আপুনিও ব্যৱহাৰ কৰে নেকি Microwave? এই কথা জনাৰ পাছত আপুনি আজিয়েই পাকঘৰৰ পৰা আঁতৰাব Oven!

News18 Assam | News18-Assam
Updated:June 9, 2021, 2:59 PM IST
আপুনিও ব্যৱহাৰ কৰে নেকি Microwave? এই কথা জনাৰ পাছত আপুনি আজিয়েই পাকঘৰৰ পৰা আঁতৰাব Oven!
আমাৰ পুষ্টিভৰ্তি খাদ্য মাইক্ৰ'ৱেভত ৰাখো, বৈদ্যুতিক তাপে সেইবোৰক 'মৃত খাদ্য'লৈ ৰূপান্তৰ কৰে।

আমাৰ পুষ্টিভৰ্তি খাদ্য মাইক্ৰ'ৱেভত ৰাখো, বৈদ্যুতিক তাপে সেইবোৰক 'মৃত খাদ্য'লৈ ৰূপান্তৰ কৰে।

  • Share this:
Side Effects Of Microwave: প্ৰযুক্তি আৰু যান্ত্ৰিকতাৰ সমান্তৰালকৈ আমাৰ দৈনন্দিন জীৱনতো পৰিছে ন ন প্ৰভাৱ। আধুনিক পৃথিৱীত খাদ্য প্ৰকৰণৰ ক্ষেত্ৰতো সংযোজিত হৈছে বহু নতুন সা-সৰঞ্জাম অথবা কৌশলী উদ্ভাৱন। বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকৰ ঘৰৰ পাকঘৰতে উপলব্ধ হৈছে মাইক্ৰ'ৱেভ (Microwave)। খাদ্য প্ৰকৰণ প্ৰণালীক সহজ কৰি তোলাৰ ক্ষেত্ৰত যেন বাধ্যতামূলকৰূপে বিবেচিত হৈছে মাইক্ৰ'ৱেভ। অতি কম সময়তে খাদ্য তৈয়াৰ কৰাৰ ক্ষেত্ৰত পাকৈত ৰূপে পৰিচিত মাইক্ৰ'ৱেভ অভেনে আপোনাক স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলাই সেয়া আপুনি হয়তো নাজানে বা বুজিবলৈও চেষ্টা কৰা নাই।

ইয়াত খাদ্য প্ৰস্তুত, খাদ্য গৰম কৰাৰ বাবে কম সময় লাগে আৰু বৰ বিশেষ পৰিশ্ৰম কৰাৰো প্ৰয়োজন নাথাকে। কিন্তু আপুনি জানেনে যে এই বৈদ্যুতিক আহিলাবিধে আপোনাৰ পাকঘৰক যিমানেই আধুনিক নকৰক কিয় স্বাস্থ্যৰ বাবে ই হ'ব পাৰে অত্যন্ত ক্ষতিকাৰক। মেডিকেল ডেইলীৰ এক প্ৰতিবেদনত এজন প্ৰখ্যাত চিকিৎসক ডাঃ যোচেফ মৰ্কিওলাই কৈছে যে, দৰাচলতে যেতিয়া আমি আমাৰ পুষ্টিভৰ্তি খাদ্য মাইক্ৰ'ৱেভত ৰাখো, বৈদ্যুতিক তাপে সেইবোৰক 'মৃত খাদ্য'লৈ ৰূপান্তৰ কৰে। খাদ্যসমূহ মাইক্ৰ'ৱেভলৈ যোৱাৰ লগে লগে, ইয়াত থকা পানীৰ মলিকুলবোৰ দ্ৰুতগতিত বাউন্স হয়, যাৰ ফলত খাদ্য দ্ৰুতগতিত গৰম হয়। এই প্ৰক্ৰিয়াটোৱে খাদ্যৰ পুষ্টিৰ গাঁথনি সলনি কৰে আৰু ইয়াৰ সকলো পুষ্টি ক্ষতিকাৰক উপাদানত পৰিণত হয়।

ই আৰু অধিক বিপজ্জনক

বহু গৱেষণাই এইটোও প্ৰকাশ কৰিছে যে মাইক্ৰ'ৱেভ অভেনৰ নিয়মীয়া ব্যৱহাৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে। যদি গৰ্ভৱতী মহিলাগৰাকীয়ে ইয়াত গৰম কৰা খাদ্য গ্ৰহণ কৰে, কেঁচুৱাটোৰ ক্ষেত্ৰত জন্মগতভাৱে বহু সমস্যাই দেখা দিব পাৰে। ইয়াৰ উপৰি, মাইক্ৰ'ৱেভৰ নিৰন্তৰ ব্যৱহাৰে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। তদুপৰি, ইয়াৰ ব্যৱহাৰৰ ফলত বহু লোকৰ উচ্চ ৰক্তচাপৰ সমস্যাও বৃদ্ধি হোৱা দেখা যায়।

এইসমূহ জনাটোও গুৰুত্বপূৰ্ণ

- যেতিয়া আপুনি প্লাষ্টিকত আহাৰ গৰম কৰে, ই খাদ্যত কাৰ্চিনোজেন্স প্ৰস্তুত কৰে, যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।

- মাইক্ৰ'ৱেভৰ তাপৰ ফলত খাদ্যত বহুতো বিষাক্ত ৰাসায়নিক পদাৰ্থ যেনে বিপিএ, পলিথিলিন টাৰ্পেথলেট, বেঞ্জোন আদি প্ৰস্তুত হয়।

- ৰাছিয়ান গৱেষণাৰ তথ্যত দেখা গৈছে যে মাইক্ৰ'ৱেভত গাখীৰ আৰু খাদ্য গৰম কৰিলে আপোনাৰ লোহিত ৰক্ত কণিকা হ্ৰাস হয় আৰু শ্বেত ৰক্ত কণিকা বৃদ্ধি হয়। কেৱল সেয়াই নহয়, কলেষ্ট'ৰেলও উচ্চ হৈ পৰে। মাইক্ৰ'ৱেভৰ বিকিৰণৰ ফলত তেজ আৰু হৃদস্পন্দন দুয়োটাই প্ৰভাৱিত হয়।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 2:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি