰাকৃতিক ঘটনা। ৩০ বছৰ বয়সলৈ সকলো ঠিকে থাকে যদিও ৪০ৰ পিছত কথাবোৰ সলনি হ'বলৈ আৰম্ভ কৰে। বিশেষকৈ যদি ৪০ বছৰ বয়সৰ পুৰুষে এই লক্ষণবোৰ নিজৰ শৰীৰৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰে, তেন্তে সেয়া উপেক্ষা কৰাৰ ভুল নকৰিব। এই লক্ষণবোৰৰ বিষয়ে জানো আহক।


হঠাতে ওজন বৃদ্ধিৰ ঘটনা
যদি আপোনাৰ হঠাতে ওজন হ্ৰাস হৈছে বা ওজন বৃদ্ধি হৈছে, তেন্তে আপুনি লগে লগে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। উদাহৰণস্বৰূপে ডায়েবেটিচৰ ফলত ওজন হ্ৰাস হ'ব পাৰে। লগতে কলেষ্টেৰল আৰু অস্বাস্থ্যকৰ চৰ্বিৰ বাবে ওজন দ্ৰুতগতিত বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। গতিকে আপুনি সময়ে সময়ে চেনিৰ স্তৰ, কলেষ্টেৰল পৰীক্ষা কৰা উচিত।


বুকু জ্বলা
কেতিয়াবা ভুল খাদ্য বা হজমৰ সমস্যাৰ বাবে বুকু জ্বলা হ'ব পাৰে। অৱশ্যে, যেতিয়া ই বাৰে বাৰে ঘটে, তেন্তে আপুনি ইয়াৰ প্ৰতি মনোযোগ দিয়া উচিত। বুকু জ্বলাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য দুৰ্বল হ'ব পাৰে।


সঘনাই মূৰৰ বিষ
যদি আপোনাৰ প্ৰায়ে মূৰৰ বিষ হয়, তেন্তে লগে লগে আপোনাৰ চিকিৎসকৰ ওচৰলৈ যাওক। কাৰণ বৰ্ধিত বয়সৰ সৈতে শৰীৰত বহুতো পৰিৱৰ্তন হয়। যিকোনো গুৰুতৰ ৰোগৰ আশংকা প্ৰতিহত কৰিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো নিশ্চিত কৰিব লাগে।


গাঁঠিৰ বিষ 
গাঁঠিৰ বিষৰ অৰ্থ হৈছে যে আপোনাৰ শৰীৰ দিনে দিনে দুৰ্বল হৈ আহিছে। এইখিনি বয়সত সাধাৰণতে শৰীৰত কেলছিয়ামৰ পৰিমাণ কমি যায়। ইয়াৰ লগতে থাকিব পাৰে আন কাৰণ। যিকোনো অসুবিধা পৰিহাৰ কৰিবলৈ ডাক্তৰৰ পৰামৰ্শ লওক, যাতে আপুনি সঠিক সময়ত চিকিৎসা লাভ কৰিব পাৰে।


সঘনাই প্ৰস্ৰাৱ
যদি আপোনাৰ প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰাত সমস্যা হয় আৰু দিনত কেইবাবাৰো ৱাছৰুমলৈ যায় তেনেহ'লে এয়া এক গুৰুত্বপূৰ্ণ সতৰ্কবাণীৰ লক্ষণ হ'ব পাৰে। দীৰ্ঘদিন এনে হ'লে  লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।


 কঁকালৰ বিষ


যদি আপোনাৰ ডিঙিৰ পৰা কঁকাললৈ অসহনীয় বিষ হয়, ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ মেৰুদণ্ডৰ হাড় দুৰ্বল হ'ব পাৰে। এইটো আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংশ। গতিকে কোনো ধৰণৰ অৱহেলা বিপজ্জনক প্ৰমাণিত হ'ব পাৰে।

Published by:Gautam Barman
First published: