• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Foods can fight Alzheimer : পাহৰাটো এক ভয়ংকৰ ৰোগ ! হালধি হ'ব পাৰে আলঝেইমাৰক দূৰত ৰখাত অত্যন্ত উপকাৰী

Foods can fight Alzheimer : পাহৰাটো এক ভয়ংকৰ ৰোগ ! হালধি হ'ব পাৰে আলঝেইমাৰক দূৰত ৰখাত অত্যন্ত উপকাৰী

Image/shutterstock

Image/shutterstock

foods can fight Alzheimer : আলঝেইমাৰ ৰোগৰ কোনো নিৰাময়ৰ ব্যৱস্থা বৰ্তমানলৈ ওলোৱা নাই, কিন্তু আমি গ্ৰহণ কৰা খাদ্যত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিলে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। আহাৰত কম বয়সৰ পৰাই এইবোৰ অন্তৰ্ভুক্ত কৰিব লাগে।

  • Share this:
আলঝেইমাৰ (Alzheimer)ৰ ৰোগ সাধাৰণতে স্মৃতি শক্তি হ্ৰাস (Memory Loss)ৰ সৈতে আৰম্ভ হয়। লাহে লাহে ই মানুহৰ পাহৰা কাৰ্যটো এটা অভ্যাসত পৰিণত কৰে আৰু সময়ৰ লগে লগে এই সমস্যাটো অধিক জটিল হৈ পৰে। কাৰোবাৰ নাম পাহৰি যোৱা বা কথা কোৱাৰ সময়ত কথাত আউল লগাটো ইয়াৰ প্ৰাৰম্ভিক লক্ষণ। পিছত এইটো এটা অভ্যাস হৈ পৰে আৰু ই এক মানসিকভৱেও অশান্তি সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। ৰোগটো সাধাৰণতে বৃদ্ধলোকসকলৰ মাজত বেছিকৈ হোৱা দেখা যায়, কিন্তু ইয়াৰ লক্ষণবোৰ বহু আগতে পৰা ৰোগীজনৰ দেহত দেখা যায়। উদ্বেগ, হতাশা, মানসিক চাপ আদি পৰিৱেশ পৰিস্থিতিত আনকি কম বয়সীয়ালোকৰো এই স্মৃতি বিভ্ৰম ৰোগ হয়। আজিকালি, কোৰোণাৰ ত্ৰাস বাবে মানুহৰ মাজত যথেষ্ট মানসিক চাপ বৃদ্ধি পাইছে যাৰ ফলত বহু লোকৰ স্মৃতিশক্তি হ্ৰাসৰ দৰে সমস্যা হ'বলৈ ধৰিছে।

এএছটিৰ প্ৰতিবেদন অনুসৰি, যিহেতু আলঝেইমাৰ ৰোগৰ কোনো নিৰাময়ৰ ব্যৱস্থা বৰ্তমানলৈ ওলোৱা নাই,  গতিকে আমি গ্ৰহণ কৰা খাদ্যত (Foods can fight Alzheimer) কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিলে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ বাবে, এই বস্তুবোৰ আপোনাৰ আহাৰত কম বয়সৰ পৰাই অন্তৰ্ভুক্ত কৰিব লাগে।

আলঝেইমাৰৰ পৰা বাছি থকাৰ উপায় :

অমেগা 3 ফেটি এচিড (Omega-3 fatty acids)- স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ, আপুনি প্ৰায়ে অমেগা 3 ফেটি এচিড ব্যৱহাৰৰ কথা নিশ্চয় শুনিছে। ইয়াত এণ্টিঅক্সিডেণ্ট আৰু খজুৱতি হ্ৰাস কৰাৰ গুণ আছে। মাছ, আখৰোট, চিয়া ছীড, জলফাই তেল আদিত অমেগা 3 ফেটি এচিড প্ৰচুৰ পৰিমাণে পোৱা যায়।

ভিটামিন চি আৰু ই থকা খাদ্য - ভিটামিন 'চি' আৰু ভিটামিন 'ই'  (Vitamin C and E) যুক্ত  আহাৰ আলঝেইমাৰৰ আশংকা হ্ৰাস কৰা আৰু স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰিব লাগে। ইয়াত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট (Antioxidants) থাকে, যি ফ্ৰি ৰেডিকেল গঠন হোৱাত বাধা দিয়ে। আপেল, ব্লুবেৰী, আঙুৰ, গজালি ওলোৱা বুট-মগু, বন্ধাকবি,  বীন, পিয়াজ, পালেং শাক, মটৰ আদিত ভিটামিন চি আৰু ই প্ৰচুৰ পৰিমাণে পোৱা যায়।

ফলেট- ভিটামিন 'বি' (Vitamin -B)ৰ স্মৃতিশক্তিৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে। ভিটামিন B, বিশেষকৈ ফলেটত বহু পৰিমাণে এমিনো এচিড (Amino Acid) পোৱা যায় যি মগজুৰ শক্তি বৃদ্ধি কৰে। সেউজীয়া শাক-পাচলি আৰু বীনত যথেষ্ট পৰিমাণে ফলেট থাকে।

হালধি (Turmeric)- বহু গৱেষণাত এইটো পোহৰলৈ আহিছে যে হালধিত বহু পৰিমাণে এণ্টেঅক্সিডেণ্ট পোৱা যায়, যি মনাসিক স্বাস্থ্যক ভাল কৰি ৰাখিব পাৰে। ই মগজুৰ কাৰ্যক্ষমতাও বৃদ্ধিত সহায় কৰে।

ব্লুবেৰী (Blueberry)- ব্লুবেৰীৰ আওতাত কেইবাবিধো ফল আহে, যেনে-জামু, ষ্ট্ৰবেৰী, ব্লেকবেৰী আদি। এই লবোৰক এণ্টিঅক্সিডেণ্টৰ পাৱাৰহাউছ বোলা হয়। ই অক্সিডেটিভ ষ্ট্ৰেছ কম কৰে আৰু মগজুৰ ক্ষমতা বৃদ্ধি কৰে।
Published by:Manjumoni Borah
First published: