Side Effects Of Tea: এদিনত আপুনি কিমান কাপ চাহ খায়? তেন্তে এই সমস্যা সমূহৰে যুঁজিবলৈ সাজু হওক

যদিহে প্ৰতিদিনে অত্যাধিক পৰিমাণে চাহ খোৱাৰ অভ্যাস আপোনাৰো আছে তেন্তে সাৱধান হওক । আপোনাৰ এই অভ্যাসে আপোনাৰ শৰীৰলৈ কঢ়িয়াব পাৰে এইসমূহ ৰোগ।
যদিহে প্ৰতিদিনে অত্যাধিক পৰিমাণে চাহ খোৱাৰ অভ্যাস আপোনাৰো আছে তেন্তে সাৱধান হওক । আপোনাৰ এই অভ্যাসে আপোনাৰ শৰীৰলৈ কঢ়িয়াব পাৰে এইসমূহ ৰোগ।
- News18 Assam
- Last Updated: February 22, 2021, 3:43 PM IST
কিন্তু চাহৰ ভাল গুণৰ সৈতে আছে বহু বেয়া গুণো। যদি আপুনি দিনে কেইবা কাপ চাহ খাই, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। যদিও কম পৰিমাণত চাহ খোৱা স্বাস্থ্যৰ বাবে লাভজনক কিন্তু প্ৰতিদিনে ৩ৰ পৰা ৪কাপতকৈ অধিক চাহ খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে ।
হেল্থলাইনৰ বাতৰি অনুসৰি, চাহত কেফেইন থাকে। যদি আপুনি দিনে কেইবা কাপ চাহ খায় তেন্তে সাৱধান হোৱাৰ প্ৰয়োজন আছে। আপোনাৰ এই অভ্যাস বহু ৰোগৰ কাৰণ হৈ পৰিব পাৰে। দৰাচলতে চাহত কেফিনৰ সৈতে ফ্ল'ৰাইড আৰু ফ্লেভনিয়ড থাকে যিয়ে হৃদৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে। লগতে অত্যাধিক হাৰত চাহ খোৱা অভ্যাসৰ ফলত হ'ব পৰা কিছুমান গুৰুতৰ স্বাস্থ্য জনিত সমস্যা।
- দেহত আইৰনৰ শোষণ ক্ষমতা নিম্ন হৈ পৰাঃ টেনিন হৈছে চাহৰ এক ৰাসায়নিক উপাদান। যি অধিক পৰিমাণত খালে শৰীৰৰ আইৰণ অৰ্থাৎ লোৰ শোষণ ক্ষমতা হ্ৰাস পায়।
- বুকুৰ জ্বলা পুৰা কৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে ঃ অত্যাধিক চাহ খোলে আপোনাৰ বুকুত জ্বলা পুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে। কিয়নো অধিক হাৰত চাহ খালে এচিড ৰিফ্লাক্সৰ সমস্যা হ'ব পাৰে। এইবোৰে শৰীৰৰ অন্ত্ৰত এচিডৰ উৎপাদন বৃদ্ধি কৰিব পাৰে । গতিকে যদি আপুনি বুকুৰ জ্বলা পুৰা অনুভৱ কৰিছে তেন্তে সীমিত কৰক আপোনাৰ চাহ খোৱাৰ পৰিমাণ।
- মূৰৰ বিষৰ সমস্যা -কেফিনৰ গ্ৰহণে কিছু প্ৰকাৰৰ মূৰৰ বিষ উপশম কৰাত সহায় কৰিব পাৰে। অৱশ্যে, যেতিয়া ইয়াক অত্যাধিক হাৰত গ্ৰহণ কৰা হয় তেতিয়া ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে । চাহৰ পৰা নিয়মীয়াকৈ কেফিন খালে, ই পুনৰ মূৰৰ বিষ হোৱাত অৰিহণা যোগাব পাৰে । বহু সময়ত চাহ খালে ই মূৰৰ বিষ সৃষ্টি কৰিব পাৰে।
- কিছুমান ঔষধৰ প্ৰভাব ক্ষতি কৰেঃ অধিক পৰিমাণত চাহ খালে, ঔষধৰ কাৰ্য ক্ষতি কৰে। আচলতে,বহুসময়ত চাহৰ ফলত বহু ঔষধৰ বিৰূপ প্ৰতিক্ৰিয়া ঘটে আৰু ফলত আপোনাৰ শৰীৰত সেই ঔষধৰ কাৰ্য ক্ষমতা হ্ৰাস হ'ব পাৰে।
- এণ্টিবায়টিকৰ কাৰ্য ক্ষমতা হ্ৰাস কৰিব পাৰেঃ অধিক হাৰত চাহ খালে শৰীৰত এণ্টিবায়'টিকৰ কাৰ্যক্ষমতা হ্ৰাস পায়। যদি আপুনি এণ্টিবায়'টিকৰ সৈতে চাহ খায় তেন্তে কিছুমান এণ্টিবায়'টিকৰ কাৰ্যকাৰিতা হ্ৰাস হ'ব পাৰে ।