உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • দৈনিক সুৰাপান কৰে নেকি? যদি কৰে এই প্ৰতিবেদন আপোনাৰ বাবে! কেনে ধৰণৰ বিপদ হ’ব পাৰে জানি লওক

    দৈনিক সুৰাপান কৰে নেকি? যদি কৰে এই প্ৰতিবেদন আপোনাৰ বাবে! কেনে ধৰণৰ বিপদ হ’ব পাৰে জানি লওক

    চিকিৎসকৰসকলৰ ভাষাত ইয়াক এট্ৰিয়েল ফাইব্ৰিলেচন বোলা হয়। যিয়ে স্বাভাৱিক হাৰতকৈ হৃদস্পন্দন বৃদ্ধি কৰে।

    চিকিৎসকৰসকলৰ ভাষাত ইয়াক এট্ৰিয়েল ফাইব্ৰিলেচন বোলা হয়। যিয়ে স্বাভাৱিক হাৰতকৈ হৃদস্পন্দন বৃদ্ধি কৰে।

    চিকিৎসকৰসকলৰ ভাষাত ইয়াক এট্ৰিয়েল ফাইব্ৰিলেচন বোলা হয়। যিয়ে স্বাভাৱিক হাৰতকৈ হৃদস্পন্দন বৃদ্ধি কৰে।

    • Share this:
    ইমান দিনে নানা ধৰণৰ গৱেষণা আৰু চিকিৎসকৰ দাবী অনুসৰি আমি জানো যে প্ৰচূৰ পৰিমাণে মদ্যপান কৰাৰ বাবে হাৰ্ট ফেইলয়ৰ হোৱাৰ সম্ভাৱনা বাঢ়ে। চিকিৎসকৰসকলৰ ভাষাত ইয়াক এট্ৰিয়েল ফাইব্ৰিলেচন বোলা হয়। যিয়ে স্বাভাৱিক হাৰতকৈ হৃদস্পন্দন বৃদ্ধি কৰে। ইয়াত আৰু এটা বিষয় হ’ল, চিকিৎসা শাস্ত্ৰই সমৰ্থন কৰে যে কাৰো যদি হাৰ্টৰ সমস্যা আছে তেওঁলোকে যদি নিয়মত প্ৰতিদিনে এক নিৰ্দিষ্ট পৰিমাণৰ ৱাইন পান কৰে তেন্তে দীৰ্ঘদিন সুস্থ থাকিব পাৰে। কিন্তু নতুন সমীক্ষাই আন এটা কথাহে উল্লেখ কৰিছে। এই সমীক্ষাৰ দাবী, যদি কোনোৱে সিমিত পৰিমাণৰ মদ্যপান কৰে, স্বাস্থ্য কিমান ভালে ৰাখিব পাৰে তাৰ কোনো প্ৰমাণ নাই।

    ইউৰোপীয় হাৰ্ট জাৰ্নেলত প্ৰকাশিত গৱেষণাৰ ৰিপ’ৰ্টত দেখা গৈছে, যিসকলে নিয়মিত এক গ্লাছকৈ মদ্যপান কৰে তেওঁলোকৰ এলকহলত ১২ গ্ৰাম ইথানল থাকে যিয়ে ১২০ মিলিলিটাৰৰ ৱাইন গ্লাছৰ সমান বা ৩৩০ মিলিলিটাৰৰ বিয়েৰ গ্লাছৰ সমান। ৰিপ’ৰ্ট অনুসৰি, এই পৰিমাণৰ এলকহল এট্ৰিয়েল ফাইব্ৰিলেচনৰ কাৰণ হ’ব পাৰে। যাৰ ফলত অস্বাভাৱিক হাৰত হৃদস্পন্দন বাঢ়ি যায় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

    জাৰ্মানীৰ হেমবাৰ্গ–এপেনডৰ্ফ দ্য ইউনিভাৰ্ছিটী হাৰ্ট এণ্ড ভাস্কুলাৰ চেণ্টাৰৰ কাৰ্ডিঅ’লজিষ্ট ডিপাৰ্টমেণ্টৰ প্ৰফেচৰ ৰেনেট স্কেনবেলৰ নেতৃত্বত এই গৱেষণা কৰা হৈছিল। জনা গৈছে, এট্ৰিয়েল ফাইব্ৰিলেচনক লৈ হোৱা এইপৰ্যন্ত আটাইতকৈ বৃহৎ গৱেষণা এয়া। ৰিপ’ৰ্টত কোৱা হৈছে, এনে বহু লোক আছে যিসকলে প্ৰতিদিনে এক নিৰ্দিষ্ট পৰিমাণৰ মদ্যপান কৰি কৰি সেই মাত্ৰা বঢ়াই পেলায়। ইয়াৰ পিছত অতিৰিক্ত এলকহলৰ মাত্ৰাই হাৰ্ট ফেইলিয়ৰৰ সম্ভাৱনা বৃদ্ধি কৰে।
    Published by:Sanjay Kumar Das
    First published: