হাই প্ৰেচাৰৰ সমস্যা আছে? সকাহ পাবলৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৫বিধ খাদ্য

News18 Assam | News18-Assam
Updated:February 16, 2021, 4:39 PM IST
হাই প্ৰেচাৰৰ সমস্যা আছে? সকাহ পাবলৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই ৫বিধ খাদ্য
যেতিয়া তেজে ধমনীৰ ওপৰত উচ্চ হাৰত চাপ দিয়ে তেতিয়া ৰক্তচাপৰ স্তৰ বৃদ্ধি পায় আৰু আপুনি উচ্চ ৰক্তচাপত ভোগে। ইয়াত চিকিৎসকৰ পৰামৰ্শৰ সৈতে আপুনি আপোনাৰ খাদ্যৰ তালিকাতো কিছু পৰিৱৰ্তন আনি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে।

যেতিয়া তেজে ধমনীৰ ওপৰত উচ্চ হাৰত চাপ দিয়ে তেতিয়া ৰক্তচাপৰ স্তৰ বৃদ্ধি পায় আৰু আপুনি উচ্চ ৰক্তচাপত ভোগে। ইয়াত চিকিৎসকৰ পৰামৰ্শৰ সৈতে আপুনি আপোনাৰ খাদ্যৰ তালিকাতো কিছু পৰিৱৰ্তন আনি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে।

  • Share this:
সাম্প্ৰতিক সময়ত উচ্চ ৰক্তচাপ এক সচৰাচৰ সমস্যা হৈ পৰিছে। আমাৰ জীৱনশৈলীৰ বেয়া দিশসমূহ, খাদ্যভ্যাস, অনিদ্ৰা আৰু চাপৰ বোজাৰ ফলত আমাৰ শৰীৰত বহু ৰোগৰ জন্ম হয় আৰু ইয়াৰ ভিতৰত এক অন্যতম ৰোগ হৈছে উচ্চ ৰক্তচাপ। ইয়াৰ ফলত সঘনাই ভাগৰ লগা, বুকুৰ বিষ আৰু উশাহ চুটি হয়। উচ্চৰক্তচাপৰ ফলত শিৰাৰ বেৰসমূহত তেজৰ চাপ বৃদ্ধি হয়। যদিহে এই উচ্চ ৰক্তচাপৰ চিকিৎসা সময়ত কৰা নহয়, তেন্তে ই অধিক মাৰাত্মক হৈ পৰে |

দৰাচলতে, উচ্চ ৰক্তচাপ তেতিয়া হয় যেতিয়া তেজে ধমনীৰ বেৰত অধিক চাপ দিয়ে আৰু ৰক্তচাপৰ স্তৰ বৃদ্ধি কৰে। চিকিৎসকৰ পৰামৰ্শৰ সৈতে আপুনি আপোনাৰ খাদ্যভ্যাসত কিছু পৰিৱৰ্তন আনি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াত আমি আপোনাক ৫বিধ খাদ্যৰ বিষয়ে অৱগত কৰাম যিয়ে আপুনি আহাৰত অন্তৰ্ভূক্ত কৰি উচ্চ ৰক্ত চাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

1. সেউজীয়া শাক- পাচলি গ্ৰহণ

আপোনাৰ দৈনিক আহাৰত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক। সেউজীয়া শাক-পাচলি পুষ্টি আৰু ফাইবাৰেৰে সমৃদ্ধ, যি প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ স্বাস্থ্যৰ বাবে লাভজনক। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ, আপোনাৰ দৈনিক আহাৰত পালেং শাক, বন্ধাকপি, লেটুছ, ভেন্দী, বেল পেপাৰ, বীন আদি অন্তৰ্ভূক্ত কৰক। সেউজীয়া শাক-পাচলিয়ে অতিৰিক্ত ছ'ডিয়াম নিয়ন্ত্ৰণ কৰাটো কাম কৰে।

2. ৰাতিপুৱাৰ আহাৰত ওটচ অন্তৰ্ভূক্ত কৰক -

আপুনি ওটছৰ সৈতে আপোনাৰ দিনটো আৰম্ভ কৰিব পাৰে । ওটচ হৈছে এক অতি স্বাস্থ্যকৰ খাদ্য, ওটছত বৃহৎ পৰিমাণৰ ফাইবাৰ থাকে, লগতে ইয়াত ফেটৰ কম পৰিমাণে থাকে । এই দুটা সংমিশ্ৰণৰ খাদ্য আপোনাৰ স্বাস্থ্য আৰু ৰক্তচাপ দুয়োটাৰে বাবে উত্তম ।

3. কিৱি আপোনাৰ শৰীৰৰ বাবে অত্যন্ত লাভজনক -

কিৱিক চুপাৰফুডৰ শাৰীত ৰাখিব পৰা যায়। ইয়াক খাবলৈ যিমান ভাল লাগে সিমানে ই স্বাস্থ্যৰ বাবেও লাভজনক। দিনে ২ ৰ পৰা ৩ টা কিৱি খালে ই উচ্চ ৰক্তচাপৰ চিকিৎসাত সহায় কৰে | লগতে ই পাচন আৰু ইমিউনিটি বুষ্ট কৰাতো সহায় কৰে ।

4. নহৰু ব্যৱহাৰ কৰক -

আপোনাৰ আহাৰত নহৰু অন্তৰ্ভূক্ত কৰক, ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। যদি আপুনি ৰাতিপুৱা খালী পেটত পানীৰে কেঁচা নহৰু ব্যৱহাৰ কৰে, ই আপোনাক যথেষ্ট উপকৃত কৰিব।

5. দৈ খাওক -
উচ্চ ৰক্ত চাপ উপশম কৰিবলৈ আপোনাৰ আহাৰত কম ফেট যুক্ত দৈ অন্তৰ্ভুক্ত কৰক। ই কেলচিয়াম সমৃদ্ধ আৰু ৰক্তচাপৰ স্তৰ নিয়ন্ত্ৰণ কৰে।

এনেদৰে আপুনি মুক্ত হৈ থাকক উক্ত ৰক্ত চাপৰ পৰা।
First published: February 16, 2021, 4:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি