உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Risk Of Death : অনিদ্ৰা বা পৰ্যাপ্ত টোপনিৰ অভাৱো হ'ব পাৰে আকস্মিক মৃত্যুৰ কাৰণ । কিয় কয় বিশেষজ্ঞসকলে ?

    Risk Of Death : অনিদ্ৰা বা পৰ্যাপ্ত টোপনিৰ অভাৱো হ'ব পাৰে আকস্মিক মৃত্যুৰ কাৰণ । কিয় কয় বিশেষজ্ঞসকলে ?

    পৰ্যাপ্ত টোপনিৰ অভাৱ অথবা অনিদ্ৰাও হ'ব পাৰে আপোনাৰ আকস্মিক মৃত্যুৰ কাৰণ। ভাল টোপনিৰ অভাৱৰ বাবেই মানুহে শাৰীৰিক আৰু মানসিক সমস্যাত ভোগে।

    পৰ্যাপ্ত টোপনিৰ অভাৱ অথবা অনিদ্ৰাও হ'ব পাৰে আপোনাৰ আকস্মিক মৃত্যুৰ কাৰণ। ভাল টোপনিৰ অভাৱৰ বাবেই মানুহে শাৰীৰিক আৰু মানসিক সমস্যাত ভোগে।

    পৰ্যাপ্ত টোপনিৰ অভাৱ অথবা অনিদ্ৰাও হ'ব পাৰে আপোনাৰ আকস্মিক মৃত্যুৰ কাৰণ। ভাল টোপনিৰ অভাৱৰ বাবেই মানুহে শাৰীৰিক আৰু মানসিক সমস্যাত ভোগে।

    • Share this:
    Study Says Poor Sleep Habit Risk Of Death : মানুহৰ শৰীৰৰ বাবে পৰ্যাপ্ত টোপনি (Sound Sleep) অতি প্ৰয়োজন। চিকিৎসকে প্ৰতিজন সাধাৰণ ব্যক্তিক ৬ ৰ পৰা ৮ ঘণ্টা টোপনি যোৱাৰ পৰামৰ্শ দিয়ে। পৰ্যাপ্ত টোপনি যোৱাটোৱে আমাৰ শৰীৰৰ ঘড়ী (Body Clock) সঠিককৈ ৰাখে আৰু সমগ্ৰ জীৱনশৈলীৰ ওপৰতে প্ৰভাৱ পেলায়। আনহাতে যদি আপুনি নিশা ভাল টোপনি নাযায়, ইয়াৰ ফলত বহুতো শাৰীৰিক আৰু মানসিক সমস্যাই দেখা দিব পাৰে। চিএনএন হেল্থত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, যিসকল লোকে নিতৌ সঠিককৈ শুব নোৱাৰে বা কম টোপনি যায় তেওঁলোকৰ ডিমেনচিয়া (Dementia) নামৰ ৰোগ হোৱাৰ আশংকা যথেষ্ট বৃদ্ধি হয়। তদুপৰি কম টোপনিয়ে আমাৰ শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলত আগতীয়া মৃত্যুৰ দৰে কাৰণো হ'ব পাৰে পৰ্যাপ্ত টোপনিৰ অভাৱ।

    এই সন্দৰ্ভত হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ এগৰাকী ঔষধ প্ৰশিক্ষক ৰেবিকা ৰবিনছনে কয় যে অধ্যয়নত প্ৰকাশিত তথ্যবোৰৰ ভিত্তিত এনে লাগে যে প্ৰতিটো নিশাৰ টোপনি আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ সুন্দৰ টোপনি যোৱাৰ ফলত আমাৰ স্নায়বিক প্ৰণালীয়ে সঠিকভাৱে কাম কৰে আৰু লগতে অকাল মৃত্যুৰ আশংকা যথেষ্ট হ্ৰাস কৰে। বিশ্বজুৰি কম টোপনি আৰু ডিমেনচিয়াৰ ফলত আগতীয়া মৃত্যুৰ মাজৰ সম্পৰ্কক লৈ বিশেষজ্ঞসকল বাৰুকৈয়ে বিচলিত।

    ৱৰ্ল্ড শ্লিপ চছাইটিয়ে (World Sleep Society) কৈছে যে বিশ্বৰ ৪৫ শতাংশ লোকৰ বাবে কম টোপনি সঁচাকৈয়ে বিপদজনক। প্ৰতিবেদনখনত প্ৰকাশ পাইছে যে ৫ ৰ পৰা ৭ কোটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকে টোপনিৰ বিকাৰ, শ্লিপ এপনিয়া, অনিদ্ৰা আৰু অস্থিৰ ভৰিৰ লক্ষণৰ দৰে ৰোগত ভুগি আছে। চিডিএছে ইয়াক ৰাজহুৱা স্বাস্থ্যৰ সমস্যা বুলি অভিহিত কৰিছে। ইয়াৰ কাৰণ হৈছে কম টোপনিৰ এই সমস্যাটো চুগাৰ, ষ্ট্ৰোক, কাৰ্ডিওভাস্কুলাৰ ৰোগ আৰু ডিমেনচিয়াৰ সৈতেও সম্পৰ্কিত।বিশেষজ্ঞসকলে এই অধ্যয়নটোৰ বাবে ২০১১ ৰ পৰা ২০১৮ চনলৈ বহুতো লোকৰ টোপনিৰ অভ্যাস সংগ্ৰহ আৰু পৰীক্ষা কৰিছিল। এই কথা পোহৰলৈ আহিছিল যে যিসকল লোক অনিদ্ৰাৰ বলি হৈছে সেইসকলে প্ৰায় প্ৰতি নিশা এনে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। উল্লেখ্য যে, জাৰ্নেল অফ শ্লিপ ৰিচাৰ্ছত প্ৰকাশিত এই গৱেষণাটোৰ বিশ্লেষণ ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু বয়স বৃদ্ধি অধ্যয়নৰ দ্বাৰা কৰা হৈছিল।
    Tags - Poor Sleep, Risk Of Death, Dementia, early death, অনিদ্ৰা, মৃত্যুৰ কাৰণ, ডিমেনচিয়া, আগতীয়া মৃত্যু
    https://hindi.news18.com/news/lifestyle/health-news-study-says-poor-sleep-lead-to-dementia-and-early-death-bgys-3633441.html
    Published by:Manjumoni Borah
    First published: