কুঁহিয়াৰৰ ৰস মিঠা হোৱা সত্ত্বেও ইয়াত ফেটৰ পৰিমাণ খুবেই কম
কুঁহিয়াৰৰ ৰস মিঠা হোৱা সত্ত্বেও ইয়াত ফেটৰ পৰিমাণ খুবেই কম
কুঁহিয়াৰৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বহু ৰোগৰ বিৰুদ্ধে যুঁজাৰ শক্তি দিয়ে কুঁহিয়াৰৰ ৰসে। কুঁহিয়াৰৰ ৰস মিঠা হোৱা সত্ত্বেও ইয়াত ফেটৰ পৰিমাণ খুবেই কম। কুঁহিয়াৰৰ ৰসত অকণমান নেমুৰ ৰস আৰু অকণমান ক’লা নিমখ মিহলাই খালে খাবলৈ অধিক সুস্বাদু হয়। এই ৰসে শৰীৰত শক্তি যোগায় আৰু শৰীৰ ভালে ৰাখে। ইয়াৰ উপৰি ইয়াত আছে প্ৰচূৰ পৰিমাণৰ ফাইবাৰ। জণ্ডিছ, ৰক্তহীনতাৰ দৰে সমস্যাত অতি উপকাৰী কুঁহিয়াৰৰ ৰস।
মধুমেহ বা ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে
কুঁহিয়াৰৰ ৰসে আমাৰ শৰীৰত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডায়েবেটিছ থাকিলেও কুঁহিয়াৰৰ ৰস পান কৰা নিৰাপদ। কুঁহিয়াৰৰ ৰসত আছে প্ৰাকৃতিক মিঠা, ডায়েবেটিছ ৰোগৰ বাবে উপকাৰী।
লিভাৰ ভালে ৰাখে
যেতিয়া এজন লোকৰ জণ্ডিছ হয়, তেতিয়া তেওঁক কুঁহিয়াৰৰ ৰস দিয়া উচিত। কুঁহিয়াৰৰ ৰস লিভাৰৰ বাবে অত্যন্ত উপকাৰী। ই লিভাৰ সুস্থ ৰাখে আৰু লিভাৰক সঠিকভাৱে কাম কৰাত সহায় কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
কুঁহিয়াৰৰ ৰস পান কৰিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। শৰীৰত শক্তিশালী প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ ফলত বহু ৰোগৰ পৰা ৰক্ষা পোৱা যায়।
ওজন কমায়
কুঁহিয়াৰৰ ৰসত আছে প্ৰচূৰ পৰিমাণৰ ফাইবাৰ, যিয়ে ওজন কমোৱাত সহায় কৰে। ই শৰীৰৰ বিপজ্জনক কলেষ্টৰেলৰ মাত্ৰা কমায়, ওজন নিয়ন্ত্ৰণত ৰাখে আৰু হাৰ্ট ভালে ৰাখে।
উজ্জ্বল ছাল
গ্ৰীষ্মকালৰ চোকা ৰ’দ আৰু ঘামৰ বাবে ছালৰ উজ্জ্বলতা হ্ৰাস পায়। কুঁহিয়াৰৰ ৰসে ছালক সুস্থ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে।
ব্ৰন দূৰ কৰে
কুঁহিয়াৰৰ ৰসে ব্ৰনৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে। মুখৰ দাগৰ দূৰ কৰাৰ লগতে শৰীৰৰ বিষাক্ত টক্সিক উপাদান পৰিষ্কাৰ কৰে।
হাড় শক্তিশালী কৰে
কুঁহিয়াৰৰ ৰসত কেলচিয়াম, মেগনেচিয়াম, ফচফৰাছ, আইৰন আৰু পটাছিয়াম আছে – এইসমূহ উপাদান হাড়ৰ স্বাস্থ্যৰ বাবে ভাল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|