মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Tomato Juice: যদি আপুনি হাই ব্লাড প্ৰেচাৰত ভুগি আছে, তেন্তে প্ৰতিদিনে খাওক এগিলাচ বিলাহীৰ ৰস ! কেইদিনমানৰ ভিতৰতেই পাব সুফল ...

Tomato Juice: যদি আপুনি হাই ব্লাড প্ৰেচাৰত ভুগি আছে, তেন্তে প্ৰতিদিনে খাওক এগিলাচ বিলাহীৰ ৰস ! কেইদিনমানৰ ভিতৰতেই পাব সুফল ...

News18 Assam | News18-Assam
Updated:June 22, 2021, 1:28 PM IST
Tomato Juice: যদি আপুনি হাই ব্লাড প্ৰেচাৰত ভুগি আছে, তেন্তে প্ৰতিদিনে খাওক এগিলাচ বিলাহীৰ ৰস ! কেইদিনমানৰ ভিতৰতেই পাব সুফল ...
Image Credit : Shutterstock

হাই ব্লাড প্ৰেচাৰৰ বাবে ঘৰুৱা প্ৰতিকাৰ হিচাপে দৈনিক বিলাহীৰ ৰস খাওক। ইয়ে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো বিশেষভাৱে সহায় কৰিব ।

  • Share this:
Tomato Juice For Blood Pressure: হাই ব্লাড প্ৰেচাৰক Silent Killer হিচাপে জনা যায় । দৰাচলতে, বেছিভাগ সময়তে ই আগতীয়া সতৰ্কবাণীৰ লক্ষণ প্ৰদান নকৰে কিন্তু যেতিয়া ই অনিয়ন্ত্ৰিত আৰু বিপদজনক স্তৰত উপনীত হয় তেতিয়াহে মানুহে ইয়াৰ বিষয়ে জানিব পাৰে। এনে পৰিস্থিতিৰ পৰা বাছি থাকিবলৈ সঠিক সময়ত চিকিৎসকৰ পৰামৰ্শৰ অতি প্ৰয়োজন। যদি আপুনি হাই ব্লাড প্ৰেচাৰৰ ৰোগী হয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ ল'ব বিচাৰে তেনেহ'লে দৈনিক এগিলাচ বিলাহীৰ ৰস খাওক । এনডিটিভিৰ মতে, গৱেষণাই দেখুৱাইছে যে বিলাহীৰ ৰসে ব্লাড প্ৰেচাৰ হ্ৰাস কৰাৰ লগতে কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু কঠিন ৰোগ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

এনেদৰে বনাওক -

ইয়াক প্ৰস্তুত কৰিবলৈ আপুনি ৩টাৰ পৰা ৪টা বিলাহী মিক্সীত গ্ৰাইণ্ড কৰি অলপ পানী মিহলাই চাকি লওক । নিমখ অবিহনে ইয়াক খোৱাটো বেছি উপকাৰী। কিছুমান লোকে বজাৰত উপলব্ধ পেকেটৰ ৰস ব্যৱহাৰ কৰে, কিন্তু সংৰক্ষন কৰি ৰখা তেনে ৰস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে ঘৰতেই এই জুচ বনাই সেৱন কৰাটো ভাল।

কেনেদৰে নিয়ন্ত্ৰণ কৰে -

দৰাচলতে, বিলাহীৰ ৰসত আন সকলো ৰঙা ফলত লাভ কৰা বায়ো এক্টিভ তত্ব যেনে কেৰোটিনইড, ভিটামিন এ, কেলচিয়াম আৰু এমিনোবুট্ৰিক এচিড আদি থাকে । ই হৃদৰোগ নিৰাময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে ইয়াত লাইকোপেন যথেষ্ট পৰিমাণে থাকে, যি এটা এণ্টিঅক্সিডেণ্ট উপাদান।

ইয়াৰ অন্যান্য লাভালাভসমূহ -

যদি আপুনি দৈনিক বিলাহীৰ ৰস খায়, ইয়াৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। এইটো চকু আৰু ছালৰ বাবেও যথেষ্ট ভাল। ইয়াত থকা ভিটামিনৰ প্ৰকাৰে প্ৰদাহ হ্ৰাস কৰে আৰু আপোনাৰ কোষবোৰক মুক্ত ৰেডিকেলৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰে। বিলাহীৰ ৰসত ভিটামিন চি, ভিটামিন বি আৰু পটাছিয়ামৰ দৰে বহু গুৰুত্বপূৰ্ণ পুষ্টি থাকে, যি স্বাস্থ্যৱান শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।
Published by: Kokil Sarma
First published: June 22, 2021, 1:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি